Thursday, November 28, 2019

শ্ৰীমন্ত শঙ্কৰদেৱৰ নাট-ভাওনাৰ প্ৰসঙ্গ আৰু ইয়াৰ প্ৰাসংগিকতা

শ্ৰীমন্ত শঙ্কৰদেৱৰ নাট-ভাওনাৰ প্ৰসঙ্গ আৰু ইয়াৰ প্ৰাসংগিকতা

অসমীয়া জাতি-সংস্কৃতিৰ পিতৃ, ধৰ্মৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মধ্য যুগৰ এক জটিল পৰিস্থিতিত, খ্ৰীঃ পোন্ধৰ-ষোল্ল শতিকাত ‘কৃষ্ণ’ কেন্দ্ৰিক যি সাংস্কৃতিক আন্দোলনৰ সূচনা কৰি ব্যাপ্তি ঘটালে সেয়া এক বিস্ময়কৰ কথা। অসমীয়া সমাজ জীৱনক এক ‘সাংস্কৃতিক গঠন’ প্ৰদান কৰি ‘ধৰ্মৰ মৰ্ম আয়ত্ত কৰোৱাৰ বাবে গ্ৰহণ কৰা অনেক মাধ্যমৰ ভিতৰত তেৰাৰ সৃষ্টি ‘নাট’ আৰু সেই নাটৰ ‘অভিনয়’ৰ প্ৰসঙ্গ অতিকে উল্লেখযোগ্য।

শ্ৰীমন্ত শঙ্কৰদেৱে ব্ৰজাৱলী ভাষাত ৰচিত তেৰাৰ নাট সমূহৰ ‘অভিনয়’ অৰ্থাৎ ‘ভাওনা’ৰ জৰিয়তে সেই সময়ৰ অসমীয়া সমাজৰ নিৰক্ষৰ, চহা-গাঁৱলীয়া লোকৰ মন জয় কৰাৰ লগতে ‘বাৰ্তা। প্ৰেৰকৰ শক্তিশালী মাধ্যম ৰুপে পৰিগণিত হৈছিল। সাম্প্ৰতিক সময়ত যিকোনো ‘বাৰ্তা’ বা ‘আবেদন’ জনসাধাৰণৰ কাষলৈ কঢ়িয়াই নিয়াত যিদৰে নাটকৰ অভিনয়ক শক্তিশালী মাধ্যম ৰুপে গণ্য কৰা হৈছে সেয়া শঙ্কৰদেৱে তাহানিতে সমাধা কৰি থৈ গৈছে- ‘ভাওনা’ৰ জৰিয়তে।

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৰদোৱাত ‘চিহ্নযাত্ৰা’ নাটৰ অভিনয়ৰে ‘ভাওনা’ সংস্কৃতি গঢ় দিছিল আৰু প্ৰসাৰ ঘটাইছিল। তেৰাৰ আদৰ্শৰ বাৰ্তা বাহক ৰুপে ‘চিহ্নযাত্ৰা’ ভাওনাত ‘ৰঘুপতি ৰজকৰ পুত্ৰই লক্ষ্মীৰ ভাও লোৱা’ কাৰ্যই সমাজৰ সৰ্বস্তৰৰ লোকৰ অনুভূক্তি আৰু জাত-পাতৰ উৰ্দ্ধত এক বৃহত্তৰ অসমীয়া সমাজৰ ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। কেৱল সিমানেই নহয় মহাপুৰুষ জনাই ‘ভাওনা’ সংস্কৃতিক কেন্দ্ৰ কৰি সৃষ্টি অথবা প্ৰৱৰ্তন কৰা বিবিধ ক’লা-কৌশলৰ ভূমিকাও অতিকে স্মৰণীয় বা বন্দিত। ‘সত্ৰ’ আৰু ‘নামঘৰ’ নিৰ্মাণ কৰি দিয়াৰ লগে লগে মুকলি হৈছিল অনেক মূল্য বোধৰ ভাণ্ডাৰ। দেখি-দেখুৱাই, কৰি-কৰোৱাই মহাপুৰুষ জনাই সমাজত প্ৰেৰিত কৰিছিল সৌন্দৰ্য বোধৰ ধাৰণা, প্ৰতি সন্মান বোধৰ অমিয়া মাধুৰী। এনেদৰেই ‘শঙ্কৰদেৱৰ নাট-ভাওনাই জাতীয় জীৱনত এক সাংস্কৃতিক জাগৰণৰ সৃষ্টি কৰি গভীৰ ভাৱে চাপ বহুৱাই থৈ যায়- যাৰ বাবে শঙ্কৰদেৱৰ ভাওনাই অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ হৈ পৰিল’।

‘ভাওনা’ সংস্কৃতিক কেন্দ্ৰ কৰি গুৰু জনাই সৃষ্টি কৰিছিল বয়ন শিল্প, কুটীৰ শিল্প- অসমীয়া সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ভেটি। তাতোকৈয়ো বিস্ময়কৰ উদ্ভাৱন আছিল- ‘ভাওনা’ত ব্যৱহৃত আলোক ব্যৱস্থা, নৃত্য-বাদ্য, গীত, গায়ন-বায়ন ব্যৱস্থা, খোল-তালৰ ব্যৱহাৰ, মঞ্চ নিৰ্মাণ কৌশল, লোক কলাক মৰ্যাদা দানেৰে ছো-মুখা শিল্প, ৰং-তুলিকাৰ ব্যৱহাৰ, হস্তশিল্প, ফুলজাৰি, আটচবাজিৰ ব্যৱহাৰ ইত্যাদি। উক্ত বিবিধ কৰ্ম সম্পাদন কৰিবৰ বাবে তেখেতে সমাজৰ সৰ্বস্তৰৰ লোককে অন্তৰ্ভূক্ত কৰিছিল। ফলস্বৰুপে ‘ভাওনা’ই সমাজৰ সৰ্বস্তৰতে জনপ্ৰিয়তা লাভ কৰি এটা সময়ত ‘জাতীয় সংস্কৃতি’ত পৰিণত হৈছিল। সমাজৰ সকলো লোককে সমাজ অন্তৰ্ভূক্তিৰ উপৰিও সকলো লোককে আকৰ্ষণ তথা আনন্দ প্ৰদান কৰিবৰ বাবে ‘ভাওনা’ত দেখুওৱা যুদ্ধ-বিগ্ৰহ, বিবিধ ৰসৰ সমাহাৰ, নৃত্য-গীত-বাদ্য-চিত্ৰকলাৰ ভূমিকাও অতিকে উল্লেখযোগ্য।

ৰজা ঘৰৰ পৰা প্ৰজা ঘৰ লৈকে সমাদৃত হোৱা ‘ভাওনা’ সংস্কৃতিৰ জনপ্ৰিয়তা প্ৰসঙ্গত ১৯৭৫ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰ উদ্যোগত কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী নাৰায়ণ চন্দ্ৰ গোষবামীৰ সাংগঠনিক সক্ষতাৰে সুদূৰ ইণ্ডোনেচীয়াত গুৰু জনাৰ ‘ৰামবিজয়’ অংকীয়া নাটৰ অভিনয় অৰ্থাৎ ‘ভাওনা’ প্ৰদৰ্শন সম্ভৱ হৈছিল। এনেধৰণেৰে জনপ্ৰিয়তা লাভ কৰাৰ প্ৰসঙ্গত উল্লেখযোগ্য কথা হ’ল- ‘ভাওনা’ সংস্কৃতিয়ে অসমীয়া সমাজ জীৱনলৈ আনি দিয়া আমূল পৰিৱৰ্তন। প্ৰচলিত সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন কামনাৰে প্ৰৱৰ্তন কৰা ‘ভাওনা’ই সমাজত গঢ় দিছিল মূল্যবোধৰ অনেক চিন্তা-চেতনাৰে। সেই নব্য-মূল্য বোধ সম্পন্ন উপলব্ধিত সমাজৰ সমস্ত জনে অনুভৱ কৰিছিল- একতাৰ মৰ্ম, সহায়-সহযোগিতা তথা দিয়া-লোৱাৰ গুণ, সমূহীয়া ভাবে কাম কৰাৰ আনন্দ, কৰ্মত আনন্দ সংযোগৰ ব্যৱস্থা। লগে লগে বৃদ্ধি পাইছিল প্ৰতিযোগিতা মূলক ভাবৰ, ফুটি উঠিছিল মানুহৰ সৌন্দৰ্য বোধৰ ধাৰণা, কলা প্ৰীতি তথা শৈল্পীক গুণ। ইয়াৰ উপৰিও ‘ভাওনা’ কেন্দ্ৰীক আচাৰ অনুষ্ঠান, ৰীতি-নীতিয়ে অসমীয়া সমাজ জীৱনক দিছিল শৃংখলিত, ৰুচি সন্মত তথা পৰিশীলিত এক জীৱন শৈলী- যি শৈলীত পবিত্ৰ ভাৱ আৰু স্বাস্থ্য বিধিকে আদি কৰি খাদ্যভাসৰ দৰে অনেক বিধি কৌশলৰ দীৰ্ঘম্যাদী ফল জড়িত হৈ আছে। কিয়নো ‘কলা-চৰ্চাত বা সংস্কৃতি চৰ্চাত ধৰ্মভাৱ বা পবিত্ৰতা সংযোগ হ’লেহে কলা বা সংস্কৃতিৰ হৰণ-ভগন নহয়। পবিত্ৰতাৰ ব্যতিৰেকে কলা বা সংস্কৃতি মৰহি যায়। পবিত্ৰতা বা ধৰ্ম ভাৱে ক’লা সংস্কৃতিক জীপ দি বাঢ়ি সহায় কৰে’।

‘মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ জন্মদাতা’ শঙ্কৰদেৱ ‘ভাওনা’ৰ জৰিয়তে অসমীয়া মানুহৰ মানসিক উত্তৰণ সাধন কৰিছিল। যুক্তিবাদী চিন্তা, সচেতন গুণ উন্নত জীৱন ধাৰণৰ যে সঁচাৰ কাঠী সেই কথা ‘ভাওনা’ৰ জৰিয়তে প্ৰতিপন্ন কৰি দেখুওৱাইছিল। মানুহে ‘ভাওনা’ৰ পৰা আহৰণ কৰিছিলজীৱনৰ মহত্ততম কথা- ধৰ্ম অথবা সত্যৰ জয়, অধৰ্ম অথবা অসত্যৰ পৰাজয়। লগতে মানুহক আয়ত্ত কৰোৱাইছিল সুস্থ সমাজৰ চালিকা শক্তি- ন্যায় অন্যায়ৰ প্ৰসঙ্গ, হিংসাৰ ঠাইত অহিংসা, অসংযমৰ ঠাইত সংযম, অধৈৰ্যৰ বিপৰীতে ধৈৰ্য, হত্যাৰ বিপৰীতে স্নেহ, ভাতৃত্ববোধ, মানৱতাবোধ, সততাৰ লগতে নৈতিক চৰিত্ৰ, শৃঙ্খলা, ভক্তিৰ মাহাত্ম্যৰ সত্যৰ জয়যাত্ৰা আৰু সত্যই যে শেষ সত্য আৰু চিৰ সুন্দৰ তথা শাশ্বত সেই কথাও। উদাহৰণ স্বৰুপে- ৰুক্মিণীহৰণত ৰুক্মবীৰৰ লগত, পাৰিজাত হৰণত নৰকৰ লগত, কেলিগোপালত শঙ্খচোৰৰ লগত, কালীয় দমনত কালী নাগৰ লগত কৃষ্ণৰ বিৰোধ আৰু সেই বিৰোধত নৰক, ৰুক্মবীৰ, কালীনাগ, শঙ্খচোৰৰ বধ আৰু দমনৰ জৰিয়তে দুস্কৃতিৰ বিনাশ আৰু সংস্কৃতিৰ জয় অৰ্থাৎ ধৰ্মৰ জয় দেখুৱালে- কেনেকৈ আধ্যাত্মিক সাধনা জাতীয় সংস্কৃতিৰ মাজেদি প্ৰকট হ’ব পাৰে। লগতে প্ৰদান কৰিলে পৰিশোধনৰ জৰিয়তে চিত্তবৃত্তিক উত্তৰণৰ মন্ত্ৰ।

