মানুহ স্বভাৱতে ভ্ৰমণ বিলাসী। সকলো মানুহৰে ভ্ৰমণৰ দুৰ্বাৰ আকাংক্ষা থাকে। অৱশ্যে সকলো মানুহৰ ভ্ৰমণৰ উদ্দেশ্য ভিন্ন। ভ্ৰমণৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ স্বাদ নিজৰ মাজতে আবদ্ধ নাৰাখি আনকো তাৰ ভাগ দিয়াৰ চেষ্টাৰ ফলশ্ৰুতিত সৃষ্টি হৈছে ভ্ৰমণ সাহিত্য।
লেখকে ভ্ৰমণৰ বাস্তৱ অভিজ্ঞতাক নিজস্ব ৰচনাশৈলীৰে, ভাষাৰ মাধুৰ্যৰে সাহিত্য গুণ প্ৰয়োগ কৰি যেতিয়াই লিখিত ৰূপ দিয়ে তাকে ভ্ৰমণ সাহিত্যৰ অন্তৰ্ভুক্ত কৰিব পাৰি। গতিকে ভ্ৰমণ সাহিত্য হৈছে দেশ-বিদেশ ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতাৰ ফচল। বাস্তৱ তথ্য সমৃদ্ধ হোৱাৰ কাৰণেই এই শ্ৰেণীৰ সাহিত্যই সকলো ভাষাতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া ভ্ৰমণ সাহিত্যও এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়। ভ্ৰমণ সাহিত্যসমূহে অসমীয়া গদ্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে। সেয়েহে গদ্য সাহিত্যৰ ক্ষেত্ৰখনত ভ্ৰমণ সাহিত্যৰ যথেষ্ট গুৰুত্ব লক্ষ্য কৰা যায়।
ভ্ৰমণ সাহিত্যৰ বৈশিষ্ট্য
- ক) ভ্ৰমণ সাহিত্য ব্যক্তিনিষ্ঠ সাহিত্য। এই সাহিত্য সম্পূৰ্ণৰূপে লেখকৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচিত। ইয়াত লেখকে ভ্ৰমণ কৰা ঠাইৰ বৰ্ণনাৰ লগতে নিজৰ চিন্তা, অভিব্যক্তি আৰু দৃষ্টিভংগীৰ প্ৰকাশ ঘটায়।
- খ) ভ্ৰমণ সাহিত্য হ’বলৈ হ’লে লেখকজনৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি, কাব্যিক সংবেদনশীল মন আৰু ভাষাৰ প্ৰকাশ সাৱলীল হোৱা প্ৰয়োজন।
- গ) কোনো এখন ঠাইৰ প্ৰাকৃতিক, সাংস্কৃতিক, সামাজিক আদি দিশৰ বৰ্ণনাই ভ্ৰমণ সাহিত্যৰ সৃষ্টি নকৰে। ভ্ৰমণ সাহিত্য হ’বলৈ লেখাটোৰ সাহিত্যিক মূল্য থাকিব লাগিব।
No comments:
Post a Comment