কীৰ্তিনাথ হাজৰিকা (ইংৰাজী: Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল। তেওঁ ১৯৮৮ চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অনুষ্ঠিত হোৱা ৫৪ তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল । কীৰ্তিনাথ হাজৰিকাৰ ২০০২ চনৰ ৩ মে তাৰিখে দেহৱসান ঘটে।
(জন্ম : ২২ আগষ্ট, ১৯২২)
পেচা : =সাংবাদিক , গল্পকাৰ , প্ৰবন্ধকাৰ
সাহিত্যিক অৱদান
অনুবাদ গ্ৰন্থ :
১) এহেজাৰ এনিশাৰ সাধু
২) দাপোণৰ দেশত এলিচ
৩) ৰামধেনু
৪) নৈখনে কথা কোৱাৰ দিছা
৫) মতিলাল ঘোষ
৬) গৌতম বুদ্ধ
৭) কিতাপৰ বিচিত্ৰ পৃথিৱী
৮) মনৰ কথা।
শিশু সাহিত্য :
১) ফুটুকাৰ ফেন
২) অলৌগুটি টলৌগুটি
৩) হুঁচৰিয়ে হাওঁ।
অন্যান্য গ্ৰন্থ :
১) নাৰদৰ ডায়েৰী
২) বিকৰ্ষণ আকৰ্ষণ
৩) অসমীয়া সাংবাদিকতা
৪) অসম আৰু নেতৃত্ব
পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান :
বি ডি গোৱেঙ্কা বঁটা, (১৯৮৬)
দুৰ্গাৰতন বঁটা, (১৯৮৭)
শ্ৰীমন্ত শংকৰদেৱ বঁটা, (১৯৮৮)
সাহিত্যিক পেঞ্চন,(১৯৮৭)
No comments:
Post a Comment