Saturday, November 2, 2019

জ্ঞান পূজাৰীৰ কবিতাত বিপ্লৱী সত্তা ( সংগ্ৰহ )


ৰূপান্তৰৰ মাজেৰেহে সমাজৰ উত্তৰণ সম্ভৱ। তেনে তাড়নাত বশৱৰ্তী হোৱা পৃথিৱীৰ সকলো লেখকৰ সৃষ্টিকৰ্মতে তেওঁলোকৰ বিপ্লৱী সত্তা প্ৰকট হৈ উঠিছে। অসমীয়া কাব্য সাহিত্যতো সামাজিক দায়বদ্ধতাৰ প্ৰতি মোহাবিষ্ট কবিসকলৰ কবিতাত সমাজৰ শোষণ, বঞ্চনা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ নিষ্পেষণৰ বাবেই বিপ্লৱৰ অনুভূতিয়ে কাব্যময় ৰূপ লাভ কৰিছে।অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি অজিৎ বৰুৱাৰ দৰে কবিৰ উত্তৰসূৰী জ্ঞান পূজাৰীৰ কবিতাতো বিপন্ন স্বদেশ-স্বজাতিৰ বেদনাত বিপ্লৱানুভূতি উদ্বেলিত হৈ উঠিছে।

‘এজন কবি’

শত সহস্ৰ নিপীড়িত মানুহৰ মুক্তিৰ প্ৰাচীন ইচ্ছাক

ৰক্তস্ৰাৱী সংগ্ৰামৰ ৰূপ দিছিল

নাম

নাম তেওঁৰ মাও ছে টুং

ইয়াত স্বদেশ

চাবুকৰ আঘাতত জৰ্জৰিত স্বদেশ

(মোৰ দেশ মানুহৰ দেশ)

এনেকৈয়ে মাৰ্ক্স, লেনিন,মাওৰ দৃষ্টিভংগীৰে কবি জ্ঞান পূজাৰীয়ে তেওঁৰ কবিতাৰ শব্দবোৰ সুসজ্জিত কৰি গঢ়ি তুলিছে।"দুঃসাহসৰ  সময়"ৰ মাজতে জীৱনৰ সত্যানুসন্ধান কৰা কবিজনে যেতিয়াই স্বদেশ-স্বজাতিৰ দুখ-যন্ত্ৰণাক উপলব্ধি কৰিছে তাতেই স্পন্দিত হৈ উঠিছে তেওঁৰ সংগ্ৰামী আদৰ্শই।

জ্ঞান পূজাৰীৰ কবিতাত যি বিপ্লৱী সত্তা গঢ়লৈ উঠিছে সেয়া সুগভীৰ জীৱনবোধ আৰু সমাজ-বীক্ষাক কেন্দ্ৰ কৰি।কবিৰ কাব্য ধাৰা লক্ষ্য কৰিলে দেখা যায় “দুঃসাহসৰসময়"ৰ পৰা আৰম্ভ কৰি "মেঘমালাৰ ভ্ৰমণ"লৈকে তেওঁৰ কাব্য গ্ৰন্থকেইখনৰ কবিতাসমূহত বিপ্লৱৰ প্ৰাণস্পন্দন অনুভূত হয় যদিও তেওঁ জীৱনৰ আদিছোৱা সময়ৰ কবিতাত সেই স্ফুলিংগ অধিক ৰূপত তিৰবিৰাই উঠিছিল।

এটা পৰিৱৰ্তনশীল সময়ত জন্ম হৈছিল কবি জ্ঞান পূজাৰী।স্বাধীন ভাৰতৰ স্বাধীন শাসন ব্যৱস্থাটোৰ পৰা আঁতৰি স্বাধীনতাৰ প্ৰাককালৰ পৰা গঢ়ি উঠা কমিউনিষ্ট ভাবাদৰ্শই বহুজনক আকৰ্ষিত কৰিছিল।আনহাতে কবি জ্ঞান পূজাৰীয়ে অসমৰ পৰা বিদেশী খেদা আন্দোলনৰ তিক্ততাময় পৰিৱেশৰো সাক্ষী হৈছিল।সেই সময়ছোৱাত স্বদেশ স্বজাতিৰ বাবেই অধিকসংখ্যক মানুহে ৰাজপথ উত্তাল কৰিছিল আৰু এচাম যুৱকে দেশ স্বাধীন কৰাৰ নামত সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিছিল।কিছুসংখ্যক মানৱতাবাদী মানুহে শান্তি, মানৱতাৰ হকে কলম তুলি লৈছিল।এই মানুহবিলাকেই বহু সময়ত আৱেগ প্ৰৱণতাত উটি-ভাহি ফুৰা মানুহৰ দ্বাৰা নিৰ্যাতিত,অপমানিত হৈছিল।এই গণ আন্দোলন প্ৰশমিত কৰিবৰ বাবে চৰকাৰে আইন-কানুন জাপি দি বা অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা অন্য এক সন্ত্ৰাস সৃষ্টি কৰিছিল।

কবি জ্ঞান পূজাৰীয়ে এই সময়ৰ পৰিস্থিতি বিষয়বস্তু সকলোবোৰ কমিউনিষ্ট ভাবাদৰ্শৰ দ্বাৰা বিশ্লেষণ কৰিছে আৰু যৌৱনে ডগমগাই থকা কবি পূজাৰীৰ কবিতাত উদগ্ৰ বিপ্লৱী চেতনাই ঝংকাৰ তুলিছে-

মাতালহিষ্টৰীয়াগ্ৰস্ত চিৎকাৰ দাম্ভিকবিজ্ঞাপনৰ কোলাহল

উদ্ভ্ৰান্ত নগা যাঠি, হে মোৰ নয়নৰ মণি-পানিগ্ৰাহী ৰাজন ৰবীন

অথবা স্নেহলতা, দুহাতেৰে তুলি লোৱা

মোৰ তেজে ধোৱা মন্ত্ৰপূত শৰীৰ দেশৰ

আকণ্ঠ কঁপাই ছিৰাছিৰ কৰা অন্ধকাৰ ক্ৰুদ্ধবিপন্ন ৰজঃস্বলা সময়

তোমালোকৰ

নিনাদিত যৌৱন আৱেগময় কৰি

গৰ্জি উঠা গৰ্জি উঠা

(নাগৰিকৰ প্ৰতি)

সমাজখনৰ পৰা লাভ কৰা তিক্ততাময় অভিজ্ঞতাই কবিক বিপ্লৱী কৰি তুলিছে।স্বজাতিৰ শোষণ,প্ৰৱঞ্চনা, দুখ-যন্ত্ৰণাক কবিয়ে হিয়াৰ উমৰ মাজেদি উপলব্ধি কৰিছে।যন্ত্ৰণাক ছিৰাছিৰ কৰি "নক্ষত্ৰৰ ঠিকনা"বিচৰা কবিয়ে অন্ধকাৰ ভৱিষ্যত দেখি প্ৰায়ে শিহৰিত হৈ পৰিছে-

জিকাৰ খাই উঠোঁ

জিকাৰ খাই উঠোঁ

কাৰ হাতত সঁপি দিলোঁ অসম অসম

মোৰ সোণৰ অসমৰ কণ কণমইনাহঁতক

(নীৰৱ সমস্ত দেশ)

মানুহৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাবোধে কবিক চিন্তাগ্ৰস্ত কৰি তোলে। ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰত সাধাৰণ জনতাৰ জীৱন বিপন্ন হৈ পৰে।ৰাতি দুপৰত চৰকাৰী বেচৰকাৰী বন্দুকধাৰীয়ে দুৱাৰত টোকৰ দিয়ে। সাধাৰণ জনতাৰ জীৱন ভীতিগ্ৰস্ত হয়।নৈৰাজ্যবাদে মানুহক নিৰ্মমভাৱে অসহায় কৰি তোলে।তাৰ জ্বলন্ত ছবিখন কবিয়ে তুলি ধৰিছে "ৰাতি ফুলা ফুল"ৰজৰিয়তে-

কেইজনীমান ভদ্ৰ মহিলা লোদোৰপোদোৰ

চিৰিয়েদি উঠি আহিছিল সিহঁতৰ শাৰীবোৰকঁপি উঠিছিল মঙহাল তপিনাভৰত

কৰঙনেদি উজাই আহিছিল কেইপাচিমানআপেল

 লিগিৰাটোৱে ভাৰ

বৈ আনিছিল পিছে পিছে ধূপ-ধূনা নৈবেদ্যত গদ্গদ্

তাৰ বিয়াগোম মোচকোছা

কবিয়ে যিমানেই গভীৰতাত গৈ জীৱনৰ সন্ধান কৰিছে সিমানেই কবিৰ বিপ্লৱী চেতনাই সাৰ পাই উঠিছে।"কথামালা"কবিতাত শব্দৰে গাঁঠি গৈছে তেওঁৰ আত্মপীড়া।নিৰ্যাতিতা,দুৰ্দশাগ্ৰস্ত নাৰীৰ প্ৰতি বেথাৰ -