শঙ্কৰদেৱে তেৰাৰ নাট অভিনয় অৰ্থাৎ ‘ভাওনা’ৰ জৰিয়তে সৃষ্টি কৰা প্ৰোথিত কৰা উক্ত গুণৰাশি তথা মূল্যবোধ সম্পন্ন বাৰ্তা বা আবেদন সৰ্বকালৰ সৰ্বমানৱৰ মঙ্গলৰ বাবেই প্ৰাসংগিক। উল্লেখযোগ্য যে ‘অংকীয়া ভাওনা’ এটা সময়ত টুটি আহিছিল। তাৰ ঠাইত একে আখ্যান, উপাখ্যান, কাহিনী তথা আবেদন সম্বলিত মাতৃভাষাৰ নাট ৰচনা আৰু অভিনয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও মাতৃভাষাৰ ভাওনায়ো আজিৰ পৰা কিছুদিনৰ পূৰ্বে জনপ্ৰিয়তাৰ ব্যাপকতা হেৰুৱাৰ উপক্ৰম হৈছিল। ফল স্বৰুপে অসমীয়া সমাজ জীৱনৰ সুস্থ ৰুচিবোধ তথা চালিকা শক্তি যেন অস্তমিত হ’বলৈ ধৰিছিল।

সময় পৰিৱৰ্তনশীল। পৰিৱৰ্তিত সময়ত মানুহৰ ৰুচি-অভিৰুচি =ৰ পৰিৱৰ্তন হয়। এনে যুক্তিৰ খাতিৰতহে যেন পৰিৱৰ্তনতথা জনপ্ৰিয়তা হ্ৰাস হৈছিল অসমীয়া সমাজ জীৱন তথা ‘পৰৱৰ্তী সত্ৰীয়া-নৃত্য-গীতৰ আধাৰ স্বৰুপে’ এই ভাওনা সংস্কৃতিৰ। সাম্প্ৰতিক সময়ত শঙ্কৰদেৱৰ সৃষ্ট ‘ভাওনা সংস্কৃতি’ৰ প্ৰাসংগিকতা অত্যন্ত গৰুৰী। বৰ্তমান ভাঙোনমূখী অসমীয়া সমাজ জীৱনৰ ঐতিহ্য উদ্ধাৰ কৰিবৰ নিমিত্তে সদভাৱ-সম্প্ৰীতি, সহিষ্ণুতা গুণ বৃদ্ধিৰ কাৰক এই ‘ভাওনা সংস্কৃতি’ৰ ভূমিকা অনস্বীকাৰ্য। তাকে সৰোগত কৰি ক্ৰমে পুনৰ ঠন ধৰি উঠা ‘ভাওনা সংস্কৃতি’ৰ প্ৰসাৰ আৰু প্ৰচাৰ জাতিটোৰ বাবে শুভ লক্ষণ। এনে পদক্ষেপ সুধী সমাজৰ বাবে সদায় আদৰণীয়।

সেয়েহে ইয়াৰ প্ৰাসংগিকতা সদায়ে আছে আৰু থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস।

বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰাসঙ্গিকতা



মধ্যযুগীয় সাংস্কৃতিক আন্দোলনে শঙ্কৰদেৱৰ প্ৰতিভাত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল – তাৰে পৰাই ফুলে পাতে বিকশিত হৈ উঠিল অসমীয়া সংস্কৃতি। এই সাংস্কৃতিক আন্দোলনে অসমীয়া সমাজ জীৱনক এক নতুন বাটৰ সন্ধান দিলে, এক ঐক্যবদ্ধ বৃহত্তৰ অসমীয়া সমাজৰ ভেটি গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিলে।

তাৰেই ধাৰাবাহিকতাত ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। শংকৰী সাহিত্যৰ অমূল্য সম্পদক পোহৰাই তোলাৰ পথেৰে অসমীয়া ভাষা-সাহিত্য-সৎস্কৃতি-শিল্পক আধুনিকীকৰণেৰে সঞ্জীৱীত কৰি লক্ষ্মীনাথ বেজবৰুৱাই আত্মবিস্মৃতি অসমীয়াৰ মনৰ হীনমন্যতা দূৰ কৰি জন্ম দিলে আত্মবিশ্বাস আৰু আশাবাদৰ।

ৰেনেছা বা নৱজাগৰণৰ মাজেৰে ভাৰতীয় সমাজৰ অভ্যন্তৰত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পৰাই জন্ম হয় সাম্য-মৈত্ৰী, নাৰীৰ মৰ্য্যদা, নাৰী স্বাধীনতা, মানৱতাবাদী চিন্তা-ভাবনাৰ। তাৰ প্ৰভাৱত অসমতো শিল্প সাহিত্য তথা সমাজ জীৱনত যি আধুনিক চিন্তা-ভাবনাই ভুমুকি মাৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য কৰ্মত তাৰেই সংহত ৰূপ আমি দেখিবলৈ পাওঁ।

অসমীয়া বৈষ্ণৱ ধৰ্মৰ উদাৰ প্ৰভাৱ আৰু কলিকতাৰ নব্য উদাৰপন্থী পাশ্চাত্য শিক্ষা প্ৰণোদিত আধুনিকতা – এই বহল মানসিক পৰিমণ্ডলটো বেজবৰুৱাৰ সাহিত্য সৃষ্টিৰ সুষমা। ইউৰোপীয় সাহিত্যৰ নৱজাগৰণপ্ৰসূত কাব্যিকতা আৰু ৰোমাণ্টিকতা, মানৱিকতা, জাতীয়তাবোধ, স্বদেশ-প্ৰেম আদি ভাৱনা চিন্তাবোৰে বেজবৰুৱাক বাৰুকৈয়ে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিছিল।

এই অনুপ্ৰেৰণাৰ পথেৰেই আত্মপ্ৰকাশ কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভা(অ:ভা:উ:সা:)। লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ উদ্যোগত অ:ভা:উ:সা: সভা আৰু ‘জোনাকী’ কাকতেই আধুনিক অসমীয়া সাহিত্যত নবন্যাস ধাৰাৰ প্ৰৱৰ্ত্তন কৰে। সেই সময়তেই তেওঁ আধুনিক অসমীয়া সাহিত্যৰ মহাৰথীৰূপে আৱিৰ্ভূত হয়।

লক্ষ্মীনাথ বেজবৰুৱা একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, উপন্যাসিক,ব্যংগ ৰচনা লিখক, জীৱনীকাৰ, সাহিত্য সমালোচক, শিশু সাহিত্যিক, বুৰঞ্জী লিখক আৰু সাৰ্থক গদ্যৰ ৰচিয়তা। আধুনিক সাহিত্যৰ সকলো দিশতেই বেজবৰুৱাৰ প্ৰতিভা বিকশিত আৰু সুপ্ৰতিষ্ঠিত। তেওঁৰ জীৱন হৈছে এগৰাকী অফুৰন্ত কৰ্মশক্তিসম্পন্ন মহান ব্যক্তিৰ দেশপ্ৰেমৰ কাহিনী। সেয়ে তেওঁৰ ৰচনাৰ ঘাই বৈশিষ্ট সুস্থ আশাবাদ আৰু জাগ্ৰত দেশপ্ৰেম।

লক্ষ্মীনাথ বেজবৰুৱাৰ সময়ত অসমৰ সমাজ জীৱনত ধৰ্ম্মীয় কুসংস্কাৰ, ভিন্ন ভিন্ন পৰস্পৰ বিৰোধী মানসিকতা, সাম্প্ৰদায়িক ভেদাভেদ, জনগোষ্ঠীগত ভিন্ন ভিন্ন অস্তিত্ববোধৰ প্ৰাদুৰ্ভাৱ আছিল খুবেই প্ৰকট। এনেকুৱা সামাজিক পৰিস্থিতিত তেওঁ বিভেদ, জাতিভেদ, উচ্চ-নীচ ভেদাভেদ, কুসংস্কাৰ, নাৰীৰ ওপৰত অত্যাচাৰ – এই সামন্তীয় ভাৱধাৰাৰ বিৰুদ্ধে সাহিত্যৰ মঞ্চকেই সংগ্ৰামৰ হাতিয়াৰৰূপে ব্যৱহাৰ কৰিছিল।

মানুহৰ দুখ-দুৰ্দশা নানা সামাজিক অশান্তিৰ অন্যতম কাৰণ অৰ্থনৈতিক দুৰৱস্থা আৰু তাৰ লগতে ৰাজনৈতিক দিশটোও যে জড়িত এইটো তেওঁৰ সজাগ দৃষ্টিত চকুত নপৰাকৈ থকা নাছিল। বৃটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে তেওঁৰ মনোভাৱ আছিল স্পষ্ট। সাম্ৰাজ্যবাদী ইংৰাজ চৰকাৰে যাচি দিয়া লোভনীয় হাকিমৰ পদ প্ৰত্যাখান কৰি তেওঁ স্বাধীনচিতীয়া মনোভাবকেই ব্যক্ত কৰিছিল।

উনবিংশ শতিকাত সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত যি নব্যচিন্তাৰ উন্মেষ ঘটিছিল সেই পৰিমণ্ডলতেই ৰাজনৈতিক ক্ষেত্ৰতো জন্মলাভ কৰে নতুন নতুন চিন্তা চেতনাৰ। ইয়াৰ ধাৰাবাহিকতাত বিকশিত হ’বলৈ আৰম্ভ কৰে ভাৰতীয় জাতীয়তাবোধ, গঢ়ি উঠে স্বাধীনতা আন্দোলন।

অনিবাৰ্য্যভাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ মাজতো স্বাধীনতাৰ আকাঙ্খা পৰিস্ফুট হৈ উঠে। তৰুণ ৰাম ফুকন প্ৰমুখ্যে অসমত স্বাধীনতা আন্দোলনৰ গুৰিধৰোতা ব্যক্তিসকলৰ লগত যোগাযোগ ঘনিষ্ঠ হয় আৰু ১৮৯২ চনত এলাহবাদত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম অসমীয়া প্ৰতিনিধি হিচাপে বক্তব্য দাঙি ধৰে।

বৃটিছ সাম্ৰাজ্যবাদৰ শাসন আৰু শোষণৰ অৱসানত ভাৰতবৰ্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপে আৱিৰ্ভূত হ’লে দাৰিদ্ৰ আৰু শোষণ মুক্ত সমাজ গঢ়ি উঠাৰ পথ প্ৰশস্ত হ’ব – এই আকূতি সিদিনা ফুটি উঠিছিল ৰবীন্দ্ৰনাথ, শৰৎচন্দ্ৰ, প্ৰেমচান্দ, লক্ষ্মীনাথ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ দৰে ভাৰতবৰ্ষৰ মহান শিল্পী সাহিত্যিক সকলৰ কলমত।

কিন্তু তেওঁলোকৰ এই আকূতি, এই সপোনে বাস্তৱ ৰূপ নাপালে। ১৯৪৭ চনৰ ১৫ আগষ্টত বৃটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা দেশ মুক্ত হৈছিল সঁচা, কিন্তু অলপ দিনৰ ভিতৰতেই দাৰিদ্ৰমুক্ত, শোষণমুক্ত সমাজৰ সেই সপোন ধূলিস্যাত হৈ গ’ল। শাসকৰ পৰিবৰ্ত্তন হ’ল কিন্তু শোষণ, উৎপীড়ন কেৱল যে একেই থাকিল সেয়াই নহয় বৰং প্ৰতিদিন তীব্ৰৰ পৰা তীব্ৰতৰ হ’ব ধৰিলে৷ যাৰ পৰিণামত আজি দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো ক্ষেত্ৰতেই এক গভীৰ সংকট।

