Monday, July 1, 2019

উমাচল শিলালিপি


উমাচল শিলালিপি অসমত বৰ্তমানলৈ আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব ঢালৰ উমাচল পাহাৰত আৱিষ্কৃত হৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই শিলালিপি দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম ইয়াত সুৰেন্দ্ৰ বাৰ্মা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য।  যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লেখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।

কিছু পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগজাৰি খনিকৰগাঁও শিলালিপি অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শিলালিপি।

উমাচল গুহা

২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মান কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেন্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেন্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।

পাঠ

উমাচল শিলালিপি
মহাৰাজধীৰাজ শ্ৰী
সুৰেন্দ্ৰবৰ্মন কৃতম
ভগৱত বলভদ্ৰ
স্বামীনায় ইধম গুহম

অসমীয়া অনুবাদ

"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বর্মনে নিৰ্মান কৰাইছিল।

(সংগ্ৰহ)

No comments:

Post a Comment