কোন বহুৱা মোৰ আৰ্চিৰ হাঁওফাঁওত

ফালি নে মোক মোৰ পৰা

মোৰ স্থিতি মোৰ জাতি মোৰ অজাতি

সাম্প্ৰতিক দুঃসময়ৰ ধ্বংসাত্মক সমাজৰ চিত্ৰখনেই নহয়,প্ৰকৃতি জগতেও কঢ়িয়াই অনা দুৰ্যোগৰ ছবিখনে কবিৰ মনত সৃষ্টি কৰিছে হতাশাবোধ আৰু সেই পংকিলতাৰ মাজত শান্তি বিচাৰি তেওঁ প্ৰেমৰ স্বপ্নময় শীতল ছায়াত আশ্ৰয় লৈছে-

তোমাক লগত লৈ

থৈ যোৱা মোক

থৈ যোৱা মোক

ছাই বৰণীয়া মাটিৰ গন্ধত

কেনেকৈ পাহৰো

তুমি ৰ'দে বৰষুণে 

আহু ধানৰ জিকমিক মাত

(লোহিত মুখৰ শলিতা-১)

সমাজৰ মৃত-প্ৰায় অৱস্থাত মানুহ মৰি মৰি জীয়াই থাকিব লগা হৈছে।ভদ্ৰ মহিলাৰশ্লীলতাহানি,বন্দুকধাৰীৰ ডেমাকি, শিশুৰ চিৎকাৰ আদি শুনি কবিৰ হৃদয় বিদীৰ্ণ হৈ পৰে।যুগ-যন্ত্ৰণাই তেওঁক অনিয়ন্ত্ৰিত কৰি তোলে।শান্তি আৰু মুক্তিৰ পথ বিচাৰি তেওঁ বিপ্লৱী হৈ পৰে-

"মোৰ হাতৰ কুঠাৰতই কেতিয়া খুলিবি

অ’ ৰাতিৰ চৰাই

মোৰ হাতৰ কুঠাৰ

(নিশাৰ চৰাই-১)

আধুনিক সভ্যতাৰ কদৰ্য তাৰ ৰূপ দেখি কবিৰ সংবেদনশীল হৃদয় হাহাকাৰ কৰি উঠে,সেয়া জ্ঞান পূজাৰীৰ কবিতাৰ আঁহে আঁহে জাজ্বল্যমান হৈ উঠিছে।

জনগণৰ প্ৰতি প্ৰেমৰ সুবাস আছে বাবেই কবিজনে বিপ্লৱৰ যোগেদি স্বাধীনতা আনিব বিচাৰে।স্বাধীনতা অনাৰ বাট অতি জটিল।তাৰ বাবে প্ৰয়োজন হয় ঐক্য শক্তি, লাগিব আটাইৰে জাগৃত বিপ্লৱী সত্তা-

ময়ে সেই চণ্ডাল,প্ৰতিটি মৃতদেহৰ ৰখীয়া

শ্মশান বলিয়া

ঘৃণাত মোৰ জ্বলিছে হৃদয়।

উঠা,

উঠা মোৰ বুকুৰ আঙঠাত হাত দিয়া।

(পোহৰে মেলা তাঁত)

স্বাধীনতাকামী কবিৰ মনত ঐতিহ্য চেতনা বোধে ধৰা দিয়ে।শংকৰদেৱ, আদৰ্শৰ ভেঁটিত গঢ়ি উঠা অসমীয়া সভ্যতা-সংস্কৃতিৰ বিপৰ্যয়ৰ ৰূপ কবিৰ বাবে অতি অসহনীয়।দুখ আৰু ক্ষোভত তেওঁ পণবন্দী হয়,"জলবন্দী"হয়-

বন্ধুবৰ্গই লগ পালেই সোধে:

কি কৰিছা আজি কালি -কি কৰিছা

মই কওঁ : পণবন্দী হৈছোঁ

গুৱাহাটীত মাটি?ঘৰ কৰিলা?ঘৰ

ঘৰ

ঘৰ মোৰ আছেই নহয় ।গুহাত ঘৰ

গুহাৰ মূধচ।গুহাৰ চোতাল।

(কবিতা-৩)

আশাই মানুহক উজ্জীৱিত কৰিব পাৰে।স্বাধীনতাৰ আশা-আকাংক্ষাক হতাশাৰ ডাৱৰে ছানি ধৰিলেও বিষাদগ্ৰস্ত পৰিস্থিতিৰ মাজেদিয়েই কবিয়ে সুদিনৰ সম্ভাৱনাময় হেঁপাহক প্ৰসাৰিত কৰে।দুৰ্যোগ আহিবই, তাৰ মাজতে মানৱীয় আদৰ্শক মূৰ্ত কৰি "বৃন্দাবনী বস্ত্ৰ"বৈ থকাৰ আহ্বান জনায় কবিয়ে জনগণক-

         এতিয়া আপোনালোকে তাঁত লগাওক

          খট খটখটখট

          বৃন্দাবনী  বস্ত্ৰ বওক

          আপোনালোকৰ

জ্ঞান পূজাৰীৰ কবিতাত জীৱন, প্ৰেম, মৃত্যু, ঐতিহ্য আদি আটাইবোৰ অগ্ৰসৰ হৈছে বিপ্লৱ চেতনাৰ মাজেৰে।বুদ্ধি পৈণতাৰে  জীৱনৰ গভীৰতালৈ ধাৱিত হোৱা কবিগৰাকীৰ কবিতাই সৃষ্টি কৰিছে পঢ়ুৱৈৰ বাবে এখন নতুন চিন্তাৰ পথাৰ।আনহাতে ভাবৰ গাম্ভীৰ্য, ভাষাৰ বলিষ্ঠ অভিব্যঞ্জনা,অলংকাৰ, ছন্দৰ সাৱলীল প্ৰয়োগে তেওঁৰ কবিতাসমূহক এক অনন্য  ৰূপত উপস্থাপিত কৰিছে।তাতে আছে অনুভূতিৰ সুতীক্ষ্ণ সুঁতি।ফলস্বৰূপে অসমীয়া কাব্য সাহিত্যত জ্ঞান পূজাৰী এক অদ্বিতীয় প্ৰতিভাধৰ ৰূপে উজ্জ্বল হৈ আছে।

Tuesday, October 15, 2019

জতুৱা ঠাঁচ বা খণ্ডবাক্য

জতুৱা ঠাঁচ বা খণ্ডবাক্যবোৰ সাধাৰণতে বিশেষ্য,ক্ৰিয়া,বিশেষণ আৰু বিভিন্ন পদক ভিন ভিনকৈ বা একেলগে বিশেষ অৰ্থত ব্যৱহাৰ কৰি গঠন কৰা হয় ৷ অসমীয়া ভাষাত এই খণ্ডবাক্যসমূহে এক বিশেষ স্থান অধিকাৰ কৰি আছে ৷ অসমীয়া ভাষাত অলেখ জতুৱা ঠাঁচ বা খণ্ডবাক্য আছে ৷ তলত ইয়াৰে কেইটিমান উল্লেখ কৰা হ'ল ::