সাহিত্যৰথী বেজবৰুৱাই ঐক্যবদ্ধ বৃহত্তৰ অসমৰ যি সপোন দেখিছিল সেয়া আজি থানবান হৈ পৰিছে। প্ৰতিদিন ভ্ৰাতৃঘাতী সংঘৰ্ষ, হত্যাই এক মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু সাধাৰণ মানুহৰ তেজেৰে ৰাঙলী হৈ উঠিছে অসমৰ মাটি। সকলো দেশৰ সকলো মনীষীয়ে এষাৰ কথা বাৰে বাৰে জোৰ দি কৈছে – “এটা জাতি কঠিন পৰিস্থিতিত খাবলৈ নাপালেও তিষ্ঠি থাকিব পাৰে, যদি তাৰ নৈতিক মেৰুদণ্ড ঠিক থাকে৷”

আজি গভীৰ উদ্বেগেৰে সৈতে সমাজৰ সকলো সচেতন লোকে লক্ষ্য কৰিছে যে আদৰ্শ, নীতি-নৈতিকতা, মূল্যবোধ, মানুহৰ সাংস্কৃতিক পৰিশীলিত মননৰ প্ৰতিদিন অপমৃত্যু ঘটি আছে, যাৰ ফলত লোভ, লালসা, চূড়ান্ত ব্যক্তিস্বাৰ্থ, আত্মকেন্দ্ৰিকতা, দেশ সমাজৰ প্ৰশ্নত অনীহাৰ ক্লেদে সমাজ জীৱনক শ্বাসৰুদ্ধকৰ অৱস্থালৈ অৱনমিত কৰিছে। অন্ধতা, গোড়ামি, কুসংস্কাৰ, অন্ধবিশ্বাস আদি প্ৰতি মুহূৰ্ত্তত বৃদ্ধি পাই আছে।

নাৰী নিৰ্যাতন, ধৰ্ষণ, ডাইনী হত্যা, নাৰীৰ নিৰাপত্তাহীনতা আজি দেশৰ এক ভয়ঙ্কৰ সমস্যা। প্ৰেম প্ৰীতি ভালপোৱা আজি মানৱীক গুণাৱলী ক্ৰমাত তল পৰাৰ পথত। এক কথাত সমাজ জীৱনত দেখা দিছে এক ভয়াবহ দুৰ্দিন। জাতীয় জীৱনৰ এই ঘোৰ দুৰ্দিনত আৰু বিশেষকৈ অসমৰ জ্বলন্ত পৰিস্থিতিৰ মাজতেই এই মহান মানৱতাবাদী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ডেৰশ বছৰীয়া জন্মজয়ন্তী সকলো ফালে উদযাপন কৰা হৈছে।

আজি বেজবৰুৱা সহ নৱজাগৰণৰ মনীষীসকলৰ জীৱন সাধনা, সাহিত্য সাধনা, সামাজিক দায়বদ্ধতাৰ চৰ্চ্চা সমাজ অগ্ৰগতিৰ স্বাৰ্থতেই প্ৰয়োজন। বৰ্ত্তমান সময়ত লক্ষ্মীনাথ বেজবৰুৱা সহ নৱজাগৰণৰ মনীষীসকলৰ যুগোপযোগী মূল্যায়ন আৰু তেওঁলোকৰ জীৱনৰ পৰা শিক্ষা গ্ৰহণ, যিয়ে বৰ্ত্তমান অবক্ষয়িত সমাজৰ বিষময় প্ৰভাৱৰ পৰা ছাত্ৰ-যুৱ তথা জনসাধাৰণক ৰক্ষা কৰাৰ ক্ষেত্ৰত কাৰ্য্যকৰী ভূমিকা পালন কৰিব। বেজবৰুৱা চৰ্চ্চাৰ প্ৰাসঙ্গিকতা এইখিনিতেই নিহিত৷

আজি কেৱল আনুষ্ঠানিকতাই নহয়, অন্তৰৰ অন্ত:স্থলৰ পৰা উচ্চাৰিত শ্ৰদ্ধাৰে জাতি-ধৰ্ম্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে অসমৰ সকলো মানুহে এক সৰ্বব্যাপক সাংস্কৃতিক আন্দোলন গঢ়ি তুলি দেশপ্ৰেমিক ভাৱধাৰাৰ পুনৰুজ্জীৱন ঘটোৱাৰ সংকল্প গ্ৰহণেৰে নিবেদিত হওক তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা জ্ঞাপন

Sunday, November 24, 2019

বিয়ানাম

বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত[1], দৰা আদৰোতে, হোমৰ গুৰিত বহোতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

প্ৰকাৰ

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়। এইবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়। যেনে-
ৰভাৰ খুটা সেলেকা
ৰভাৰ খুটা সেলেকা
কইনাঘৰৰ ছোৱালীবোৰৰ
নাক কেইটা চেপেতা
দৰাঘৰীয়াই কইনাঘৰীয়া বা কইনাঘৰীয়াই দৰাঘৰীয়াক মৰা এই চকা বাণৰ উপৰিও পৰিবেশটো বেছি উপভোগ্য হৈ উঠে যেতিয়া এই শৰ গৈ পুৰোহিত বাপুৰ গাতো পৰেগৈ। এই গীতবোৰ অসমীয়া চহা জীৱনৰ অমল স্বাক্ষৰ।

Sunday, November 17, 2019

দেওপাহাৰৰ ঐতিহ্য

ইতিহাসপ্ৰসিদ্ধ দেওপাহাৰ মূলত: এখন সংৰক্ষিত বনাঞ্চল যদিও ইয়াৰ ঐতিহ্য আৰু বিশেষত্ব বহু প্ৰাচীন। প্ৰাচীন অসমৰ এখন অতি উল্লেখযোগ্য ঐতিহ্যক্ষেত্ৰ এই দেওপাহাৰ সম্প্ৰতি গোলাঘাট জিলাৰ নুমলীগড় তিনিআলিৰ পৰা প্ৰায় চাৰে- চাৰি কিলোমিটাৰ দূৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত। জনস্ৰুতি মতে, এই বিশেষ পাহাৰখনক ‘জৰাসন্ধ পাহাৰ’ বুলিও জনা যায়। সেই অনুসৰি, একালত মগধৰ ৰজা জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰতেই বাহৰ পাতিছিল। আন এক জনশ্ৰুতি মতে, আহোম ৰাজত্বৰ সন্ধিক্ষণ কালত চুলিকফা তথা ল’ৰাৰজাৰ ভয়ত পলাই ফুৰোঁতে তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণিয়ে এই পাহাৰতে অপৰুপা, সুশ্ৰী আৰু নৃত্য পটীয়সী নামৰ তিনিগৰাকী অপেশ্বৰীৰ নৃত্য উপভোগ কৰিছিল; যিকেইগৰাকী অপেশ্বৰী নাচি নাচি দেওলগা ধৰণে শুন্যত বিলীন হৈ পৰিছিল। যাৰ ফলত এই পাহাৰটোৰ নাম দেওপাহাৰ বুলি সকলোৱে কৈছিল। প্ৰণিধানযোগ্য যে দেওপাহাৰক লৈ প্ৰচলিত এনেবোৰ জনশ্ৰুতিক  ভিত্তিহীনভাৱে আমি কেতিয়াও সঁচা বুলি মানি ল’ব নোৱাৰোঁ। যি নহওক, কেতবোৰ আধুনিক পণ্ডিতৰ মতে, একালত এই বসবাস কৰা কাৰ্বি জনজাতিৰ লোকসকলেই সম্ভৱত: এই পাহাৰখনক দেওপাহাৰ নামেৰে নামকৰণ কৰিছিল। কিয়নো, জনজাতীয় ভাষাত ‘দেও’ বা ‘দেৱ’ মানে শিৱক বুজায়। যিহেতু এই পাহাৰত শৈৱ উপাসনাৰ বহু ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছে, সেয়েহে এই দিশৰ পৰা ইয়াক আমি মানি লোৱাৰ যথেষ্ট থল আছে। অৱশ্যে এটা কথা ঠিক যে দেওপাহাৰক লৈ গৱেষণাত্মক দৃষ্টিভংগীৰে এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে। দেওপাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহত সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ, গছ- লতা, জীৱ-জন্তুৰ লগতে মানৱৰ ছবিসমূহ জীৱন্ত ৰুপত প্ৰকাশ পাইছে। খনন কাৰ্যত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহৰ বৈশিষ্ট্য পৰ্যৱেক্ষণ কৰি এটা কথা স্পষ্ট ৰুপত প্ৰমাণিত হৈছে যে দেওপাহাৰৰ এই  সমগ্ৰ মন্দিৰটো শিলেৰে নিৰ্মাণ কৰা হৈছিল। যিসমূহক বিশেষকৈ গ্ৰেনাইট শিলেৰে নিৰ্মাণ কৰা হৈছিল; আৰু এই শিলসমূহ দেওপাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল বুলি বহু লোকে ক’ব খোজে।

সম্প্ৰতি দেওপাহাৰ প্ৰধান ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ মূলতেই আছে ইয়াৰ সমতলৰ পৰা প্ৰায় ৩০০ মিটাৰ উচ্চতাত থকা এটা প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আৰু অলেখ শৈল ভাস্কৰ্য। এক কথাত এই দেওপাহাৰৰ চৌদিশে সিঁচৰিত হৈ থকা প্ৰাক আহোম তথা প্ৰাচীন অসমৰ কাৰুকাৰ্যখচিত ভাস্কৰ্যসমূহেই হৈছে আজিৰ দেওপাহাৰৰ সৌন্দৰ্য তথা ঐতিহাসিক গুৰুত্ব। বহু দিন ধৰি জনচক্ষুৰ আঁৰতে থকা এই ভাস্কৰ্যৰ ভগ্নাৱশেষ পোনপ্ৰথমে ইয়াৰ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰিছিল। পৰৱৰ্তী সময়ত এই ভাস্কৰ্যৰাজি টমাছ গাৰ্ডথেই নামৰ এজন ইংৰাজ খেতিয়কৰ দৃষ্টিগোচৰ হয়; আৰু ইয়াৰ পিছপৰাই এই ক্ষেত্ৰভূমি পণ্ডিত আৰু ঐতিহাসিকসকলৰ গৱেষণাৰ কেন্দ্ৰভূমি হিচাপে পৰিগণিত হয়। ইয়াৰ সমান্তৰালকৈ উদ্ধাৰ হোৱাৰ দিন ধৰি এই পাহাৰ অগণন আধুনিক ভক্তৰ উপাসনা কেন্দ্ৰস্থল হিচাপেও পৰিগণিত হৈ আহিছে। দেওপাহাৰত উপলব্ধ শৈল ভাস্কৰ্যসমূহ কোনে, কেতিয়া, কিয় নিৰ্মাণ কৰিছিল, তাৰ কোনো সঠিক তথ্য আজিকোপতি উদ্ধাৰ কৰিব পৰা হোৱা নাই। কেতবোৰ ঐতিহাসিক আৰু প্ৰত্নতত্ত্ববিদে এইসমূহক ভাৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগৰ দাবীদাৰ গুপ্তসকলৰ নতুবা পাল বংশীয় ৰজাসকলৰ দিনৰ বুলি কয়। বহু পণ্ডিতেই আকৌ ইয়াক প্ৰাচীন অসমৰ মূৰ্তি শিল্পৰ এক গুৰুত্বপূৰ্ণ থলী হিচাপেহে উল্লেখ কৰিছে। ১৮ শ শতিকাৰ সপ্ত দশকত ইংৰাজ বিষয়া মেজৰ গডুইন অষ্টিনে দেওপাহাৰৰ প্ৰত্নতাত্ত্বিক সমলবোৰৰ এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। ১৯২৪-২৫ চন মানত টি এন ৰামচন্দনে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ বছৰেকীয়া প্ৰতিবেদনত দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ অন্য এখন প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ক্ৰমে প্ৰতাপ চন্দ্ৰ চৌধুৰী , বিৰিঞ্চি কুমাৰ বৰুৱা, ৰবীন দেৱচৌধুৰী, নিশিপদে দেৱচৌধুৰী, হেমেন্দ্ৰ নাথ দত্ত , নিৰোদ বৰুৱা আদি ঐতিহাসিক , গৱেষকসকলে দেওপাহাৰৰ এই ভাস্কৰ্যশৈলীৰ উচ্চ গৱেষণা কৰি নানান তথ্য সদৰি কৰি আহিছে। এই তথ্যসমূহত দেওপাহাৰত আৱিষ্কৃত ভাস্কৰ্যসমূহৰ বহু মিল আছে বুলি কোৱা হৈছে আৰু লগতে এই সমূহ নিৰ্মাণৰ আনুমানিক সময় সপ্তম শতিকাৰ পৰা একাদশ শতিকাৰ ভিতৰৰ বুলি কোৱা হৈছে। এনেবোৰ তথ্যসূত্ৰৰ পৰা এই কথা নিৰ্ণয় কৰিব পাৰি যে সম্ভৱত: দেওপাহাৰ এই ভাস্কৰ্যশৈলীসমূহ প্ৰাচীন অসমৰ পাল বংশৰ বিখ্যাত ৰজা হৰ্জৰ বৰ্মণ বা তেওঁৰ পৰৱৰ্তী কোনোবা ৰজাইহে নিৰ্মাণ কৰিছিল।

