Wednesday, July 17, 2019

"কেতেকী " কাব্য আৰু ইয়াৰ বিষয়বস্তু

"কেতেকী " কাব্য আৰু ইয়াৰ বিষয়বস্তু

জোনাকী যুগত যি কেইজন প্ৰথিতযশা কবিয়ে নিজ নিজ ৰচনাৰে অসমীয়া ৰোমাণ্টিক সাহিত্যিক সমৃদ্ধ কৰিছিল , সেইসকলৰ ভিতৰত ৰঘুনাথ চৌধাৰী অন্যতম ।  বিশ্বসাহিত্যলৈ লক্ষ্য কৰিলে দেখা যায় যে কবি-সাহিত্যিকসকলক তেওঁলোকৰ ৰচনাৰ বৈশিষ্ট্য অনুসৰিহে কোনো এটা বিশেষ উপাধিৰে বিভূষিত কৰা হয় । যিদৰে কালিদাস প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি , ৱৰ্ডছৱৰ্থ প্ৰকৃতিৰ কবি ,ক'লেৰিজ অলৌকিকতাৰ কবি , তেনেদৰে অসমীয়া সাহিত্যত ৰঘুনাথ চৌধাৰী হৈছে বিহগী কবি ।

                    ৰঘুনাথ চৌধাৰীৰ কবিতাত বিভিন্ন ভাৱ আৰু বিষয়বস্তু থাকিলেও চৰাই বিষয়ক কবিতা কেইটিয়েহে পাঠকক বিশেষভাৱে আকৃষ্ট কৰে , সেইবাবে তেওঁ বিহগী কবি ।

   '' কেতেকী '' ৰঘুনাথ চৌধাৰীৰ এখনি অনুপম কাব্য গ্ৰন্থ । পাঁচটি তৰংগ বা খণ্ডত ৰচিত এই কাব্যখনিৰ প্ৰথম খণ্ডৰ বিষয়বস্তু হ'ল অচিন অজান দেশৰপৰা আহি আকুল সুৰেৰে গীত গাই থকা কেতেকী নামৰ চৰাইজনী । কবিৰ বাবে কেতেকী চৰাইটি এটি ৰহস্য । এটি যেন সাঁথৰ । এই চৰাইটি ক'ৰ পৰা আহিল আৰু কলৈ যাব সেই কথা কবিয়ে নেজানে । অবুজ ভাষাৰে কি মাত মাতিছে , কিহৰ আশাত এই সংসাৰত ভ্ৰমি ফুৰিছে , সেইবোৰ কথাও কবিৰ অজ্ঞাত । সেইবাবে সুধিছে -----

"ক'ৰপৰা তই আহিলি সোণাই

কোন দিশে যাৱ উৰি ,

কিয় বা ফুৰিছ দূৰ দূৰণিত

অকল'ই ঘুৰি ঘুৰি । "

                          কেতেকীৰ সম্বন্ধে কবিৰ কল্পনাৰ অন্ত নাই । একো একোটা স্তৱকত বিশেষ একোটা কবি-কল্পনা মূৰ্ত্ত হৈ উঠিছে । কবিৰ ভাৱ  যে কেতেকী চৰাইজনী এনে এখন সুন্দৰ ঠাইত জন্ম লৈছে য'ত শ্ৰদ্ধা , শান্তি , আৰু দয়া বিৰাজমান । সেই দেশত প্ৰলোভন , বিভেষিকাৰ আশংকা নাই । তেনে এখন ঠাই এৰি চৰাইটি কিয়নো এই পৃথিবীলৈ আহিল সেই কথা কবিৰ বাবে এক পৰম বিস্ময় । সেয়েহে আবেগ জৰ্জৰিত কন্ঠৰে প্ৰশ্ন কৰিছে-----

"বাপ মাৱ ভাই সৱাকে এৰিলি

এৰিলি ওপজা ঠাই

গছ-পাতে সজা ঘৰটি এৰিলি

কাৰ কি আহুদি পায় । "