- চকু চৰহা --- লোকৰ ভাল দেখিব নোৱৰা ৷

- চকু পোৰা --- লোকৰ ভাল দেখি সহিব নোৱৰা ৷

- চকু লগা --- টোপনি অহা ৷

- চকু দিয়া --- সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা ৷

- চকু মুদা --- মৃত্যু হোৱা ৷

- চকুত লগা --- ধুনীয়া হোৱা ৷

- চকু ফুৰা --- ওপৰে ওপৰে চোৱা ৷

- কথা চহকী --- বৰকৈ যি কথা কয় ৷

- কথা গৰকা --- ভাল বেয়া যি গমি চায় ৷

- কথা ক --- ভাব প্ৰকাশ কৰ ৷

- কথা হ --- আলোচনা কৰ ৷

- কপাল ফুলা --- সৌভাগ্য উপস্থিত হোৱা ৷

- কপাল ফুটা --- দুৰ্ভাগ্য উপস্থিত হোৱা ৷

- কপাল ধিওৱা --- আশাৰে বাট চোৱা ৷

- কপালৰ ঘাম মাটিত পেলোৱা --- অতি পৰিশ্ৰম কৰা ৷

- কপাল ধোৱা --- আশা এৰা ৷

- কাণ কটা --- নিলাজ, দুষ্ট ৷

- কাণ দিয়া --- মনোযোগ দিয়া ৷

- কাণ পতা --- শুনিবলৈ সাজু হোৱা ৷

- কাণ বাগৰা --- লোকৰ মুখে শুনা ৷

- কাণ এৰা --- মনোযোগ নিদিয়া ৷

- কাণ কৰা --- মনোযোগ দিয়া ৷

- কাণ সৰালি মৰা --- নুশুনা ভাও জোৰা ৷

- কাণে কাণ মাৰি --- কোনো মতে ৷

- কঁকাল ভগা --- দুৰ্বল হোৱা, ক্ষমতাহীন হোৱা ৷

- কঁকাল পৰা --- বুঢ়া হোৱা, দুৰ্বল হোৱা৷

- কঁকাল বন্ধা --- কোনো কামলৈ সাজু হোৱা, সষ্টম হোৱা ৷

- কঁকাল দঙা --- পুনৰ শক্তি লাভ কৰা, পুনৰ টনকিয়াল হোৱা ৷

- আঁঠু লোৱা --- সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা ৷

- আঁঠুত সোণ বিচাৰ --- কাম নকৰাকৈ ধন-সম্পদৰ আকাংক্ষা কৰা ৷

- গা ধৰা --- শকত হোৱা ৷

- গা এৰা দিয়া --- সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া ৷

- গা দাঙি কোৱা --- সাহস কৰি কোৱা ৷

- গা ৰখা --- হানি বা নষ্টৰ পৰা ৰক্ষা কৰা ৷

- গা পাতি লোৱা --- কোনো কাম কৰিবলৈ দায়িত্ব লোৱা বা মান্তি হোৱা ৷

- গা গধুৰ --- এলেহুৱা ৷

- গা ঘেলাই ফুৰা --- কাম- বন নকৰি ধুন মাৰি ফুৰা ৷

- গা ধৰ --- শকত হ ৷

- গাৰ নোম ডাল ডাল হ --- ভয়ত শিয়ঁৰি উঠ ৷

- গা চেবা --- সন্দেহ হোৱা ৷

- গা দাং --- নৰিয়াৰ পৰা উঠা ৷

- গা তোলা --- দায়িত্ব বহন কৰা, মান্তি হোৱা ৷

- গা জুৰা --- সন্তোষ পোৱা ৷

- গা লৰাই কৰা --- মনোযোগ দি কোনো কাম কৰা ৷

- গা নচুৱাই ফুৰা --- কাম নকৰি এনেয়ে ঘূৰা-পকা কৰি ফুৰা ৷

- গাত হাত দিয়া --- মৰিওৱা বা অপদস্থ কৰা ৷

- গা জোৰা --- যথেষ্ট হোৱা, অটা ৷

- গা সৰা --- বিপদৰ পৰা ৰক্ষা পৰা , দায়িত্বৰ পৰা অব্যাহতি পোৱা ৷

- গা ৰোৱা --- কোনোমতে ৰক্ষা পৰা ৷

- গা তোলা --- পুনৰ টনকিয়াল হোৱা ৷

- গা ভাৰী --- গৰ্ভৱতী ৷

- গা ঘেলাই ফুৰা ---কাম-বন নকৰি ধুন মাৰি ফুৰা ৷

- গা ৰাঁই জাঁই কৰা --- চাটি-ফুটি কৰা বা অস্থিৰ হোৱা ৷

- চকু ৰোৱা --- দেখিবলৈ ধুনীয়া বা আকৰ্ষণীয় ৷

- চকু ফুৰাই চোৱা --- ওপৰে ওপৰে চোৱা ৷

- চকু মুদা কুলি ---প্ৰবঞ্চক,ফাকি দিয়া ব্যক্তি ৷

- চকুত ধুলি মৰা --- ফাকি দিয়া ৷

- চকুৰ পচাৰতে --- নিমিষতে , ক্ষন্তেকতে ৷

- চকুৰ কুটা --- অপ্ৰিয় ৷

- চকুৰ মণি --- অতি প্ৰিয় বা আদৰৰ ৷

- চকু জুৰ পৰা --- চাই সন্তোষ পোৱা ৷

- চকু মেলি চোৱা --- অনুগ্ৰহ কৰা ৷

- চকু ৰখা --- যত্ন কৰা, ভালদৰে মন কৰা ৷

- চকু এৰা --- আশা নকৰা, মনোযোগ দিবলৈ এৰা ৷

- মুখ লগা --- আনৰ চকুত পৰি শ্ৰীহানী হোৱা বা অপকাৰ হোৱা ৷

- মুখ নোহোৱা --- গঢ় লগাই কথা ক’ব নোৱাৰা ৷

- মুখ মেলা --- আনলৈ আশা কৰা ৷

- মুখ মৰা --- নিমাত হোৱা ৷

- মুখ বজোৱা --- কাজিয়া কৰা ৷

- মুখ ফালি কোৱা --- স্পষ্টকৈ কোৱা ৷

- মুখলৈ চোৱা --- মৰম বা দয়া কৰা ৷

- মুখত সোপা দিয়া --- মাত নাইকিয়া কৰা , নিমাত কৰা ৷

- মুখৰ ভাত কাঢ়ি নিয়া --- পোৱা সুবিধা নিজৰ অকৰ্মণ্যতাৰ বাবে হেৰুওৱা বা আনে জোৰ কৰি নিয়া ৷