শেহতীয়াকৈ, ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগে দেওপাহাৰখন সজাই-পৰাই ‘দেওপৰ্বত’ প্ৰত্নতাত্ত্বিক উদ্যান’ হিচাপে পৰ্যটকসকলৰ বাবে মুকলি কৰি উলিওৱাৰ্ব ফলত এই পাহাৰ আজি প্ৰচুৰ সম্ভাৱনাৰ থলীলৈ ৰুপান্তৰ হৈছে। সমতলৰ পৰা দেওপাহাৰৰ ভগ্নাৱশেষ থকা ঠাইলৈ উঠি যোৱা দুটা পথ আছে। এই দুয়োটা পথৰ সংগমস্থলত এটা সংগ্ৰহালয় আছে। দেওপাহাৰৰ খনন কাৰ্যত উদ্ধাৰ হোৱা শিলৰ মূৰ্তি, টেৰাকোটাৰ মূৰ্তিবোৰ দৰ্শনাৰ্থীৰ বাবে এই সংগ্ৰহালয়ত ৰখোৱা হৈছে। ইয়াৰ লগতে মূল মন্দিৰৰ গৰ্ভগৃহলৈ উঠি যোৱা পথটোৰ দুয়োকাষে বিভিন্ন শৈল ভাস্কৰ্যসমূহ সজাই ৰখা আছে। যিসমূহে এই পাহাৰৰ সৌন্দৰ্য উজলাই তুলিছে। এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে দেওপাহাৰত থকা ভাস্কৰ্যশৈলীসমূহ কেইবাটাও দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ। প্ৰথম দিশটো হৈছে, ইয়াৰ ভাস্কৰ্যসমূহত বৈষ্ণৱ, শৈৱ আৰু তান্ত্ৰিক বৌদ্ধধৰ্মৰ কিছু প্ৰভাৱ দেখা যায়। দ্বিতীয়তে, এই ভাস্কৰ্যসমূহত হাতী, পদুম আৰু মানুহৰ আন্ত:সম্পৰ্কৰ সুন্দৰ ছবি পৰিস্ফূট হৈছে। তৃতীয়তে , ইয়াৰ নিৰ্মাণশৈলীত শিল্পীৰ সুনিপুণতা স্পষ্ট ৰুপত প্ৰকাশ পাইছে আৰু লগতে ইয়াত আঞ্চলিক শিল্প৫ৰ বিশেষ প্ৰভাৱ পৰিছিল বুলি ভবাৰো বহু থল আছে।

দেওপাহাৰৰ ভাস্কৰ্যশৈলীত দেওপাহাৰৰ ঐতিহ্য বিৰাজমান। ঐতিহাসিকসকলৰ সূক্ষ্ম অধ্যয়নত পোৱা গৈছে যে দেওপাহাৰত অৱস্থিত মুল মন্দিৰৰ গৰ্ভগৃহৰ চৌদিশে শ শ শিলাখণ্ড তথা স্থাপত্য- ভাস্কৰ্যৰ নিদৰ্শন পোৱা গৈছে। মন্দিৰৰ গৰ্ভগৃহৰ পশ্চিম দিশত থকা দীঘে-পথালিয়ে প্ৰায় ১২ ফুটৰ এচটা ডাঙৰ শিলত পদুমৰ পৰিচক্ৰ খুব সুন্দৰকৈ খোদিত কৰা আছে, যিটো পদুম চক্ৰক ‘বিশ্ব পদ্ম’ বুলি জনা যায়। এই পদুম চক্ৰৰ সমতলভাগত তিনিটা হাতীযুক্ত ভাস্কৰ্যশৈলী দেখা পোৱা যায়। মন্দিৰৰ পশ্চিমত থকা অন্য এটা দীঘলীয়া শিলাখণ্ডৰ প্ৰথমভাগত এটা সিংহ মূৰ্তি, দ্বিতীয়ভাগত হাতত ধনু লৈ শৰপহু মাৰিবলৈ সাজু হোৱা এক মানৱ মুৰ্তি, তৃতীয়ভাগত মৈথুনৰত এহাল মৃগ আৰু চতুৰ্থভাগত এজন ধ্যানমগ্ন ঋষিৰ মূৰ্তি খোদিত কৰা আছে। আনহাতে, কাষতে থকা অন্য এটা শিলতো এফালে এহাল নৰ-নাৰীয়ে হাতত ধৰাধৰিকৈ মুখামুখিকৈ ৰৈ থকা আৰু আনফালে পদ্মাসনত বহি থকা এগৰাকী নাৰী আৰু কাষত এজন পুৰুষে নাৰীগৰাজকীৰ ফালে মুখ কৰি শংখধ্বনি দিয়াৰ ছবি খোদিত কৰা হৈছে। মন্দিৰৰ দক্ষিণ দিশত পূৰ্বে উল্লেখ কৰি অহাৰ দৰে দুটা হাতীৰ মুণ্ডযুক্ত ভাস্কৰ্য আছে। এই দিশটোৰ পৰা এটা কথা ভবাৰ থল আছে যে দেওপাহাৰৰ এই মন্দিৰৰ ভাস্কৰ্যশৈলী ‘গজৰথ শৈলী’ৰ আছিল। গজমুণ্ড মূৰ্তিৰ ঠিক ওপৰতেই এচটা শিলত অতি সুনিপুণ কলা- কৌশলেৰে নিৰ্মিত লক্ষ্মী-বিষ্ণুৰ মূৰ্তি আছে, ইয়াৰ আনটো ফালে অন্য এটা শিলত অস্পষ্ট ৰুপত কোলাত কেঁচুৱা লৈ থকা এটা নাৰী মূৰ্তি দৃষ্টিগোচৰ হৈছে।

দেওপাহাৰৰ ভাস্কৰ্যসমূহৰ ভিতৰত থকা উৰন্ত অপসৰা, বিদ্যাধৰ আৰু কীৰ্তিমুখ হৈছে সকলোতকৈ আকৰ্ষণীয়। উল্লেখ্য যে কীৰ্তিমুখৰ শিল্পৰুপৰ সৈতে প্ৰাচীন ভাৰতৰ ভাৰহুতৰ বৌদ্ধস্তূপৰ তথা প্ৰাচীন ভাৰতীয় শিল্পকলাৰ সাদৃশ্য দেখা পোৱা যায়। দেখাত চকু টেলেকা, জিভা ওলোৱা এক ভয়ংকৰ মানৱ মূৰ্তি এই কীৰ্তিমুখৰ ভাস্কৰ্যত পৰিস্ফুট। সাধাৰণতে এনে ধৰণৰ ভাস্কৰ্যশৈলী দক্ষিণ-পূব এছিয়াৰ জাভাৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰ ওপৰত খোদিত কৰা থাকে। দেওপাহাৰৰ বাহিৰে অসমৰ প্ৰাচীন কোনো খনন কাৰ্যত এনে মূৰ্তি আজিলৈকে উদ্ধাৰ হোৱা নাই। এইসমূহ মূৰ্তিৰ উপৰি এই দেওপাহাৰত অন্য বহুত শিলত কটা মূৰ্তি দেখিবলৈ পোৱা যায়। সেইবোৰৰ ভিতৰত ৰাৱণৰদ্বাৰা সীতা হৰণ মূৰ্তি, জটায়ু পক্ষীৰ যুদ্ধ কৰা মূৰ্তি, ৰাম-লক্ষ্মণ আৰু সুগ্ৰীৱৰ মিলনৰ মূৰ্তি আদিয়েই প্ৰধান। তদুপৰি ত্ৰিভংগ নাৰী মূৰ্তি, পদুম পাতত উঠি থকা এটা হাতীৰ মূৰ্তি আৰু ইয়াৰ ওপৰত নৃত্য কৰা দেৱ-দেৱীৰ মূৰ্তি, পদ্মা, দ্বাৰপাল, উৰন্ত গন্ধৰ্ব, মৎস্যকন্যা, একাপদ ভংগীত বহি থকা যোগী, মহিষ বাহনত থকা চতুৰ্ভুজৰুপী যমৰ মূৰ্তি, নটৰাজ মূৰ্তি, বৃষভৰ মূৰ্তি, হনুমান আৰু সীতাৰ অশোক বনৰ মূৰ্তি, বিভিন্ন নৃত্য , গীত আৰু বাদ্যত মগ্ন নাৰী-পুৰুষৰ মূৰ্তি, যুদ্ধ-বিগ্ৰহ সম্পৰ্কীয় আদি মূৰ্তিসমূহেই প্ৰধান। দেওপাহাৰৰ কাষতে থকা ‘বাবাথান’ নামৰ শিৱ মন্দিৰটো হৈছে ইয়াৰ অন্য এক বিশেষ আকৰ্ষণ। জানিব পৰা মতে, ঊনবিংশ শতিকাৰ শেষৰফালে নাৰায়ণ  কন্দলি নামৰ এজন ব্ৰাহ্মণে এই থানখন প্ৰতিষ্ঠা কৰিছিল। এই থানত থকা শিৱলিংগক দেওপাহাৰৰপৰাই আনি প্ৰতিষ্ঠা কৰা হৈছিল। এই থানত দৈনিক শিৱ পূজা চলে, লগতে বছৰি শিৱৰাত্ৰি আৰু দুৰ্গা পূজা ইয়াত উলহ-মালহেৰে উদযাপন কৰা হয়।