                        কবিয়ে চৰাইজনীক সাৱধান কৰি দি কৈছে যে , যিখন পৃথিৱীলৈ সি আহিছে , সেইখন পৃথিৱীৰ নন্দন কানন বা অমৰাৱতী নহয় , ই মায়া কাননহে । ইয়াত নিঃস্বাৰ্থ মৰম-চেনেহ আৰু অমিয়া সুখ নাই ।  তাৰ পিছত কবিয়ে তাৰ একান্ত লগৰী , সুখ-দুখৰ সমভাগী কোনোবা আছে নে নাই সেই কথা চিন্তা কৰি ব্যথিত হৈছে । ভোক-পিয়াহত আহাৰ যোগাবলৈ , দুখ -ভাগৰত বিচনাত নিকাবলৈ কোনোবা আছে নে নাই কবিয়ে প্ৰশ্ন কৰিছে । এইবোৰ ভাৱ প্ৰকাশ কৰোঁতে কেতেকীৰ লগত কবিৰ এক আত্মীয়তাৰ ভাৱ ফুটি উঠিছে । কবিতাটিৰ আৰাম্ভণি শাৰীটোৰ "সোণাই" সম্বোধনতে এই এই আত্মীয়তা স্পষ্ট হৈ পৰিছে । সেয়ে কবি কেতেকীৰ সমব্যথী ।

                       কবিয়ে চৰাইজনীক সকলো শুভ আৰু মঙ্গলৰ প্ৰতীকৰূপে আদৰি লৈছে । দেখাত যদিও কেতেকী ক্ষুদ্ৰ জীৱ , তথাপি তাৰ মাজেৰেই বিশ্ব-প্ৰেম নিৰৱচ্ছিন্নভাৱে বৈ আছে । বিশ্বৰ মঙ্গল সাধনৰ বাবেই যেন কেতেকীয়ে বিহগী জনম লৈছে আৰু পবিত্র প্ৰেমৰ ডোলেৰে গোটেই জগতখন মেৰাই থৈছে । কবিৰ মতে চৰাইজনীয়ে মিলন বাতৰিকেই কাঢ়িয়াই আনিছে আৰু সেই বাতৰিকেই সুমধুৰ সুৰত গাৱলৈ আহ্বান জনাইছে । তাৰ পিছত কবিয়ে কেতেকীৰ ভুৱন ভুলোৱা মোহিনী কন্ঠৰ মাধুৰ্য্য কীৰ্তন কৰি তাৰ অমৃত বৰষা মাতত কেনেকৈ গোটেই সংসাৰখন ভোল গৈছে সেই কথা বৰ্ণনা কৰিছে । কেতেকীয়ে মৰ্তলৈ আহিয়েই সাগৰ , গছ-গছনি , পৰ্বত-পাহাৰ সকলোকে ভুলাইছে আৰু মৰুভূমি সদৃশ সংসাৰখন অপৰূপ মৰুদ্যান ৰূপে সজাই তুলিছে । সামৰণিৰ চাৰিটা স্তৱকত কবিয়ে কেতেকীক প্ৰেমৰ প্ৰতীক বুলি কল্পনা কৰিছে । কবিৰ ভাষাত -"প্ৰেমৰ সোৱাদ বিলাব আহিছ , দেৱদূত ৰূপ ধৰি । "  কেতেকী চৰাইজনীৰ প্ৰসংগাত পঞ্চমুখ হৈ পৰা এনে বৰ্ণনাৰপৰা কবিতাটিক এটি "বিহগী প্ৰশস্তি কবিতা বুলিও ক'ব পাৰি । 
                 প্ৰকৃতিৰ প্ৰশস্তি , নৈসৰ্গিক প্ৰকৃতিৰ প্ৰতি আকৰ্ষণ , প্ৰকৃতিৰ শোভাত তন্ময় ভাৱ ৰোমাণ্টিক যুগৰ কবিতাৰ অন্যতম বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ ভেটিত ৰঘুনাথ চৌধাৰীৰ "কেতেকী" এটি ৰোমাণ্টিক বৈশিষ্ট্যপূৰ্ণ কবিতা ।

প্ৰসংগ পুথি : অসমীয়া কবিতাৰ বিচাৰ ( ড. বিমল মজুমদাৰ )

অম্বিকাগিৰি ৰায়চৌধুৰী

অম্বিকাগিৰি ৰায়চৌধুৰী (ইংৰাজী Ambikagiri Raichoudhury; ১৮৮৫-১৯৬৭) 

কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ।

অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ১৯১৫ চনত ‘তুমি’ আৰু ১৯১৬ চনত ‘বীণা’ নামৰ কবিতা পুথি প্ৰকাশ কৰে । 