- মুখেৰে সাত হাল বোৱা --- ফিতাহি মাৰি কথা কোৱা ৷

- মুখ পাতি ধৰা --- আনৰ কথাত নিজে সোমোৱা ৷

- মুখ উজলোৱা --- নাম জনাজাত কৰা ৷

- মুখ উফন্দা --- অসন্তোষ ভাৱ দেখুৱা ৷

- দাঁত লগা --- লোকৰ চকু পৰাত অমংগল হোৱা ৷

- দাঁতে ওঁঠে নলগা --- কোনো কাজিয়া পেচাল নোহোৱা ৷

- দাঁত নাই --- সাহস নথকা, সামৰ্থ্য নাই ৷

- হাত এৰা --- দায়িত্ব এৰা ৷

- হাত কৰা --- নিজৰ কৰা লোৱা , নিজৰ অধীনলৈ অনা ৷

- হাত ঘলা --- আনৰ বস্তুৰ প্ৰতি লোভ কৰা ৷

- হাত চোৱা --- মংগল চোৱা বা ভাল – বেয়া বিচাৰ কৰা ৷

- হাত দিয়া --- কোনো কামত ধৰা ৷

- হাত পতা --- ভিক্ষা কৰা, কোনো বস্তু খোজা ৷

- হাত ধৰা --- টানকৈ চলা , কৰিব নোৱাৰা হোৱা ৷

- হাত পৰা --- অধোগতি , তললৈ নমা ৷

- হাত থকা --- প্ৰভাৱ থকা ৷

- হাত ঊঠা --- উন্নতি হোৱা , কৃতকাৰ্য হোৱা ৷

- হাত অহা --- অভ্যাস হোৱা ৷

- হাত মৰা --- লুকুৱাই লোকৰ বস্তু নিজৰ কৰা ৷

- হাত মেলা --- নোপোৱা বস্তুৰ প্ৰতি হেঁপাহ কৰা ৷

- হাত সৰা --- ৰক্ষা পোৱা , পলাই যোৱা, মুক্তি পোৱা ৷

- হাত সাৱতা --- কোনো কাম নকৰি এনেয়ে থকা ৷

- হাত বাগৰা --- আনে ব্যৱহাৰ কৰাৰ পিছত পোৱা ৷

- হাত মুকলি --- খৰছী, অবাবত খৰচ কৰা ৷

- হাত খালি --- টকা – পইছা নথকা ৷

- হাত টান --- কৃপণ, চিকতা ৷

- হাত চুটি --- ক্ষমতাহীন, অভাৱী মানুহ ৷

- হাত দীঘল --- ক্ষমতাশালী ৷

- হাতে-লোতে --- অপৰাধ কৰি থকা অৱস্থাতে ধৰা পেলোৱা ৷

- হাত ধোৱা --- আশা এৰা বা সম্পৰ্ক এৰা ৷

- হাত লৰ --- চোৰ স্বভাৱ ৷

- হাতৰ মুঠিত ৰখা --- নিজৰ অধীনত ৰখা ৷

- হাতে ভৰিয়ে ধৰা --- কাবৌ-কোকালি কৰা ৷

- হাতে নামাৰি ভাতে মৰা --- দেখাকৈ অপকাৰ নকৰি নেদেখাকৈ অপকাৰ কৰা ৷

- হাতত সাৰে ভৰিত সাৰে --- গোপনে , মনে মনে ৷

- হাত বুলোৱা --- মৰম কৰা ৷

- হাত যোৰ কৰা --- প্ৰাৰ্থনা কৰা ৷

- হাত উজান দিয়া --- কামত সহায় কৰা ৷

- হাড়-ছাল ওলোৱা --- অতি ক্ষীণ ৷

- হাড়ক মাটি কৰা --- অতিৰিক্ত পৰিশ্ৰম কৰা ৷

- হাড়লৈকে চিন --- ভিতৰলৈকে অৰ্থাৎ অতি ভালকৈ চিনি পোৱা ৷

- হাড় ভগা বন --- কঠিন কাম ৷

- হাড়ত বন গজা --- বহুদিনৰ আগতে মৰা ৷

- হাড় পেলোৱা --- মৃত্যু হোৱা ৷

- হাড় নাইকিয়া জিভা --- লাগ বান্ধ নোহোৱাকৈ বা বিবেচনা নকৰাকৈ কথা কোৱা মানুহ ৷

- হিয়া ধুনা --- কান্দি ব্যাকুল হোৱা ৷

- হিয়া ধাকুৰীয়া --- শোকত ব্যাকুল হোৱা ৷

- হিয়াৰ আমঠু --- প্ৰিয়তম লোক ৷

- অজীন পাতকী --- মিলিব নোৱাৰা, দন্দুৰা লোক ৷

- অথাই সাগৰ --- ডাঙৰ বিপদ ৷

- অমাতৰ মাত --- শুনিবলৈ শুৱলা নাত ৷

- অলপ পানীৰ মাছ --- দুৰ্বল , নিমাখিত ৷

- অচিন কাঠৰ থোৰা --- অপৰিচিত ৷

- অহুত কাণে পহুৰ কাণে --- উৰা বাতৰি, ঘুনুক ঘানাককৈ শুণা ৷

- আকোৰ গোঁজালি --- একেটা কথাত লাগি থকা ৷

- অটোম টোকাৰি --- পৰিপাটি ৷

- আথে – বেথে --- অতি সাদৰৰ ৷

- আমঠু ক’লা পৰা --- মনত বৰ আঘাত পোৱা ৷

- আকাশী সৰগ ভাগি পৰা --- ডাঙৰ বিপদ হোৱা ৷

- আলিবাটত চালি ধৰা --- ধুন মাৰি ফুৰা ৷

- আজল মঠ --- জানিও নজনা ভাও ধৰা ৷

- আভুৱা ভৰা --- ঠগ, প্ৰবঞ্চনা কৰা ৷

- আকাশত চাং পতা --- অস্বাভাৱিক কল্পনা কৰা ৷

- আলৈ-আথানি --- নিৰাশ্ৰয় বা নি:সহায় ৷

Friday, October 11, 2019

সংস্কৃতি, পৰিবৰ্তিত অসমীয়া সংস্কৃতি

সংস্কৃতি কি?

ইয়াৰ সংজ্ঞা আৰু স্বৰূপ সম্বন্ধে এটা সুস্পষ্ট ধাৰণা দিয়া কঠিন৷ অসমীয়া ভাষা-সাহিত্যৰ মাজতো এই শব্দটোৱে কেতিয়াৰ পৰা নিগাজিকৈ সোমাই পৰিল সেই বিষয়েও নিশ্চিতকৈ ক’ব নোৱাৰি৷ সংস্কৃতিৰ লগত সততে জড়িত হৈ থাকে এখন সমাজ আৰু সেই সমাজখনৰ অংগীভূত সদস্যৰূপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক উপাদানসমূহ৷ মানুহৰ জীৱন-ধাৰণৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হৈ আহিছে৷ মানুহে আদিম অৱস্থাৰ পৰা সভ্য অৱস্থালৈ আহোতে সময়ৰ লগত খাপ খুৱাই জীৱন-যাপনৰ বাবে নিত্য নতুন আহিলা-পাতিৰ আশ্ৰয় ল’ব লগা হ’ল৷ ইয়াৰ বাবে মানুহে এক নতুন কৃত্ৰিম সাংস্কৃতিক পৰিৱেশৰো সৃষ্টি কৰি ল’ব লগা হ’ল৷ এটা সময়ত সেই সকলোবোৰেই মানৱ জীৱনৰ নিত্য ব্যৱহৃত সামগ্ৰীত পৰিণত হৈ পৰিল৷ গতিকে এই ফালৰ পৰা ক’ব পাৰি

“যি বিলাকত প্ৰকৃতিৰ প্ৰেৰণা থাকিলেও কেৱল প্ৰাকৃতিক নিয়মত হোৱা নাই, কিন্তু মানুহে নিজৰ শৰীৰ আৰু মনৰ বিকাশৰ বাবে, সমাজৰ কল্যাণৰ অৰ্থে সৃষ্টি কৰি লৈছে আৰু মানি লৈ তাক বিকাশ সাধন কৰিছে সেয়ে হ’ল সংস্কৃতি (অসমীয়া লোক সংস্কৃতিৰ আভাস)৷”

একেদৰে নৃতাত্বিক অৰ্থতো

“মানুহে জন্মৰ পৰা মৃত্যুলৈকে ভৌগোলিক, সামাজিক আৰু অতিলৌকিক এই তিনিবিধ পৰিৱেশৰ মাজত বাস কৰিবলৈ সমাজৰ স্বীকৃতি লৈ যি কৰে, যেনেকৈ থাকে, যি অৱদান দিয়ে তাকে সংস্কৃতি আখ্যা দিব পাৰি (অসমীয়া লোক সংস্কৃতিৰ আভাস)৷”

ইয়াৰ পৰা এটা কথা ক’ব পৰা যায় যে, সংস্কৃতি হ’ল মূলতঃ মানুহৰ জীৱন ধাৰণৰ এক সৎ, শৃংখলিত, আদৰ্শময় জীৱন প্ৰক্ৰিয়া৷

অসমীয়া ভাষাত ‘সংস্কৃতি’

অসমীয়া ভাষাত এই ‘সংস্কৃতি’ শব্দৰ ব্যৱহাৰৰ আগতে ‘কৃষ্টি’ শব্দৰহে ব্যৱহাৰ হৈছিল৷ পিচলৈ পশ্চিমীয়া ‘কালচাৰ’ (Culture) শব্দৰ সমাৰ্থক হিচাপে ‘সংস্কৃতি’ শব্দটো বাংলা ভাষাৰ দুৱাৰ-দলি গৰকি সোমাই আহে যদিও অসমীয়া ভাষাত কৃষ্টি-সংস্কৃতি দুয়োতা শব্দৰে ব্যৱহাৰ লক্ষ্য কৰা দেখা যায়৷ কিন্তু দুয়োটা শব্দৰ মাজত এটা সুক্ষ্ম পাৰ্থক্য লক্ষ্য কৰা দেখা যায়৷

ড. নবীন চন্দ্ৰ শৰ্মাৰ মতে

“একেটা ক্ৰিয়াৰ বাৰম্বাৰ আচৰণ বা আবৃত্তিক কৰ্ষণ বা কৃষ্টি আখ্যা দিব পাৰি; আৰু এই কৃষ্টিক সংস্কাৰ কৰি লোৱাটোৰ নামেই সংস্কৃতি৷”

আনহাতে বিশ্বনাৰায়ন শাস্ত্ৰীৰ মতে

“কৃষ্টি হ’ল এটা জাতিয়ে কৰা সকলো কামৰে সমষ্টি আৰু সংস্কৃতি হ’ল সেই জাতিৰ চিন্তা, কল্পনা আৰু কামৰ শ্ৰেষ্ঠ অংশখিনি৷ ইয়াৰ প্ৰভাৱ জাতিৰ মনত থাকি যায়৷ সেই প্ৰভাৱে জাতিৰ জাতীয় আদৰ্শ গঢ় দিয়ে, কামত অনুপ্ৰেৰণা দিয়ে৷”

কিন্তু বাস্তৱ ক্ষেত্ৰত কৃষ্টি-সংস্কৃতিৰ এনে বিশাল ভাৱাৰ্থ সুদূৰ পাৰাহতে আছে বুলিব পাৰি৷ বৰ্তমান সন্ধিয়া জাকজমকতাৰে একোখন সাংস্কৃতিক অনুষ্ঠান পাতি তাত পৰিৱেশন কৰা কেইটামান গীত, নৃত্য, নাটক আদিকেই সামৰি কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ চলাই থকা হৈছে৷ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ দৰে একোটা বিভাগ আছে যদিও সম্প্ৰতি বঁটা প্ৰদান, দুই-এখন সংগীতানুষ্ঠান অনুষ্ঠিত কৰাৰ মাজতে তাৰ দায়িত্ব শেষ৷ আনহাতে বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহতো একোটা সাংস্কৃতিক বিভাগ থাকে যদিও বছৰৰ মূৰত বিশ্ববিদ্যালয় সপ্তাহ, কলেজ সপ্তাহ আৰু যুৱমহোৎসৱৰ দৰে অনুষ্ঠান পাতি নিজৰ দায়িত্ব পালন কৰে৷ প্ৰকৃততে কোনো জাতিয় অনুষ্ঠানেই প্ৰকৃত সংস্কৃতি কি তাক বুজি উঠি তাক ৰক্ষা কৰাৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা দেখা পোৱা নাযায়৷

সংস্কৃতিৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত জ্যোতি প্ৰসাদে কিছু বাস্তৱ দৃষ্টিভংগীৰে চিন্তা-চৰ্চ্চা কৰিছিল৷ তেওঁৰ মতে

“আমি বাস্তৱিক জীৱনৰ সকলো আহিলাতে সৌন্দৰ্য প্ৰয়োগ কৰাৰ লগে লগে আমাৰ মন আৰু হৃদয়ৰ গুণতো সৌন্দৰ্য প্ৰয়োগ কৰো৷ এই বাহিৰ আৰু ভিতৰ দুয়োৰে উৎকৰ্ষণ আৰু তাত সৌন্দৰ্য প্ৰয়োগ হ’লেই মানুহৰ সংস্কৃতিয়ে পূৰ্ণ ৰূপ পায়৷… এজন মানুহ যদি সুকুমাৰ কলাৰ সৃষ্টিত অভিনৱ সৌন্দৰ্য সৃষ্টি কৰিব পৰা হৈও, মানুহৰ সৈতে ব্যৱহাৰত আৰু সম্বন্ধত মানসিক গুণবোৰ প্ৰকাশ কৰিব নোৱাৰে তেন্তে সেই মানুহজনৰ সংস্কৃতি নিশ্চয় অসম্পূৰ্ণ বুলিব লাগিব৷”

জ্যোতিপ্ৰসাদে সংস্কৃতিৰ দুটা দিশৰ কথা কৈছে৷ অন্তৰভাগ আৰু বৰ্হিভাগ৷ ইয়াৰে অন্তৰভাগত প্ৰকাশ পাই আধ্যাত্মিক উপলব্ধিৰ মানসিক উৎকৰ্ষতা৷ আনহাতে বৰ্হিভাগত প্ৰকাশ পাই বাস্তৱ জীৱনৰ চিন্তা আৰু কৰ্মৰাজি৷ বৰ্তমান আমাৰ সংস্কৃতি ৰক্ষাৰ বেলিকাও সততে আন্তঃসংস্কৃতিৰ অভাৱ লক্ষ্য কৰা দেখা যায়৷ যাৰ বাবে বহু সময়ত একোজন ব্যক্তি বা একোটা পৰিয়াল ঘৰ-দূৱাৰ, আচবাব, শিক্ষা-দীক্ষা আদি সকলো ফালৰ পৰাই সংস্কৃতিবান যেন লাগিলেও তেওঁৰ সানিধ্যলৈ যোৱাৰ পিছত বা তেওঁৰ লগত কথা পতাৰ পিছত দেখা যায় যে তেওঁৰ বাহ্যিক আৱৰণটোহে সংস্কৃতিৰ বৈশিষ্ট্যৰে ভৰা৷ ভিতৰখন অন্তঃসাৰশূন্য আৰু দুস্কৃতিৰ কদৰ্যৰে ভৰা৷ আমি সাধাৰণ অৰ্থত সংস্কৃতিসম্পন্ন ব্যক্তি বুলি ক’লে যিজন ব্যক্তিক বুজো সেইজন ব্যক্তি প্ৰকৃততেই আভ্যন্তৰীণ সংস্কৃতিৰ সুষমাৰে ভৰা হ’ব লাগিব৷ খং, ক্ষোভ, দুখ, বেদনা, হতাশাৰ মুহূৰ্ততো আত্মনিয়ন্ত্ৰণৰ মাজেৰে নিজৰ মানৱীয় গুণখিনি আনৰ আগত প্ৰকাশ কৰিব পৰা ব্যক্তিজনকেই আমি সংস্কৃতিসম্পন্ন ব্যক্তি বুলিব পাৰো৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে যিদৰে সকলো সভ্য মানুহকে সংস্কৃতি সম্পন্ন বুলিব নোৱাৰি সেইদৰে সকলো সংস্কৃতি সম্পন্ন লোকেই সুসভ্য নহয়৷ মানসিক উৎকৰ্ষতাইহে একোজন মানুহক সভ্য আৰু সংস্কৃতিবান কৰি তুলিব পাৰে৷ বৰ্তমান সংস্কৃতিৰ ক্ষেত্ৰত দেখা দিয়া এই সমস্যাটোৱেই সংস্কৃতিৰ ভেটি ঠৰকবৰক কৰি তুলিছে৷ নিজৰ জাতি, ভাষা, সাহিত্য, উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আদিৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নথকাকৈ কেৱল ভোগবাদি মানসীকতাৰে সংস্কৃতি ৰক্ষাত আত্মনিয়োগ কৰা মানুহৰ সংখ্যা বৃদ্ধি পাব লাগিছে৷ যিটোৱে আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত গভীৰ সংকতৰ সৃষ্টি কৰিছে৷

এখন ৰাজ্যৰ সাংস্কৃতিক উপাদানসমূহ সংগ্ৰহালয়ত সংৰক্ষণ কৰি আমি নতুন প্ৰজন্মৰ বাবে ৰাখি থৈ যাব পাৰো৷ কিন্তু আমি চিন্তা কৰিব লাগিব বাস্তৱ ক্ষেত্ৰত কি দৰে তাক পালন কৰি উঠি অহা প্ৰজন্মক পৰিচয় কৰি দিব পাৰো৷ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ড. ভুবনমোহন দাসে তেওঁৰ ‘অসমীয়া সংস্কৃতিৰ সংৰক্ষণ আৰু অন্যান্য’ নামৰ গ্ৰন্থত এটা লাখটকীয়া প্ৰশ্ন কৰিছে যে

“অসমীয়া সংস্কৃতি জীৱন্ত অৱস্থাত ৰক্ষাৰ দায়িত্ব গাঁৱৰ মানুহৰ ওপৰতে ন্যস্ত নেকি?”

সকলো সংস্কৃতিৰ কেন্দ্ৰবিন্দু হ’ল গাঁৱসমূহ৷ গাঁৱৰ সহজ-সৰল মানুহখিনিৰ মাজতে অধিকভাৱে জীপাল হৈ থাকে প্ৰতিটো উৎসৱ-অনুষ্ঠান, ৰীতি-নীতি আৰু বিভিন্ন লোকসাংস্কৃতিক সমলসমূহ৷ কিন্তু বিভিন্ন কাৰণত মানুহ নগৰমুখি হোৱাৰে পৰা আভিজাত্যৰ দোহাই দি নগৰৰ বহু মানুহে সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত এক ধৰণৰ লজ্জাবোধ অনুভৱ কৰে৷ যাৰ বাবে নগৰীয়া সংস্কৃতি বুলিও এক ধৰণৰ নতুন সংস্কৃতিয়ে গঢ় লৈ উঠা দেখা গৈছে৷ এনে নগৰীয়া সংস্কৃতিৰ নতুন ধ্যান-ধাৰণাই কেতিয়াবা সমাজত সংঘাত সৃষ্টি নকৰাকৈও থকা নাই৷ গাঁৱৰ পুৰণি সাংস্কৃতিক অভিব্যক্ৰিৰ মাজত বাস কৰা পুৰণি চাম মানুহ আৰু নতুন ধ্যান-ধাৰণাত ডাঙৰ-দীঘল হোৱা নতুন পুৰুষ (New Generation)ৰ মাজৰ এনে সংঘাতে কেতিয়াবা একোখন ঘৰ, একোটা পৰিয়ালৰ বহু বছৰীয়া সম্প্ৰীতিকো জোকাৰি যোৱা দেখা গৈছে৷ এটা কথা ঠিক যে, সংস্কৃতি হ’ল জীৱন যাপন প্ৰণালীৰ এক ধাৰা৷ মানুহৰ অভিজ্ঞতা, জ্ঞান, প্ৰয়োজন আদিয়েই সংস্কৃতিৰ জন্ম দিয়ে৷ এই ফালৰ পৰা নগৰীয়া সংস্কৃতিকো আমি ভুল বুলি একেষাৰে ক’ব নোৱাৰো৷ জীৱন যাত্ৰাত আগুৱাই যাওতে অনেক লোকে অভিজ্ঞতাৰ পৰা অনেক নতুন নতুন সংস্কাৰ সঞ্চিত কৰে৷ এই সঞ্চিত সংস্কাৰ পুৰণিৰ লগত যোগ হয় আৰু কৌতিকলীয়া পুৰণি সংস্কৃতিয়ে নতুন ৰূপত আত্মপ্ৰকাশ কৰে৷ যি সংস্কৃতিয়ে নতুন অভিজ্ঞতা, জ্ঞান, সংস্কাৰ সামৰি ল’ব পাৰে সেই সংস্কৃতিয়েই সমাজত মহিয়ান হৈ থাকে৷ কিন্তু এই ক্ষেত্ৰত এটা কথা মানি ল’ব লাগিব যে, একো নোহোৱাৰ পৰা বা শূন্যৰ পৰা সংস্কৃতিৰ সৃষ্টি হ’ব নোৱাৰে৷ ইয়াৰ এটা ভেটি থাকিব লাগিবই লাগিব৷ অসমীয়া সংস্কৃতিৰো এটা নিজস্ব ভেটি আছে৷ গতিকে ইয়াক ৰক্ষা কৰা প্ৰতিজন অসমীয়াৰে পৱিত্ৰ কৰ্তব্য৷