১৯১৮ চনত চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত ‘চেতনা’ নামৰ মাহেকীয়া আলোচনী উলিয়ায় । তেখেতে ‘চেতনা’ৰ লিখাবোৰত স্বাধীনতা আন্দোলন, অসহযোগীতা, ৰাজনীতিত হিংসা-অহিংসাৰ স্থান, দেশ-বিদেশৰ বিবিধ সমস্যা আদিৰ উপৰিও বিশেষভাৱে অসম দেশ,অসমৰ জাতীয় সমস্যা আদিৰ বিষয়ে বিষদভাৱে আলোচনা কৰিছিল । 

১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত জেলত থাকোঁতে বহুতো জাতীয়তাবাদী গীত ৰচনা কৰে। ইয়াৰেই ইংৰাজী ভাঙনি ‘Songs of The Cell’ নামেৰে পিছলৈ প্ৰকাশ পায়। 

ৰায়চৌধুৰীৰ প্ৰকাশিত আন কবিতা পুথিসমূহ হ’ল- ‘অনুভূতি’, ‘স্থাপন কৰ,স্থাপন কৰ’(১৯৫৮), ‘বেদনাৰ উল্কা’(১৯৬৪) আৰু ‘আজি বন্দো কি ছন্দেৰে । 

তাৰ বাহিৰেও ভালেখিনি কবিতা বিবিধ আলোচনীত প্ৰকাশ পায়। গদ্যৰ ভিতৰত ‘আহুতি’(১৯৫৪), ‘ডেকা-ডেকেৰীৰ বেদ’ আৰু ‘কল্যাণময়ী’, ‘ভক্তগৌৰৱ’, ‘জয়দ্ৰথ বধ’ নামৰ তিনিখন নাটক প্ৰকাশ হৈছে । 

ৰায়চৌধুৰীৰ কবিতাত দুটা প্ৰধান সুৰ ধ্বনিত হৈছে । এটা হৈছে দৃপ্ত জাতীয়তাবাদৰ দুন্দভিধ্বনি আৰু আনটো ‘তুমি’ আৰু ‘বীণাত থকা ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ । ‘তুমি’ কাব্য প্ৰিয়তমাৰ দৈহিক সৌন্দৰ্য-আকৰ্ষণত আৰম্ভ হৈ শেষত বিশ্বসুন্দৰৰ বিশ্বব্যাপী সৌন্দৰ্য আৰু অতীন্দ্ৰিয় আকৰ্ষণত পৰিসমাপ্তি ঘটিছে । 

তেখেতেৰ জাতীয়তাবাদী কবিতাত নিষ্পেষণ আৰু অত্যাচাৰৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ, “দুৰ্গম গিৰি কান্তাৰ মৰু” অতিক্ৰম কৰি জীৱনযুদ্ধত বীৰদৰ্পে আগবাঢ়িবলৈ উদাত্ত আহ্বান পোৱা যায় । কবিয়ে এনে এটা জীৱন কামনা কৰে য’ত ব্যক্তিয়ে সংগ্ৰামৰ মাজেদি সকলো গ্লানি,ভণ্ডামি,নীচতা আঁতৰাই মানৱতাই বিকাশ ঘটাব পাৰে । ৰায়চৌধুৰীৰ কবিতাৰ শব্দগঠন আৰু তান বা শ্বাসাঘাত প্ৰধান বলিষ্ঠ ছন্দও অসমীয়া কবিতাৰ বিশেষ সম্পদ ।

১৯৬৭ চনৰ ২ জানুৱাৰীত ৮২ বছৰ বয়সত অসম আৰু অসমীয়া জাতি-সত্তাৰ চিম্তা মনত লৈয়েই অসম কেশৰী অম্বিকাগিৰিয়ে মৃত্যুবৰণ কৰে ।