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখি হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ ধৰিলে৷ পৰিৱেশ-পৰিস্থিতিয়ে মানুহক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ঘূৰি ফুৰিবলৈ বাধ্য কৰিলে৷ লাহে লাহে প্ৰচলিত কিছুমান নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ ধৰি ৰখা কঠিন হৈ পৰিল৷ কিন্তু সকলো পৰিস্থিতিগত কাৰণক স্বীকাৰ কৰিও আমাৰ কিছুমান আপুৰুগীয়া সাংস্কৃতিক অভিব্যক্তিক একেবাৰে দলিয়াই পেলাই সম্পূৰ্ণ নগৰমুখি হৈ পৰাটো একেবাৰে শুভলক্ষণ হ’ব নোৱাৰে৷ এই প্ৰসঙ্গত জ্যোতিপ্ৰসাদে এক সুস্পষ্ট মত আগবঢ়াইছে৷ তেওঁৰ মতে “সংস্কৃতিৰ গতিপথত দেশী-বিদেশী যিবোৰ সাংস্কৃতিক সম্পদ লগ পোৱা যায় সেইবোৰ গ্ৰহণ কৰোঁতে সদায় নিজৰ জাতীয় ৰূপত সজায় পৰাই ললেহে সংস্কৃতি গতিধৰ্মী হয়৷ এনে সংস্কৃতিৰ গতিধৰ্মিতাই ভৱিষ্যতৰ সংস্কৃতিৰো বাট মুকলি কৰি ৰখাৰ লগতে বাটটো বহল আৰু ওখও কৰে৷” গতিকে দেখা যায় ‘ভাবিকালৰ সংস্কৃতি’ বাঢ়নৰ বাট মুকলি কৰি ৰাখিবলৈ হ’লে দেশী-বিদেশী, অতীত-বৰ্তমান এই সকলো সাংস্কৃতিক সম্পদসমূহ গ্ৰহণ কৰিব পৰা বিপুলায়তন দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব৷ ইয়াকে কৰিবলৈ যাওঁতে আমি সাংস্কৃতিক অংগসমূহক পাহৰি থাকিলে নহ’ব৷ কাৰণ বাহিৰা সংস্কৃতিয়ে জীৱনটো সুচাৰুৰূপে চলাই নিয়াত সহায়হে কৰিব পাৰে, কিন্তু সেইটোৱে জাতিটোৰ ভেটি কেতিয়াও দৃঢ় কৰিব নোৱাৰে৷

অসমীয়া সংস্কৃতিলৈ সঘনাই পৰিৱৰ্তন আহিবলৈ ধৰিছে৷ এই পৰিবৰ্তনে গাঁও, নগৰ-চহৰ সকলোতে কম বেছি পৰিমাণে এতিয়া বিয়পি পৰিছে৷ অসমীয়া সংস্কৃতিৰ কথা ক’লেই আমাৰ মনলৈ প্ৰথমতেই ভুমুকি মাৰে জাতিয় উৎসৱ বিহুৱে৷ তিনিওটা বিহুক কেন্দ্ৰ কৰিয়েই অসমীয়া সমাজত প্ৰচলিত বিভিন্ন আচাৰ-ব্যৱহাৰ, নৃত্য-গীত, খাদ্যভ্যাস, সাজ-পাৰ আদিৰ মাজেৰেই অসমীয়া জাতিৰ এক নিজস্ব পৰিচয় বহন কৰি আছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে নগৰসমূহৰ দৰেই গাঁওসমূহটো বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠা সেই পুৰণিৰ আৱেগ কিছু ম্লান পৰিছে৷ মানুহৰ ঘৰে ঘৰে হুঁচৰি গাই বিহুৰ বতৰত গৃহস্থক আৰ্শীবাদ দিয়া, গৰু বিহুৰ দিনা একেলগে নদীলৈ গৈ গৰুক নোৱাই-ধূৱাই মাহ হালধি ঘঁহি গা ধোৱা, মাঘৰ বিহুত মেজি, ভেলা ঘৰ সাঁজি ভোজভাত খোৱা, কাতি বিহুত তুলসীৰ তলত, পথাৰত চাকি দিয়া আদি কাৰ্যবোৰ প্ৰায়েই নোহোৱা হৈ পৰিছে৷ বিবাহ অনুষ্ঠানক কেন্দ্ৰ কৰি হোৱা আখৈতোলা, গাঁঠিয়ন খুন্দা, দৈয়ন দিয়া, সুৱাঁগুৰি তোলা আদি অনুস্থানসমূহ ক্ৰমে ক্ৰমে বিবাহ অনুষ্ঠানৰ পৰা নোহোৱা হৈ পৰিছে৷ ভিডিঅ’ গেইম, কম্পিউটাৰ, কেব’লটিভি আদিয়ে জোনাকনিশা সন্ধিয়া আইতাৰ মুখৰ সাধু শুনা, সাধু কোৱা আদি প্ৰথাৰ প্ৰচলন কমাই আনিছে৷ ইয়াৰ উপৰিও সাজ-সজ্জা, খাৱন-শোৱন, আ-অলংকাৰ, খেল-ধেমালি, কেশবিন্যাস, প্ৰসাধন, সোধন-পোছন আদিৰ ক্ষেত্ৰতো নতুন নতুন বস্তুৱে চকুৰ চমক লগাবলৈ ধৰিলে৷ ইয়াৰ সৰহ ভাগকেই আমি সময়ৰ পৰিৱৰ্তনৰ ফলত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যদিও বেছিভাগেই আকৌ আধুনিক অন্ধ নগৰীয়া আভিজাত্যৰ ফলটো সৃষ্টি নোহোৱাকৈ থকা নাই৷ যিবোৰ ক্ৰমে ক্ৰমে গাঁৱসমূহলৈ প্ৰসাৰিত হৈ গোটেই সংস্কৃতিৰ ভেটিটোকে কপাই তুলিছে৷

অসমীয়া সংস্কৃতিলৈ অহা এই সংকতৰ কাৰণ কেৱল নগৰীয়া সংস্কৃতিয়েই নহয়৷ সততে এটা অভিযোগ শুনা যায় যে, আধুনিক ভোগবাদত বিশ্বাসী যুৱকসকলে আধুনিকতাৰ নামত অসমীয়া সংস্কৃতি ৰক্ষা কৰিব নিবিচাৰে৷ কিন্তু বহু অসমীয়া সংস্কৃতি ক্ৰমে ক্ৰমে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰকেও প্ৰভাৱ পেলাইছে৷ এই ক্ষেত্ৰত – প্ৰাকৃতিক পৰিৱেশ, নিৱনুৱা সমস্যা, ধাৰ্মিক গোড়ামী, শিক্ষানীতিৰ সময়সূচীৰ আসোৱাহ, জনসংখ্যাৰ বৃদ্ধি আৰু অৰ্থনৈতিক অস্থিৰতা আদিয়ে নতুন প্ৰজন্মক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত পৰোক্ষভাৱে বাধাৰ সৃষ্টি কৰিছে৷ প্ৰাকৃতিক পৰিৱেশৰ ভিতৰত ভৌগোলিক অৱস্থা, জলবায়ু, মাটি, উদ্ভিদ, জীৱজন্তু আদিৰে গঠিত পৰিবেশৰ কথা ক’ব পাৰি৷ বৰ্তমান অসমৰ বেছিভাগ ঠাইতে বাৰিষা হ’লে বানপানী হোৱাটো এটা বাৰ্ষিক উৎসৱত পৰিণত হৈছে৷ যাৰ ফলত উকা পথাৰে উদং ভঁৰালৰ সৃষ্টি কৰিছে৷ একেদৰে বহু ঠাইত আকৌ বানপানীৰ বিপৰীতে বৰষুণৰ অভাৱত খৰাঙৰ সৃষ্টি হৈছে৷ এনে ক্ষেত্ৰত ব’হাগ বিহুত বৰা, চকোৱা ধানেৰে পিঠা-জলপান তৈয়াৰ কৰা, মাঘবিহুত ভেলাঘৰ সাজি ভোজভাত খাই আনন্দ কৰা কাতি বিহুত অধিক শষ্য উৎপাদনৰ বাবে পথাৰত চাকি-বন্তী দিয়া আদি পৰম্পৰাসমূহ নিজে নিজে মেলানি মাগিছে৷ সংস্থাপনৰ স্বপ্ন আৰু নিবনুৱা সমস্যাই বৰ্তমান বহুটো যুৱক-যুৱতীক চহৰমুখী কৰি তুলিছে৷ সৰু-বৰ বিভিন্ন চাকৰিত নিয়োগ হৈ অতি দুখ-কষ্টৰ মাজেদি নিজৰ ঘৰখন পুহি থকা দেখা গৈছে৷ কেতিয়াবা দেখা যায়, এনে বহুটো যুৱক-যুৱতীয়ে গাঁৱৰ কোনো উৎসৱতে অংশ গ্ৰহণ কৰিবলৈ আহৰি নাপায়৷ মানসীক উদ্বিগ্নতাই এই যুৱক-যুৱতীসকলৰ মুখৰ পৰা স্বতঃস্ফুতভাৱে ওলাই আহিব বিচৰা আনন্দকণ যেন কাঢ়ি নিছে৷