Wednesday, July 3, 2019

কুশান গান


অবিভক্ত গোৱালপাৰাত প্ৰচলিত এক জনপ্ৰিয় লোক-নাট্যানুষ্ঠান। কোচসকলে গোৱা গানৰ পৰা কুশান অথবা সীতাৰ পুত্ৰ কুশৰ দ্বাৰা প্ৰচাৰিত গীতৰ পৰা এই কুশান শব্দৰ উদ্ভৱ হোৱা বুলি বহুতে বিশ্বাস কৰে। কোনো কোনোৱে কোচ ৰাজত্বৰ আগৰেপৰা এই কুশান গানৰ প্ৰচলন হোৱা বুলি ক’ব খোজে। যদিও কুশান গানত ৰামায়ণৰ কাহিনীহে গোৱাৰ নিয়ম কিন্তু স্থান বিশেষে বহু কুশান গানৰ দলে মহাভাৰত আৰু অন্যান্য পুৰাণৰ গীতো পৰিবেশন কৰা দেখা যায়। প্ৰায় একুৰিৰো অধিক কলা-কুশলীৰে এই অনুষ্ঠান পৰিপূৰ্ণ। গানৰ মূল গায়কজনক কোৱা হয় গীদাল। গীদালে ওজাপালিৰ ওজাৰ দৰে হাতত চোঁৱৰ লৈ গোটেই অনুষ্ঠানটোৰ গুৰি বঠা ধৰে। গীদালে লগাই দিয়া পদবোৰ পাইল বা পালিয়ে সুৰ ধৰি গায়। খোল, তাল, পেঁপা, বাঁহী, দোতাৰা বাদ্য বজোৱা বাদক বা বাইনে গীতৰ সংগীত পৰিবেশন কৰে। সংগীতৰ তালে তালে চুকুৰীসকলে নৃত্য পৰিবেশন কৰে। গীদাল-দোৱাৰীয়ে ওজাপালি অনুষ্ঠানৰ দৰে গীত-পদ অৰ্থব্যঞ্জক মুদ্ৰাসহ পৰিবেশন কৰে। কেতিয়াবা বিসংগতিপূৰ্ণ হাস্যৰসাত্মক উপ-কাহিনীও তেওঁলোকে উপস্থাপন কৰে। তেতিয়াই চুকুৰীসকলে নাচে। কুশান গানত বেণাৰ ব্যৱহাৰ অপৰিহাৰ্য। সম্প্ৰতি কুশান গানত কৃত্তিবাসী ৰামায়ণৰ পদ গোৱা হয় যদিও প্ৰাচীন কালত এই পৰম্পৰা নাছিল। মাধৱ কন্দলি, দুৰ্গাবৰৰ অসমীয়া ৰামায়ণ দুষ্প্ৰাপ্য হোৱা বাবে দাঁতি কাষৰীয়া কৃত্তিবাসী ৰামায়ণৰ সহজলভ্য ছপা সংস্কৰণসমূহে কুশান গানৰ দলক বেছি উপকৃত কৰাৰ ফলতেই এনে হ’বলৈ পাইছে। আগতে পুৰুষেই নাৰীৰ সাজ-সজ্জা পৰিধান কৰি চুকুৰী হৈছিল যদিও সম্প্ৰতি নাৰীয়ে এই কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে।

Monday, July 1, 2019

উমাচল শিলালিপি


উমাচল শিলালিপি অসমত বৰ্তমানলৈ আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি শিলালিপি। খ্ৰীষ্টীয় পঞ্চম শতিকাৰ এই শিলালিপি গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূব ঢালৰ উমাচল পাহাৰত আৱিষ্কৃত হৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই শিলালিপি দৃষ্টিগোচৰ হৈছিল। শিলালিপিখনত বৰ্মন ৰাজবংশৰ ৰজা মহেন্দ্ৰ বৰ্মাৰ (খ্ৰী.৪৭০–৪৯৪) নাম খোদিত হৈ আছে। তেওঁৰ নাম ইয়াত সুৰেন্দ্ৰ বাৰ্মা বুলি উল্লেখ আছে। পুৰণি কালত ৰজা মহাৰজাৰ নাম তেওঁলোকৰ নামৰ সমাৰ্থক নামেৰেও ৰখা নিয়ম আছিল। শিলালিপিত ব্যৱহাৰ কৰা লিপি গুপ্ত বংশৰ গুপ্ত লিপিৰ পূৰ্বী ভাগ আৰু ভাষা সংস্কৃত গদ্য।  যদিও নীলাচল পাহাৰ শক্তিপীঠ কামাখ্যা মন্দিৰৰ বাবে বিখ্যাত, শিলালিপিত উল্লেখিত মন্দিৰ বলভদ্ৰৰ নামত উছৰ্গিত। বলভদ্ৰ বৈষ্ণৱ পন্থাৰ এক দেৱতা। ই অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন।

কিছু পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগজাৰি খনিকৰগাঁও শিলালিপি অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শিলালিপি।

উমাচল গুহা

২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মান কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেন্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেন্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত আছে।

পাঠ

উমাচল শিলালিপি
মহাৰাজধীৰাজ শ্ৰী
সুৰেন্দ্ৰবৰ্মন কৃতম
ভগৱত বলভদ্ৰ
স্বামীনায় ইধম গুহম

অসমীয়া অনুবাদ

"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বর্মনে নিৰ্মান কৰাইছিল।

(সংগ্ৰহ)