বৰ্তমান শিক্ষানীতিৰ সময়সূচীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত সংস্কৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰিছে৷ বৰ্তমান গাঁও অঞ্চলৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই উচ্চ শিক্ষাৰ বাবে চহৰৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰে৷ দেখা যায় যে, বন্ধৰ তালিকা প্ৰস্তুত আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত তালিকা প্ৰস্তুত কৰা ব্যক্তিসকলে অসমীয়া জাতিৰ সংস্কৃতিৰ কথা একেবাৰে নাভাবে৷ দেখা যায় ব’হাগ বিহুৰ এদিন বা দুদিনৰ পিছতে বহুটো পৰীক্ষা অনুষ্ঠিত কৰে৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যাব নোৱাৰে বা গ’লেও স্বতঃস্ফূৰ্তভাৱে আনন্দত মতলিয়া হ’ব নোৱাৰে৷ আনকি বৰ্তমান কাতি বিহুত বন্ধ পৰ্যন্ত দিয়া দেখা নাযায়৷ ইয়াৰ বিপৰীতে পুঁজাত দহ-বাৰ দিনৰ পৰা এমাহ পৰ্যন্ত বন্ধ দিয়া দেখা যায়৷ ইয়াৰ লগতে আধুনিক শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমেও ছাত্ৰ-ছাত্ৰীৰ মনত সাংস্কৃতিক প্ৰমূল্যবোধৰ সৃষ্টি কৰিব নোৱাৰাটোও মনকৰিবলগীয়া কথা৷ বৰ্তমান অসমীয়া সমাজত দলৈকে শিপাই যোৱা ধৰ্ম (প্ৰন্থা)ৰ গোড়ামিয়েও সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে৷ মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আদৰ্শ প্ৰিয় এক শ্ৰেণীৰ বৈষ্ণৱে এক শৰণ ধৰ্মৰ দোহাই দি মাঘবিহুৰ সময়ত অগ্নিপুঁজা হোৱাৰ ভয়ত মেজি নজ্বলোৱা, গছ পূঁজা হোৱাৰ ভয়ৰ তুলসীৰ তলত চাকি নিদিয়া, জীৱ হত্যা হোৱাৰ ভয়ত পথাৰত চাকি নিদিয়া আদি কাৰ্যই বৰ্তমান দুয়োটা বিহুৰ ক্ষেত্ৰতে সংকীৰ্ণতাৰ পৰিচয় দিছে৷ যাৰ ফলত গাঁৱসমূহৰ এক বৃহত সংখ্যক মানুহৰ মাজত মাঘ আৰু কাতি বিহু লাহে লাহে হেৰাই গৈছে৷ ইয়াৰ লগতে বৰ্তমান গাঁৱসমূহত দেখা দিয়া ৰাজনৈতিক অৰিয়াঅৰি আৰু নামঘৰ কেন্দ্ৰীক বিভেদসমূহেও ভাওনা অনুষ্ঠিত কৰাত অন্তৰাই হিচাপে দেখা দিছে৷ যিবোৰ এতিয়া আমাৰ চিনাকী গাঁৱৰ সহজলভ্য দৃশ্য হৈ পৰিছে৷

এইদৰে মন কৰিলে দেখা যায় যে, বহুটো আনুষাঙ্গিক কাৰণেই বৰ্তমান অসমীয়া সংস্কৃতিলৈ সংকত কঢ়িয়াই আনিছে৷ এনে ক্ষেত্ৰত আমি আত্ম-সমালোচনাৰে প্ৰতি ক্ষেত্ৰতে আঁতৰাব পৰা আসোৱাহসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিলে নিশ্চয় আহিব বিচৰা সংকতসমূহ কিছু আঁতৰ হ’ব৷ অৱশ্যে ইয়াৰ বাবে লাগিব এটা সাংস্কৃতিক মন, অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ দৃঢ় সংকল্প৷

Wednesday, July 17, 2019

"কেতেকী " কাব্য আৰু ইয়াৰ বিষয়বস্তু

"কেতেকী " কাব্য আৰু ইয়াৰ বিষয়বস্তু

জোনাকী যুগত যি কেইজন প্ৰথিতযশা কবিয়ে নিজ নিজ ৰচনাৰে অসমীয়া ৰোমাণ্টিক সাহিত্যিক সমৃদ্ধ কৰিছিল , সেইসকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম ।  বিশ্বসাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে কবি-সাহিত্যিকসকলক তেওঁলোকৰ ৰচনাৰ বৈশিষ্ট্য অনুসৰিহে কোনো এটা বিশেষ উপাধিৰে বিভূষিত কৰা হয় । যিদৰে কালিদাস প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি , ৱৰ্ডছৱৰ্থ প্ৰকৃতিৰ কবি ,ক'লেৰিজ অলৌকিকতাৰ কবি , তেনেদৰে অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰী হৈছে বিহগী কবি ।

                    ৰঘুনাথ চৌধাৰীৰ কবিতাত বিভিন্ন ভাৱ আৰু বিষয়বস্তু থাকিলেও চৰাই বিষয়ক কবিতা কেইটিয়েহে পাঠকক বিশেষভাৱে আকৃষ্ট কৰে , সেইবাবে তেওঁ বিহগী কবি ।

   '' কেতেকী '' ৰঘুনাথ চৌধাৰীৰ এখনি অনুপম কাব্য গ্ৰন্থ । পাঁচটি তৰংগ বা খণ্ডত ৰচিত এই কাব্যখনিৰ প্ৰথম খণ্ডৰ বিষয়বস্তু হ'ল অচিন অজান দেশৰপৰা আহি আকুল সুৰেৰে গীত গাই থকা কেতেকী নামৰ চৰাইজনী । কবিৰ বাবে কেতেকী চৰাইটি এটি ৰহস্য । এটি যেন সাঁথৰ । এই চৰাইটি ক'ৰ পৰা আহিল আৰু কলৈ যাব সেই কথা কবিয়ে নেজানে । অবুজ ভাষাৰে কি মাত মাতিছে , কিহৰ আশাত এই সংসাৰত ভ্ৰমি ফুৰিছে , সেইবোৰ কথাও কবিৰ অজ্ঞাত । সেইবাবে সুধিছে -----

"ক'ৰপৰা তই আহিলি সোণাই

কোন দিশে যাৱ উৰি ,

কিয় বা ফুৰিছ দূৰ দূৰণিত

অকল'ই ঘুৰি ঘুৰি । "

                          কেতেকীৰ সম্বন্ধে কবিৰ কল্পনাৰ অন্ত নাই । একো একোটা স্তৱকত বিশেষ একোটা কবি-কল্পনা মূৰ্ত্ত হৈ উঠিছে । কবিৰ ভাৱ  যে কেতেকী চৰাইজনী এনে এখন সুন্দৰ ঠাইত জন্ম লৈছে য'ত শ্ৰদ্ধা , শান্তি , আৰু দয়া বিৰাজমান । সেই দেশত প্ৰলোভন , বিভেষিকাৰ আশংকা নাই । তেনে এখন ঠাই এৰি চৰাইটি কিয়নো এই পৃথিবীলৈ আহিল সেই কথা কবিৰ বাবে এক পৰম বিস্ময় । সেয়েহে আবেগ জৰ্জৰিত কন্ঠৰে প্ৰশ্ন কৰিছে-----

"বাপ মাৱ ভাই সৱাকে এৰিলি

এৰিলি ওপজা ঠাই

গছ-পাতে সজা ঘৰটি এৰিলি

কাৰ কি আহুদি পায় । "

                        কবিয়ে চৰাইজনীক সাৱধান কৰি দি কৈছে যে , যিখন পৃথিৱীলৈ সি আহিছে , সেইখন পৃথিৱীৰ নন্দন কানন বা অমৰাৱতী নহয় , ই মায়া কাননহে । ইয়াত নিঃস্বাৰ্থ মৰম-চেনেহ আৰু অমিয়া সুখ নাই ।  তাৰ পিছত কবিয়ে তাৰ একান্ত লগৰী , সুখ-দুখৰ সমভাগী কোনোবা আছে নে নাই সেই কথা চিন্তা কৰি ব্যথিত হৈছে । ভোক-পিয়াহত আহাৰ যোগাবলৈ , দুখ -ভাগৰত বিচনাত নিকাবলৈ কোনোবা আছে নে নাই কবিয়ে প্ৰশ্ন কৰিছে । এইবোৰ ভাৱ প্ৰকাশ কৰোঁতে কেতেকীৰ লগত কবিৰ এক আত্মীয়তাৰ ভাৱ ফুটি উঠিছে । কবিতাটিৰ আৰাম্ভণি শাৰীটোৰ "সোণাই" সম্বোধনতে এই এই আত্মীয়তা স্পষ্ট হৈ পৰিছে । সেয়ে কবি কেতেকীৰ সমব্যথী ।

                       কবিয়ে চৰাইজনীক সকলো শুভ আৰু মঙ্গলৰ প্ৰতীকৰূপে আদৰি লৈছে । দেখাত যদিও কেতেকী ক্ষুদ্ৰ জীৱ , তথাপি তাৰ মাজেৰেই বিশ্ব-প্ৰেম নিৰৱচ্ছিন্নভাৱে বৈ আছে । বিশ্বৰ মঙ্গল সাধনৰ বাবেই যেন কেতেকীয়ে বিহগী জনম লৈছে আৰু পবিত্র প্ৰেমৰ ডোলেৰে গোটেই জগতখন মেৰাই থৈছে । কবিৰ মতে চৰাইজনীয়ে মিলন বাতৰিকেই কাঢ়িয়াই আনিছে আৰু সেই বাতৰিকেই সুমধুৰ সুৰত গাৱলৈ আহ্বান জনাইছে । তাৰ পিছত কবিয়ে কেতেকীৰ ভুৱন ভুলোৱা মোহিনী কন্ঠৰ মাধুৰ্য্য কীৰ্তন কৰি তাৰ অমৃত বৰষা মাতত কেনেকৈ গোটেই সংসাৰখন ভোল গৈছে সেই কথা বৰ্ণনা কৰিছে । কেতেকীয়ে মৰ্তলৈ আহিয়েই সাগৰ , গছ-গছনি , পৰ্বত-পাহাৰ সকলোকে ভুলাইছে আৰু মৰুভূমি সদৃশ সংসাৰখন অপৰূপ মৰুদ্যান ৰূপে সজাই তুলিছে । সামৰণিৰ চাৰিটা স্তৱকত কবিয়ে কেতেকীক প্ৰেমৰ প্ৰতীক বুলি কল্পনা কৰিছে । কবিৰ ভাষাত -"প্ৰেমৰ সোৱাদ বিলাব আহিছ , দেৱদূত ৰূপ ধৰি । "  কেতেকী চৰাইজনীৰ প্ৰসংগাত পঞ্চমুখ হৈ পৰা এনে বৰ্ণনাৰপৰা কবিতাটিক এটি "বিহগী প্ৰশস্তি কবিতা বুলিও ক'ব পাৰি । 
                 প্ৰকৃতিৰ প্ৰশস্তি , নৈসৰ্গিক প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ , প্ৰকৃতিৰ শোভাত তন্ময় ভাৱ ৰোমাণ্টিক যুগৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ ভেটিত ৰঘুনাথ চৌধাৰীৰ "কেতেকী" এটি ৰোমাণ্টিক বৈশিষ্ট্যপূৰ্ণ কবিতা ।

প্ৰসংগ পুথি : অসমীয়া কবিতাৰ বিচাৰ ( ড. বিমল মজুমদাৰ )

অম্বিকাগিৰি ৰায়চৌধুৰী

অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) 

কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত ‘তুমি’ আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে । 

১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায় । তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগীতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল । 

১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। 

ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ,স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে । 

তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’(১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে । 

ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে । এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো ‘তুমি’ আৰু ‘বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ । ‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে । 

তেখেতেৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, “দুৰ্গম গিৰি কান্তাৰ মৰু” অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায় । কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে । ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ ।

১৯৬৭ চনৰ ২ জানুৱাৰীত ৮২ বছৰ বয়সত অসম আৰু অসমীয়া জাতি-সত্তাৰ চিম্তা মনত লৈয়েই অসম কেশৰী অম্বিকাগিৰিয়ে মৃত্যুবৰণ কৰে ।









Wednesday, July 3, 2019

কুশান গান


অবিভক্ত গোৱালপাৰাত প্ৰচলিত এক জনপ্ৰিয় লোক-নাট্যানুষ্ঠান। কোচসকলে গোৱা গানৰ পৰা কুশান অথবা সীতাৰ পুত্ৰ কুশৰ দ্বাৰা প্ৰচাৰিত গীতৰ পৰা এই কুশান শব্দৰ উদ্ভৱ হোৱা বুলি বহুতে বিশ্বাস কৰে। কোনো কোনোৱে কোচ ৰাজত্বৰ আগৰেপৰা এই কুশান গানৰ প্ৰচলন হোৱা বুলি ক’ব খোজে। যদিও কুশান গানত ৰামায়ণৰ কাহিনীহে গোৱাৰ নিয়ম কিন্তু স্থান বিশেষে বহু কুশান গানৰ দলে মহাভাৰত আৰু অন্যান্য পুৰাণৰ গীতো পৰিবেশন কৰা দেখা যায়। প্ৰায় একুৰিৰো অধিক কলা-কুশলীৰে এই অনুষ্ঠান পৰিপূৰ্ণ। গানৰ মূল গায়কজনক কোৱা হয় গীদাল। গীদালে ওজাপালিৰ ওজাৰ দৰে হাতত চোঁৱৰ লৈ গোটেই অনুষ্ঠানটোৰ গুৰি বঠা ধৰে। গীদালে লগাই দিয়া পদবোৰ পাইল বা পালিয়ে সুৰ ধৰি গায়। খোল, তাল, পেঁপা, বাঁহী, দোতাৰা বাদ্য বজোৱা বাদক বা বাইনে গীতৰ সংগীত পৰিবেশন কৰে। সংগীতৰ তালে তালে চুকুৰীসকলে নৃত্য পৰিবেশন কৰে। গীদাল-দোৱাৰীয়ে ওজাপালি অনুষ্ঠানৰ দৰে গীত-পদ অৰ্থব্যঞ্জক মুদ্ৰাসহ পৰিবেশন কৰে। কেতিয়াবা বিসংগতিপূৰ্ণ হাস্যৰসাত্মক উপ-কাহিনীও তেওঁলোকে উপস্থাপন কৰে। তেতিয়াই চুকুৰীসকলে নাচে। কুশান গানত বেণাৰ ব্যৱহাৰ অপৰিহাৰ্য। সম্প্ৰতি কুশান গানত কৃত্তিবাসী ৰামায়ণৰ পদ গোৱা হয় যদিও প্ৰাচীন কালত এই পৰম্পৰা নাছিল। মাধৱ কন্দলি, দুৰ্গাবৰৰ অসমীয়া ৰামায়ণ দুষ্প্ৰাপ্য হোৱা বাবে দাঁতি কাষৰীয়া কৃত্তিবাসী ৰামায়ণৰ সহজলভ্য ছপা সংস্কৰণসমূহে কুশান গানৰ দলক বেছি উপকৃত কৰাৰ ফলতেই এনে হ’বলৈ পাইছে। আগতে পুৰুষেই নাৰীৰ সাজ-সজ্জা পৰিধান কৰি চুকুৰী হৈছিল যদিও সম্প্ৰতি নাৰীয়ে এই কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে।

Monday, July 1, 2019

উমাচল শিলালিপি


উমাচল শিলালিপি অসমত বৰ্তমানলৈ আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব ঢালৰ উমাচল পাহাৰত আৱিষ্কৃত হৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই শিলালিপি দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম ইয়াত সুৰেন্দ্ৰ বাৰ্মা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য।  যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লেখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।

কিছু পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগজাৰি খনিকৰগাঁও শিলালিপি অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শিলালিপি।

উমাচল গুহা

২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মান কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেন্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেন্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।

পাঠ

উমাচল শিলালিপি
মহাৰাজধীৰাজ শ্ৰী
সুৰেন্দ্ৰবৰ্মন কৃতম
ভগৱত বলভদ্ৰ
স্বামীনায় ইধম গুহম

অসমীয়া অনুবাদ

"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বর্মনে নিৰ্মান কৰাইছিল।

(সংগ্ৰহ)