লেখাৰ প্ৰথমতেই উল্লেখ কৰি  অহা হৈছে, দেওপাহাৰ হৈছে মূলত: এখন সংৰক্ষিত বনাঞ্চল, এই দিশৰ পৰাও দেওপাহাৰৰ গুৰুত্ব যথেষ্ট আছে। ঐতিহাসিক সম্পদসমূহৰ লগতে দেওপাহাৰ বনাঞ্চলত পোৱা প্ৰাকৃতিক সম্পদসমূহেও ইয়াৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোঅগইছে। দেওপাহাৰ বনাঞ্চলত পোৱা কেতবোৰ গুৰুত্বপূৰ্ণ বনজ সম্পদ তথা গছ-গছনি হৈছে ভেলৌ, চাম, মেজাংকৰী, বন সুমথিৰা, কাঁক বাঁহ, বজাল বাঁহ, আংগল, সৰ্পসন্ধা, হাতীঢেঁকীয়া আদি। ইয়াৰ অনুৰুপ ধৰণে এই দেওপাহাৰ বনাঞ্চলত হলৌ বান্দৰ, লাজুকী বান্দৰ, জহামাল, বনৰৌ, লতামাকৰী, নাহৰফুটুকী , ঢেকীয়াপতীয়া, কেঁটেলা পহু, হুদু, গুই, কেঁকো সাপ আদি বন্যপ্ৰাণীসমূহো পোৱা যায়। দেওপাহাৰৰ বিশেষ অন্য এক আকৰ্ষণ হৈছে ইয়াত থকা পখিলা কেন্দ্ৰটো; নুমলীগড় তেল শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত এই পখিলা কেন্দ্ৰটো এছিয়াৰ ভিতৰতে বৃহত্তম এক পখিলা কেন্দ্ৰ বুলি সৰ্বজনবিদিত। বৰমৌ হৈছে দেওপাহাৰৰ অন্য এক আকৰ্ষণীয় সম্পদ। বিশেষকৈ দুজোপা ভেলেউ গছত প্ৰতি বছৰে অলেখ পৰিভ্ৰমী বৰমৌৱে বাহ লয়। যিখিনি বৰমৌৰ বিষয়ে ইতিমধ্যে ৰুছিয়াৰ মস্কো বিশ্বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানী ড: মাৰ্জিন ভলদামিৰ চাগিৰিকে গৱেষণা চলাইছিল। লগতে জাৰ্মানীৰ অন্য এটা গৱেষক দলে ইয়াক লৈ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰি উলিয়াইছে। অতবোৰ সম্পদেৰে ভৰপূৰ দেওপাহাৰৰ খ্যাতি সেয়েহে আজি বিশ্ববিয়পা।

Thursday, November 14, 2019

অসমীয়া ভাষাৰ সংকট আৰু ভৱিষ্যত

গুৱাহাটী মহাবিদ্যালয়ত পাঠ কৰা গৱেষণা-পত্ৰৰ সংক্ষিপ্ত ৰূপ৷  ( সংগ্ৰহ )


           অসমীয়া ভাষা অসমৰ উত্তৰ-পূব প্ৰান্তৰ এটা অতি শক্তিশালী ভাষা৷ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদ অনুসৰি চৰকাৰীভাৱে স্বীকৃত অসমীয়া ভাষা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক সংযোগী ভাষা হিচাপেও প্ৰচলিত হৈ আছে৷ অসমৰ ২,৬৬,৩৮,৪০৭ জন (২০০১ চনৰ লোকপিয়ল অনুসৰি) লোকৰ আধা সংখ্যকৰ বাবেই অসমীয়া ভাষা প্ৰধান ভাব বিনিময়ৰ মাধ্যম৷ সেয়েহে এক স্বকীয় ভাষা শৈলীৰে জোনাকী যুগৰ পৰা আজিৰ অৱস্থাত উপনিত হোৱা অসমীয়া ভাষাৰ ভৱিষ্যত বোৱতী নদীৰ দৰেই বহ্নিমান৷ তথাপি সময়ে সময়ে অসমীয়া ভাষাৰ সংকট আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন উত্থাপন নোহোৱাকৈ থকা নাই৷ সময়ৰ পৰিৱৰ্তন, উচ্চ শিক্ষা, ঔদ্যোগিক বিকাশ আৰু ন-ন আধুনিক বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰে এখন সমাজলৈ বিভিন্ন পৰিৱৰ্তন কঢ়িয়াই আনে৷ সমাজৰ এই পৰিৱৰ্তনে পোন প্ৰথমে আমাৰ অজ্ঞাতে পৰোক্ষভাৱে প্ৰভাৱ পেলাই সমাজখনত প্ৰচলিত হৈ থকা ভাষাটোৰ ওপৰত৷ কাৰণ সমাজ এখনৰ ভাবৰ আদান প্ৰদানৰ প্ৰধান আহিলাই হ’ল ইয়াৰ ভাষা৷ বৰ্তমান অসমীয়া ভাষাৰ ৰূপটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, উপৰোক্ত কাৰকসমূহে অসমীয়া ভাষাৰ মাজত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে৷ প্ৰধানতঃ ইংৰাজী, হিন্দী আৰু বাংলা শব্দৰ প্ৰভাৱে অসমীয়া কথিত আৰু লিখিত দুয়োটা ৰূপতে প্ৰভাৱ বিস্তাৰ কৰি বহুতো পূৰণি অসমীয়া শব্দৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷
     এটা জাতিৰ জাতীয় ভাষাটো কথিত আৰু লিখিত দুয়োটা ৰূপতে জীয়াই থাকে৷ ভাষাৰ কথিত ৰূপটোৱেই ভাষা এটাক জীয়াই ৰখাৰ প্ৰধান সম্বল যদিও ইয়াৰ লিখিত ৰূপটোৱেও বহু সময়ত ভাষাটোক প্ৰভাৱিত কৰা দেখা যায়৷ ভাষাৰ লিখিত ৰূপটো জীয়াই থাকে প্ৰচলিত সাহিত্যৰ মাধ্যমেৰে৷ লিখিত ভাষাই ভাষাটোৰ শুদ্ধ ৰূপ আৰু জাতীয় শব্দসমূহক ধৰি ৰাখি ভাষাটোক আন আন জাতিৰ ওচৰত আত্মমৰ্য্যদাৰে জীয়াই থকাৰ পথ ৰচনা কৰে৷ কিন্তু বৰ্তমান অসমীয়া ভাষাৰ লিখিত সাহিত্যৰ মাজত অনেক দেশী-বিদেশী শব্দৰ প্ৰচলনে নিভাজ অসমীয়া শব্দসমূহৰ ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিছে৷ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে সংবাদ-পত্ৰ, বিভিন্ন আলোচনী আৰু দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ লগতে এফ.এম ৰেডিঅ’সমূহে৷
     এটা কথা অনস্বীকাৰ্য্য যে, ভাষা পৰিৱৰ্তনশীল৷ গতিয়েই ভাষা একোটাৰ প্ৰাণ৷ স্থিতিশীল ভাষাই কেতিয়াও প্ৰাণ পাই উঠিব নোৱাৰে৷ সময়ৰ লগত খাপ খাবলৈ যাওতে বা উদ্যোগ আৰু বিজ্ঞানৰ ন-ন সঁজুলিৰ লগত জীৱন যাপন কৰোঁতে, সেই বস্তুসমূহক ব্যৱহাৰ কৰোঁতে দেখা যায় যে, বৰ্তমান অসমীয়া ভাষাত তাৰ প্ৰতিশব্দৰ অভাৱৰ বাবেই হওক বা সময়ৰ লগত খোজ মিলাবলৈ যাওতে হাতৰ কাষতে পোৱা ইংৰাজী শব্দকে আমি গ্ৰহণ কৰোঁ৷ ইয়াৰ ফলত অসমীয়া ভাষালৈ হোৱা পৰিৱৰ্তনে সুদূৰ ভৱিষ্যতে এক গভীৰ সংকট কঢ়িয়াই অনাৰ সন্দেহ নুই কৰিব নোৱাৰি৷

অসমীয়া ভাষাৰ জন্ম আৰু সাম্প্ৰতিক অসমত ইয়াৰ ব্যৱহাৰ:

        পৃথিৱীৰ বৃহত্তম ভাষাগোষ্ঠী ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ বিভিন্ন পৰিৱৰ্তনৰ ফলস্বৰূপে খ্ৰীষ্টীয় দশম-একাদশ শতিকাতে অসমীয়া ভাষাৰ জন্ম হয়৷  সেই সময়ৰ পৰা আজিৰ অৱস্থা পাওঁতে অসমীয়া ভাষাই বিভিন্ন ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্বিক পৰিৱৰ্তন বহন কৰিছে৷ ইয়াৰ লগে লগে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰতো অনেক দেশী-বিদেশী শব্দই চহকী কৰিছে৷ এনে শব্দবোৰক ধাৰ কৰা শব্দ বা ঋণ শব্দ বুলি কোৱা হয়৷ দুটা ভাষা সম্প্ৰদায়ৰ মাজত সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক যোগাযোগৰ প্ৰধান মাধ্যম হ’ল এই ঋণ শব্দসমূহ৷ কোনো এখন সমাজত এটা উচ্চ শ্ৰেণীৰ ভাষাই প্ৰভাৱ বিস্তাৰ কৰাৰ পিছত নিম্ন শ্ৰেণীৰ ভাষা এটালৈ অনেক ধৰণৰ শব্দ কথিত আৰু লিখিত ভাষাৰ মাধ্যমেৰে প্ৰচলিত হয়৷ পিছলৈ এই শব্দসমূহেই স্থানীয় ভাষাটোত নিগাজিকৈ বহি সেই ভাষাৰ ব্যাকৰণীক ৰূপসমূহ গ্ৰহণ কৰি প্ৰতিষ্ঠা লাভ কৰে৷ শব্দৰ ধাৰে ভাষা এটালৈ যোগাত্মক প্ৰভাৱ কঢ়িয়াই আনে যদিও অত্যাধিক ধাৰ কৰা শব্দই ভাষা এটাক ক্ষতিও কৰিব পাৰে৷ সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত মন কৰিলে দেখা যায় যে কোনো বাচ বিচাৰ নোহোৱাকৈ ইংৰাজী, হিন্দী, বাংলা শব্দক ব্যৱহাৰ কৰা হৈছে৷ আনহাতে ভাব, কথনভঙ্গীৰ ক্ষেত্ৰতো হিন্দী, ইংৰাজী ভাষাৰ সুৰ-লয়ৰ প্ৰভাৱে আমাৰ ‘সুৱদী সুৰীয়া’ ভাষাক বিকৃত কৰিছে৷
          সাম্প্ৰতিক অসমীয়া ভাষাৰ ব্যৱহাৰৰ দিশটোলৈ লক্ষ্য কৰিলে দেখা যায় যে, ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা ক্ষেত্ৰতে আমি সচেতন নহয়৷ আজি অসমত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ কাৰো সদিচ্ছা নাই৷ প্ৰাথমিক পৰ্যায়ৰ কন কন শিশুৰ শিক্ষাৰ বাবে সৰ্বশিক্ষা, ডি.পি.ই.পি আদি যি শিক্ষা মিছন গঠন কৰিছিল সি বহুক্ষেত্ৰতে অসমীয়া ভাষাটোক বিকৃতহে কৰিছিল৷ ছপাখানাৰ ভুল আৰু অনভিজ্ঞ লোকৰ দ্বাৰা পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থাটোৱে অসমীয়া ভাষালৈ বিভিন্ন সংকট নমাই আনিছে৷ আজি চিটিবাছৰ পৰা দল-সংগঠনৰ বেনাৰ, প’ষ্টাৰতো অশুদ্ধ-অদ্ভুত বানানৰ প্ৰয়োভৰ দেখা যায়৷ কোনো কাৰ্য্যলয়লৈ প্ৰয়োজনত এখন দৰ্খাস্ত দিবলগা হ’লে অসমীয়াত লিখাটো লজ্জাজনক কথা হৈ পৰিছে৷ দল-সংগঠনসমূহেও চৰকাৰলৈ কোনো দাবিসম্বলিত পত্ৰ প্ৰেৰণ কৰিব লগা হ’লেও অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থা এটাই গা কৰি উঠিছে৷ ইয়াৰ মূলতে হ’ল চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা জনা আমোলাৰ অভাৱ বা অসমীয়া ভাষা নজনা কোনো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা অসমীয়া ব্যক্তিৰ প্ৰয়োভৰ৷ এনেবোৰ কাৰণেই অসমীয়া ভাষাই পূৰ্বৰ আত্মমৰ্যাদা হেৰুৱাইছে৷
          অসমীয়া ভাষাৰ আন এক দুৰ্যোগৰ বাট কঢ়িয়াই আনিছে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান ইংৰাজী ভাষাৰ জ্ঞান আৰু ইংৰাজী শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে স্বাৱলম্বি হোৱাত সহায় কৰিব পাৰিব৷ কিন্তু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ চৰ্চ্চাৰ অভাৱে দেখা দিছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষা এলাগী হৈ পৰিছে৷ বিদ্যালয়ৰ পৰা ঘৰুৱা পৰিৱেশলৈকে সকলোতে ইংৰাজী ভাষাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলিব পাৰি৷ অসমীয়া সাহিত্য, সংস্কৃতি, জাতি আৰু মাটিৰ গোন্ধ নথকা পাঠ্যপুথিৰ ব্যৱস্থাইও ছাত্ৰ-ছাত্ৰীক মাতৃভাষানুৰাগী কৰি তুলিব পৰা নাই৷ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ শুদ্ধতা নিৰ্ণয়ৰ ক্ষেত্ৰত যিমান সচেতন আৰু দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা নাই৷ ইয়াৰ লগতে চৰকাৰৰ সদৃচ্চা আৰু শিক্ষা বিভাগৰ দায়িত্বহীনতাৰ অভাৱেও অসমীয়া ভাষালৈ সংকট নমাই আনিছে আৰু অসমীয়া ভাষাৰ অস্তিত্বক লৈ সন্দেহৰ সৃষ্টি হৈছে৷

সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ:

          সংবাদ-পত্ৰ আৰু অন্যান্য প্ৰচাৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা সংকটসমূহ হ’ল প্ৰধানত অসমীয়া ভাষাৰ শব্দ আৰু ব্যাকৰণক কেন্দ্ৰ কৰি৷ অশুদ্ধ বানান আৰু উচ্চাৰণৰ ব্যৱহাৰৰ লগতে বিশেষণ আৰু ক্ৰিয়াৰ ব্যৱহাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমসমূহে সচেতন হোৱা দেখা পোৱা নাযায়৷ ইয়াৰোপৰি অসমীয়া বাক্যৰ মাজত অত্যাধিক ইংৰাজী আৰু হিন্দী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ ভাষা এটা বিনিময়ৰ ক্ষেত্ৰত বা বজাৰত যেনেদৰে চলি আছে সেই দৰেই শব্দসমূহক আমদানি কৰি লিখিত সাহিত্যৰ মাজত ব্যৱহাৰ কৰাৰ ফলতে অসমীয়া ভাষাৰ মাজত সংকটে দেখা দিছে৷ উদাহৰণ স্বৰূপে “ইয়াতে চব্জী মাছৰ এখন ডেইলি বজাৰ বহে৷” (সাতসৰী, জানুৱাৰী ২০১০, পৃষ্ঠা-১৫)৷, “মটৰচাইকেলৰ ওপৰত বে-ফিটিৰভাৱে বহি থাকি৷” (সাদিন, ১৮ ডিচেম্বৰ, ২০০৯, পৃষ্ঠা-১৮), “আগতে সি ৰাতিপুৱা শুই উঠি নিউজ পেপাৰ পঢ়ে, ঈশিতাৰ লগত অলপদেৰি কথা পাতি ডিউটিলৈ যাবলৈ সাজু হয়, ডিউটিলৈ যাওঁতে কেণ্টিনত ব্ৰেকফাষ্ট কৰে, দুপৰীয়া ডিউটি শেষ হোৱাৰ পিচত লান্স কৰি ৰুমলৈ আহে৷” (সাদিন, ৮ জানুৱাৰী ২০১০) আদি বাক্যত মন কৰিলে দেখা যায় যে সহজভাৱে উপযুক্ত অসমীয়া শব্দৰে প্ৰকাশ কৰিব পৰা বাক্যৰ ক্ষেত্ৰটো হিন্দী, ইংৰাজী শব্দৰে অসমীয়া বাক্য সৃষ্টি কৰা প্ৰৱণতা এটা গঢ় লৈ উঠিছে৷ প্ৰচাৰ মাধ্যমসমূহত ব্যৱহাৰ হোৱা বিজ্ঞাপনসমূহতো বহু সময়ত বাংলা ভাষাৰ ‘র’ ব্যৱহাৰ হোৱাও লক্ষ্য কৰা দেখা যায়৷ তলত বিভিন্ন প্ৰচাৰ মাধ্যমসমূহে কি দৰে সংকট কঢ়িয়াই আনিছে তাৰ বিশদ আলোচনা আগবঢ়োৱা হ’ল৷

বাতৰি কাকতৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

       বৰ্তমান সময়ৰ অতি জনপ্ৰিয় সংবাদ মাধ্যম হ’ল বাতৰি কাকত৷ বাতৰি কাকত এখন কেৱল সংবাদ প্ৰচাৰৰ মাধ্যমেই নহয়, ই অনানুষ্ঠানিক শিক্ষাৰো এক মাধ্যম৷ বাতৰি কাকত এখনৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন জ্ঞান লাভ কৰাৰ উপৰিও নিজৰ ভাষা সম্পকীয় জ্ঞানো লাভ কৰে৷ সেয়ে এটা সময়ত বাতৰি কাকতৰ প্ৰচলন আৰু সাংবাদিকতাৰ বৃত্তিক এক সেৱা হিচাপে গ্ৰহণ কৰা হৈছিল৷ অসমীয়া বাতৰি কাকতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষাক নিভাজ আৰু শুদ্ধ ৰূপত প্ৰয়োগ কৰি অসমীয়া ভাষা-সাহিত্যক জীয়াই ৰখাৰ স্বাৰ্থতে বাতৰি কাকতৰ জন্ম হৈছিল৷ বঙালী ভাষাৰ ঠাইত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাত, অসমীয়া ভাষাৰ প্ৰচাৰ আৰু চৰ্চ্চাত, বহিঃজগতৰ ভাবধাৰাৰ লগত অসমীয়া পাঠকৰ মানসিক সংযোগ স্থাপন কৰাত ‘অৰুনোদই’ কাকতে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ উজনি অসমৰ কথিত ভাষাক সাহিত্যৰ ভাষাৰ মৰ্য্যাদা দান কৰে ‘অৰুনোদই’ কাকতেই৷ ইয়াৰ পিছতো হেমচন্দ্ৰ বৰুৱাৰ ‘আসাম নিউজ’, চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘সাদিনীয়া অসমীয়া’, নীলমণি ফুকনৰ ‘দৈনিক বাতৰি’ আদি সংবাদ-পত্ৰই প্ৰকৃততে সেৱাৰ মনোভাৱেৰে অসমীয়া ভাষা-সাহিত্যক উজ্বলাই তুলিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ প্ৰচাৰ আৰু সংবাদ সংগ্ৰহ এক ব্যৱসায়লৈ ৰূপান্তৰিত হোৱা বাবে সাংবাদিকসকলৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি হৈছে৷ এইসকল সংবাদদাতাৰ ক্ষীপ্ৰ আৰু আকৰ্ষণীয় ৰূপত সংবাদ পৰিৱেশন কৰাই মূল উদ্দেশ্য হোৱা বাবে ভাষাৰ শুদ্ধতালৈ মনোযোগ দিয়া দেখা নাযায়৷ ফলত অশুদ্ধ বানান, বাক্যগাঁঠনী আৰু বিসঙ্গতিপূৰ্ণ বিশেষণ আৰু ক্ৰিয়াৰ প্ৰয়োগে অসমীয়া ভাষাক বিকৃত কৰা দেখা গৈছে৷ প্ৰকৃত অসমীয়া শব্দলৈ মন নকৰি প্ৰায়ে বিভিন্ন স্থানীয় কথিত ভাষাতে সংবাদসমূহ প্ৰচাৰ কৰাৰ ফলত অসমীয়া ভাষালৈ প্ৰতিদিনে অলেখ ন-ন শব্দৰ আমদানি হৈছে৷ এই প্ৰসঙ্গত সাংবাদিক-সাহিত্যিক হোমেন বৰগোহাঞিয়ে উল্লেখ কৰিছে যে, “মোৰ নিজৰ হিচাপ মতে অসমীয়া বাতৰি কাকতৰ কল্যাণত প্ৰতি মাহে গড়ে পাঁচটামান বাংলা তদ্ভৱ শব্দ অসমীয়াত প্ৰৱেশ কৰে৷”(প্ৰজ্ঞাৰ সাধনা, পৃষ্ঠা-১০২)৷
      সম্প্ৰতি অসমীয়া বাতৰি কাকতে কঢ়িযাই অনা এটা ডাঙৰ সংকট হ’ল অসঙ্গত বিশেষণৰ প্ৰয়োগ৷ উদাহৰণ স্বৰূপে অসমীয়া ‘তাণ্ডৱ’ শব্দটো বাতৰি কাকতসমূহত প্ৰায়ে ‘বন্যহস্তীৰ তাণ্ডৱ, ধুমুহাৰ তাণ্ডৱ, বানপানীৰ তাণ্ডৱ, উগ্ৰপন্থীৰ তাণ্ডৱ, মেলেৰিয়াৰ তাণ্ডৱ, চিটিবাছৰ তাণ্ডৱ’ এনেদৰে প্ৰয়োগ দেখা যায়৷ প্ৰকৃত শব্দটোৰ গভীৰতা উপলব্ধি নকৰাকৈয়ে সকলো শব্দৰ পিছতে প্ৰয়োগ কৰাৰ ফলত শব্দটোৰ প্ৰকৃত অৰ্থ লোপ পোৱা পৰিলক্ষিত হৈছে৷

আলোচনীৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

    অসমীয়া আলোচনী সাহিত্যৰ ইতিহাসত জোনাকী যুগৰ পৰা বৰ্তমান সময়লৈকে বিভিন্ন আলোচনীয়ে অসমীয়া ভাষা-সাহিত্য চহকী কৰি আহিছে৷ ইয়াৰ লগে লগে ন-ন লেখক-সাহিত্যিকৰ সৃষ্টিয়েও অসমীয়া সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাহিত্যৰ কলা-কৌশলৰো নানান পৰিৱৰ্তন হৈছে৷ একেদৰে নতুন নতুন লেখকসকলৰ সৃষ্টি কৰ্মৰ মাজতো ভাষা, বাক্যগাঁঠনি আৰু শব্দ প্ৰয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা পোৱা গৈছে৷ অসমীয়া সাহিত্যৰ যুগ নিৰ্ণয়কাৰী জোনাকী, বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীৰ মাজতো সময়ৰ পৰিৱৰ্তনে অসমীয়া ভাষাৰ ব্যাপক পৰিৱৰ্তনৰ সৃষ্টি কৰিছিল৷ কিন্তু অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত এই আলোচনীসমূহৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ৷ অশুদ্ধ বানান, অশুদ্ধ বাক্যগাঁঠনি আৰু বিদেশী শব্দ প্ৰয়োগৰ প্ৰতি এই আলোচনীসমূহ সদা সতৰ্ক আছিল৷ অসমীয়া সাহিত্যৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো ৰচনাৰ মাজত আমি ঋণ শব্দ দেখা পাওঁ যদিও বেজবৰুৱাই অনাহকত কোনো প্ৰয়োজন নোহোৱাকৈ অসমীয়া ভাষাৰ মাজত বিদেশী শব্দ ব্যৱহাৰ কৰাৰ পক্ষপাতি নাছিল৷ তেওঁ বিদেশী শব্দটোক জীণ নিয়াই নিজৰ ভাষাৰ উপযোগী কৰি তাক ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ সেয়েহে বেজবৰুৱাই তেওঁৰ বিভিন্ন লেখাৰ মাজত কেতিয়াবা বিদেশী শব্দ (ইংৰাজী, আৰৱী, হিন্দী, পাৰ্চি) ব্যৱহাৰ কৰিলেও যতদূৰ সম্ভৱ তাৰ সমান্তৰালকৈ অসমীয়া সমাৰ্থক শব্দটোকো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ মাজত দেখা দিয়া অসংখ্য ইংৰাজী শব্দৰ লগতে অন্যান্য দেশী-বিদেশী শব্দৰ প্ৰয়োগে অসমীয়া ভাষালৈ সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ বৰ্তমান লেখক-সাহিত্যিকসকলে সময়ৰ লগত খাপ খুৱাই গল্প-উপন্যাস ৰচনা কৰোঁতে প্ৰতিটো চৰিত্ৰৰ মুখত দৈনন্দিন ব্যৱহাৰ হোৱা অনেক ইংৰাজী শব্দৰ হুবহু ৰূপ দিবলৈ চেষ্টা কৰা দেখা যায়৷ যাৰ ফলত সাহিত্যই প্ৰাণ পায় উঠে যদিও ইয়ে অসমীয়া ভাষাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ মনৰ ভাব প্ৰকাশৰ বাবে হাতৰ কাষতে পোৱা ইংৰাজী শব্দটোৰ লিপ্যন্তৰ(Transliterate) ৰূপটোকে ব্যৱহাৰ কৰাৰ ফলত বহুতো অসমীয়া শব্দ বৰ্তমান হেৰাই যাবলৈ ধৰিছে৷ এনেবোৰ শব্দ ব্যৱহাৰৰ অভাৱত পাহৰণিৰ গৰ্ভত লুকাই গৈছে৷ এই কথা অনস্বীকাৰ্য্য যে বৰ্তমান অসমীয়া অভিধানত নতুন নতুন অসমীয়া শব্দ (প্ৰকৃততে যিবোৰ ঋণ শব্দ) অন্তৰ্ভুক্ত হৈছে৷ কিন্তু অভিধান এখনত থকা আধা সংখ্যক পুৰণি শব্দৰ ব্যৱহাৰ অসমীয়া সাহিত্যৰ মাজত বৰ্তমান দেখা পোৱা নাযায়৷ অসমীয়া অভিধানসমূহত থকা বহুতো পুৰণি অসমীয়া শব্দ সংগ্ৰাহালয়ত থকা বস্তুৰ দৰে অসমীয়া শব্দৰ ভঁৰাল চহকী কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত নতুন শ্ৰেণী যুৱক-যুৱতীৰ বাবে এনেবোৰ শব্দৰ ব্যৱহাৰ আওপুৰণি বস্তুৰ দৰেই মূল্যহীন হৈ পৰিছে৷ এনে ধৰণৰ পৰিৱৰ্তনে বৰ্তমান অসমীয়া ভাষালৈ গভীৰ সংকট নমাই আনিছে৷
      সাম্প্ৰতিক সময়্ত এনেবোৰ শব্দ উচ্চ শিক্ষিত লোকসকলৰ দৈনন্দিন জীৱনৰ ভাব প্ৰকাশৰ মাজত ব্যৱহাৰ হোৱা দেখা যায়৷ কিন্তু কথিত ভাষাৰ মাজত ব্যৱহাৰ হোৱা এনেবোৰ শব্দই যেতিয়া লিখিত সাহিত্যৰ মাজত আত্মপ্ৰকাশ কৰে স্বাভাৱিকতে ভাষাৰ সংকটে দেখা দিয়ে৷ বৰ্তমান আমাৰ সমাজত সাধাৰণ ঘৰুৱা শব্দত পৰিণত হোৱা টেবুল, কাপ, পেন, অফিচ, স্কুল, কলেজ, টিভি আদি শব্দবোৰৰ ফলত নিভাজ অসমীয়া শব্দ ক্ৰমে মেজ, পিয়লা, কলম, কাৰ্য্যলয়, বিদ্যালয়, মহাবিদ্যালয়, দূৰদৰ্শন আদি শব্দবোৰ প্ৰায় এলাগি হৈ পৰিছে৷ এনে পৰিপেক্ষিততে ওপৰৰ শব্দবোৰৰ ফলটো এদিন বহুতো অসমীয়া শব্দ হেৰাই যোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷ আনহাতে বহু সময়ত আমি প্ৰকৃত, নিভাজ অসমীয়া শব্দ থকাৰ পিছটো ইংৰাজী শব্দৰ সহায় লোৱাও দেখা পোৱা যায়৷ উদাহৰণ স্বৰূপে- গুৰু ট্ৰেইনিং, টাউন-চহৰ (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৫০) ইত্যাদি৷

ব্যক্তিগত নিউজ চেনেলসমূহৰ পৰা অহা সংকট:

    সম্প্ৰতি অসমত বহুলভাৱে প্ৰচাৰিত দূৰদৰ্শনৰ ব্যক্তিগত নিউজ চেনেলসমূহৰ মাজতো অসলগ্ন বাক্যগাঁঠনি আৰু অত্যাধিক ইংৰাজী শব্দৰ ব্যৱহাৰে অসমীয়া ভাষালৈ সংকট নমাই আনিছে৷ এই ক্ষেত্ৰত অতি সাধাৰণভাৱে অসমীয়া বাক্যৰ মাজত ব্যৱহাৰ কৰা ইংৰাজী শব্দ ‘So’-ৰ অত্যাধিক ব্যৱহাৰে অসমীয়া ভাষাক বিকৃত কৰাই নহয়, ‘সেইকাৰণে’, ‘সেইবাবে’ আদি শুৱলা অসমীয়া শব্দবোৰৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে৷ অসমীয়া ভাষাৰ ক্ষেত্ৰত ব্যক্তিগত নিউজ চেনেলসমূহত দেখা এটা সংকট হ’ল অসমীয়া ‘হলন্ত’ৰ ব্যৱহাৰ৷ প্ৰায়েই দেখা যায় যে কিছুমান শব্দ উচ্চাৰণ কৰোঁতে অনৰ্থক ‘হলন্ত’ ব্যৱহাৰ কৰি অসমীয়া শব্দক বিকৃত কৰি তোলে৷ উদাহৰণ স্বৰূপে- ৰণ্‌কৌশল (ৰণকৌশল), দেহ্‌ৰক্ষী (দেহৰক্ষী), দল্‌পতি (দলপতি) (News Live, বাতৰি, ৪ জানুৱাৰী, ২০১০) ইত্যাদি শব্দত অনৰ্থক হলন্তৰ ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াৰোপৰি প্ৰায়েই ‘ৰ’-কাৰ যুক্ত শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰত ‘ৰ’-কাৰ প্ৰয়োগ কৰা দেখা নাযায়৷ উদাহৰণ স্বৰূপে- ‘মন্ত্ৰী’ শব্দৰ উচ্চাৰণ কৰা দেখা যায় ‘মন্তী’ হিচপে৷
     ইংৰাজী, হিন্দী ভাষাৰ আৰ্হিৰে এনেধৰণৰ নিউজ চেনেলসমূহ পৰিচালনা কৰিবৰ চেষ্টা কৰাৰ কাৰণে বহু সময়তে সঠিক অসমীয়া ভাষাৰ অভাৱত কিছুমান সংলগ্নহীন শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ চেনেলসমূহত প্ৰায়ে দেখা যায় কোনো অনুষ্ঠানৰ মাজত বিজ্ঞাপন দিব লগা হ’লে ঘোষক-ঘোষিকাই অসমীয়াত ঘোষনা কৰে ‘এটা সৰু বিৰতি’৷ ‘বিৰতি’ শব্দৰ লগত ‘সৰু’ শব্দৰ ব্যৱহাৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ বুলিব নোৱাৰি৷ একেদৰে ব্যক্তিগত চেনেলসমূহত অসমীয়া ভাষাৰ ক্ৰিয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ হৈছে বুলি ক’ব নোৱাৰি৷ যোৱা ১৫ জানুৱাৰীৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত দেখা পোৱা কেইটামান বাক্য আছিল এনেধৰণৰ “মাটিৰ তলত ছোৱালীজনীক পোতা হৈছে কিয়?”, “ৰাইজে পুতিছে গাঁতত”, “বিঘাই বিঘাই কৰিছে ধানৰ খেতি” ইত্যাদি৷ ইয়াত ‘হৈছে’, ‘পুতিছে’ আৰু ‘কৰিছে’ ক্ৰিয়া কেইটাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ ব্যাকৰণৰ মতে শুদ্ধ বুলিব নোৱাৰি৷ কিন্তু সম্প্ৰতি অসমীয়া ভাষাৰ চেনেলৰ পৰা আৰম্ভ কৰি বাতৰি কাকতলৈকে সকলোতে এনেধৰণৰ বাক্যই ভৰি পৰা দেখা গৈছে৷ এনে চেনেলসমূহত ব্যৱহৃত ভাষাৰ বিষয়্ত সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে মন্তব্য আগবঢ়াইছে যে “অসমীয়া ভাষাৰ কথা শুনিবলৈ ভয়লগা হৈছে৷ ব্যক্তিগত নিউজ চেনেল আৰু এফ-এম ৰেডিঅ’ই অসমীয়া ভাষাৰ নতুনত্ব প্ৰদানত যিদৰে উঠি-পৰি লাগিছে, তাৰ নমুনা এনেধৰণৰ- পৰাগ দাসৰ হত্যাৰ বিচাৰত মূল অভিযুক্ত প্ৰমাণ নোহোৱাৰ দিনা, এটা চেনেলত এগৰাকী যুৱতী সাংবাদিকে পৰাগ দাসৰ মাতৃক সুধিলে- এই বিচাৰৰ জাজমেণ্ট শুনি আপোনাৰ চাগে বেয়া লাগিছে ন...”৷ (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷ কেৱল ব্যৱসায়িক স্বাৰ্থতে ভাষা নজনা, অসমীয়া সমাজ-সংস্কৃতিৰ লগত কোনো সম্পৰ্ক নথকা এচাম ন-ন সাংবাদিকৰ আগমনেই অসমীয়া ভাষাৰ এনে আসোঁৱাহৰ মূল কাৰণ বুলিব পাৰি৷    
  
এফ.এম ৰেডিঅ’ৰ মাধ্যমেৰে অহা বিভিন্ন সংকট:

        বৰ্তমান অসমত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ অনুষ্ঠানসমূহেও অসমীয়া ভাষাৰ উচ্চাৰণ আৰু বাক্যগাঁঠনিৰ ক্ষেত্ৰত এক সংকটৰ বাৰ্তা কঢ়িয়াই আনিছে৷ গাঁৱে-ভূঞে সকলোতে বিয়পি পৰা এফ.এম ৰেডিঅ’ দোকান-পোহাৰৰ বাহিৰেও এতিয়া ৰিক্সা, অট’ৰিক্সা, বাছ আদিটো যাত্ৰীক শুনোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা দেখা যায়৷ আনকি ম’বাইল ফোনটো সহজতে উপলভ্য হোৱা বাবে এফ.এম ৰেডিঅ’ই সকলোৰে সাজত জনপ্ৰিয়তা লাভ কৰিছে৷ কিন্তু এনে সহজলভ্য মাধ্যমত দেখা যায় যে, হিন্দীমাৰ্কা ষ্টাইলেৰে নিজকে তথাকথিত আধুনিক সজোৱাৰ মানসেৰে ঘোষক-ঘোষিকাসকলে প্ৰায়েই বিকৃত অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ তেওঁলোকে হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাৰ সংমিশ্ৰনেৰে এক মিশ্ৰিত ভাষা ব্যৱহাৰ কৰে৷ যি অলপ অচৰপ অসমীয়া ভাষা ব্যৱহাৰ কৰে সেইখিনিতো ভাষাটোৰ শুদ্ধ প্ৰয়োগ দেখা পোৱা নাযায়৷ বাক্যগাঁঠনিত অত্যাধিক সুৰ-লয়ৰ ব্যৱহাৰে নিভাজ শুৱলা অসমীয়া বাক্যক সততে বিকৃত কৰি তুলিছে৷ ইয়াৰ ফলত কেৱল অসমীয়া কথিত ভাষাইযে বিপদাপন্ন হৈছে এনে নহয়, হয়টো সুদূৰ ভৱিষ্যতে অসমীয়া লিখিত সাহিত্যৰ মাজতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে৷
        মিশ্ৰিত ভাষা ব্যৱহাৰে অনুকৰণপ্ৰিয় সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে৷ উদাহৰণস্বৰূপে গুৱাহাটীৰ এফ.এম অনাতাঁৰ কেন্দ্ৰ এটাৰ অনুষ্ঠানত সঘনাই ব্যৱহাৰ হোৱা এটা বাক্য হ’ল – “শুনক শুনাওক লাইফ বনাওক”৷ এই বাক্যটো এটা মিশ্ৰিত ভাষাৰ বাক্য৷ ইয়াৰ অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ নাই৷ লগতে এই প্ৰতিষ্ঠানসমূহৰ বিজ্ঞাপন সমূহতো ইয়াক কোৱাৰ ধৰণেই ব্যৱহাৰ কৰা হয়৷ আনহাতে অসমীয়া সমাজত প্ৰচাৰিত, অসমীয়া সংস্কৃতিৰ বাৰ্তা বাহক এই অনুষ্ঠানবোৰত নিজৰ পৰিচয় দিয়াৰ ক্ষেত্ৰতো ‘হাই’, ‘হেল্লো’ আদি শব্দৰ ব্যৱহাৰ কৰা দেখা যায়৷ একেদৰে এই কথা প্ৰায়েই লক্ষ্য কৰা দেখা যায় যে ঘোষক-ঘোষিকাসকলে কাৰোবাৰ ঘৰলৈ যাবলৈ হ’লে বা কাৰোবালৈ ৰৈ থাকিবলৈ হ’লে ব্যৱহাৰ কৰে “মই এতিয়া খগেন মহন্তৰৰ ঘৰলৈ যায় আছোঁ৷” আৰু “মই তেওঁৰ বাবে ৰখি আছোঁ” এনে ধৰণৰ বাক্য৷ ইয়াত ব্যৱহাৰ কৰা ‘যায়’ আৰু ‘ৰখি’ শব্দ দুটা সম্প্ৰতি সকলো শ্ৰেণী মানুহৰ মাজতে ব্যৱহাৰ হ’বলৈ ধৰিছে৷ সাধাৰণ মানুহৰ মাজত কথিত ভাষাত কি ব্যৱহাৰ হয় সেইটো কোনো গুৰুত্বপূৰ্ণ কথা নহয় যদিও সেই ভাষা যেতিয়া প্ৰচাৰ মাধ্যমত ব্যৱহাৰ কৰা হয় তেতিয়াই ই ভাষালৈ সংকট নমাই অনা বুলিব পাৰি৷ নতুন প্ৰজন্মৰ মাজত বহুলভাৱে প্ৰচাৰিত এফ.এম ৰেডিঅ’ৰ ঘোষক-ঘোষিকাসকলৰ ভাষাৰ ব্যৱহাৰৰ বিষয়ে অনুৰাধা শৰ্মা পূজাৰীয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ উদাহৰণ দাঙি ধৰিছে- “আপুনি কুকিং কৰি ভাল পায়নে? আপোনাৰ স্কুল গয়িং বাচ্ছাটোৰ টিফিন বনাবলৈ টাইম এডজাষ্ট কেনেকৈ কৰে? আমি এতিয়া যায় আছো, গায়িকা দীপালী বৰঠাকুৰৰ ঘৰলৈ, যদিও তেওঁ এতিয়া গান নাগায়, তেওঁৰ পুৰণা গানচব বজাম৷” (সাদিন, ৩০ অক্টোবৰ, ২০০৯, পৃষ্ঠা-১১)৷

সংকট মোচনৰ বিভিন্ন দিশসমূহ:

        আমাৰ গৱেষণা পত্ৰত উল্লেখ কৰা বিভিন্ন সংকটসমূহে অসমীয়া ভাষাৰ আভ্যন্তৰিণ ক্ষেত্ৰত ভাষাটোক ক্ষতি কৰা দেখা গৈছে৷ এই সংকটৰ পৰা অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ হ’লে সংবাদ-পত্ৰৰ পৰা আৰম্ভ কৰি সকলো প্ৰচাৰ মাধ্যমে সতৰ্কতা অৱলম্বন কৰিব লাগিব৷ ভাষাটোক জীয়াই ৰাখিবলৈ কথিত আৰু লিখিত দুয়োটা মাধ্যমতে ভাষাটোৰ শুদ্ধ প্ৰয়োগ অতি প্ৰয়োজনীয় বিষয়৷ সাধাৰণতে কথিত ভাষাৰ শব্দ আৰু লিখিত ভাষাৰ শব্দৰ মাজত কিছু পাৰ্থক্য বা ব্যৱধান ৰাখি চলিলেহে নিভাজ অসমীয়া ভাষাৰ শব্দসমূহ জীয়াই থাকিব বুলি আশা কৰিব পাৰি৷  ইংৰাজী শব্দৰ ব্যৱহাৰৰ প্ৰ্ৰয়োজন নোহোৱা বা ভাব প্ৰকাশৰ বাবে উপযুক্ত অসমীয়া শব্দ থাকিলে তাক ব্যৱহাৰ কৰাৰ প্ৰতি গুৰুত্ব দিলেহে অসমীয়া ভাষাৰ চাহিদা বৃদ্ধি পাব৷ এই প্ৰসঙ্গতে ডঃ গকুল গোস্বামীয়ে মত আগবঢ়াইছে যে, “নিজৰ শব্দৰ ব্যৱহাৰ অটুট ৰাখি আৱশ্যকানুযায়ী আন ভাষাৰ শব্দ গ্ৰহণ কৰিলে, ভাষাৰ মৃত্যু নঘটে বৰং উৎকৰ্ষহে হয়৷... কিন্তু যেতিয়া, বিশেষকৈ লিখিত ভাষাত নিজস্ব শব্দক উঘালি আন ভাষাৰ শব্দক বৰপীৰা পাৰি দিয়া হয়, তেতিয়াই ভাষা মৃত্যুমুখী হয়৷” (গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷
     ইয়াৰ পিছতে সংবাদ মাধ্যমত প্ৰকাশিত বিজ্ঞাপনসমূহৰ ভুল বানান আৰু আশুদ্ধ বাক্যগাঁঠনিসমূহ শুদ্ধৰূপত প্ৰচাৰৰ বাবে বিজ্ঞাপন প্ৰতিষ্ঠানসমূহে চিন্তা কৰা উচিত৷ বাতৰি কাকতত বিজ্ঞাপন দিওঁতা ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী কৰ্তৃপক্ষৰ বিজ্ঞাপনসমূহ প্ৰচাৰ কৰা নকৰাটো সংবাদ পত্ৰ বা অন্যান্য প্ৰচাৰ মাধ্যমসমূহৰ নিজস্ব কথা যদিও এই ক্ষেত্ৰত সংবাদ-পত্ৰসমূহে কিছু ভূমিকা গ্ৰহণ কৰিব পাৰে৷ ভাষাৰ শুদ্ধতাৰ স্বাৰ্থত বিজ্ঞাপনৰ শব্দবোৰ শুদ্ধ কৰাৰ লগতে বিজ্ঞাপনদাতালৈ সেইবোৰ ওভতাই পঠোৱাৰো ব্যৱস্থা কৰিব পাৰে৷
     বৰ্তমান সময়্ত সাংবাদিকতাৰ প্ৰশিক্ষণত সংবাদ সংগ্ৰহৰ বিভিন্ন দিশসমূহ আলোচনা কৰা হয় যদিও ভাষাৰ ব্যৱহাৰৰ দিশটো বিচাৰ কৰা নহয়৷ সঠিক ভাষা প্ৰয়োগৰ বাবে বিভিন্ন ভাষাতত্ত্ববিদৰ জড়িয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা প্ৰয়োজন৷ কাৰণ সাংবাদিক বৃত্তিৰ অতি প্ৰয়োজনীয় দিশটোৱেই হ’ল ভাষা৷ অৰ্থাৎ কোনো এটা বিষয়ক সঠিকভাৱে বুজাব পৰাকৈ কোনো এটা ভাষাৰ অভিধান আৰু ব্যাকৰণৰ জ্ঞান অতি আৱশ্যক৷
 
অসমীয়া ভাষাৰ ভৱিষ্যত:

         অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে সময়ে সময়ে বিভিন্ন চিন্তাবিদে বিভিন্ন মত দাঙি ধৰিছে৷ ভাষা এটাৰ ভৱিষ্যত নিৰ্ভৰ কৰে প্ৰধানত দুটা বিষয়ৰ ওপৰত: (ক) যদি ভাষাটো ব্যৱহাৰ কৰা ব্যক্তিৰ সংখ্যা দিনে দিনে কমি আহে আৰু (খ) যদি ভাষাটোৰ মাজত অধিকভাৱে আন ভাষাৰ শব্দই বৰপীৰা পাৰি বহে৷ সাম্প্ৰতিক অসমীয়া ভাষালৈ লক্ষ্য কৰিলে ওপৰৰ দুয়োটা কাৰণেই কম বেছি পৰিমাণে লক্ষ্য কৰা দেখা যায়৷ ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷ ১৯৯১ চনৰ পৰা ২০০১ চনৰ সময়ছোৱাত অসমৰ প্ৰতি দহ হেজাৰ লোকৰ ভিতৰত অসমীয়াভাষী লোকৰ সংখ্যা ৮৩৭ হ্ৰাস পোৱাৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা ৬২৪ বৃদ্ধি পাইছে৷ এনেদৰে হিন্দীভাষী লোকৰ সংখ্যা ১৩৫, নেপালীভাষী লোকৰ সংখ্যা ২২, উৰিয়াভাষী লোকৰ সংখ্যা ২৫ বৃদ্ধি পাইছে৷ (অসমীয়া প্ৰতিদিন, ৬ জানুৱাৰী ২০০৮)৷
       ওপৰৰ তথ্যৰ পৰা এটা কথা প্ৰতিয়মান হয় যে প্ৰতি বছৰে অসমীয়াভাষী লোকৰ সংখ্যা হ্ৰাস পায় আহিছে৷ যিটো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ বিষয়৷ এনে এক সন্দেহৰ আধাৰতে ২০২০ চনত অসম বাংলাদেশীৰ দখললৈ যাব বুলি জাৰ্মান চৰকাৰৰ সংস্থা ‘জাৰ্মান এডভাইজাৰি কাউন্সিল ফৰ গ্ল’বেল চেঞ্জ’ নামৰ প্ৰতিষ্ঠানটোৱে এক তথ্যভিত্তিক প্ৰতিবেদনো প্ৰকাশ কৰিছে৷
    অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰা আনটো দিশ আলোচনা কৰি চালে দেখা যায় যে সাম্প্ৰতিক অসমীয়া ভাষাৰ মাজত সকলো ক্ষেত্ৰতে ইংৰাজী, হিন্দী আৰু বাংলা ভাষাৰ প্ৰভাৱে থলুৱা অসমীয়া শব্দসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷ এনে সন্দেহৰ আধাৰতে হোমেন বৰগোহাঞে ‘মিচিং আগম কৌবাং’ৰ মুকলি সভাত “ঘাতক ভাষা ৰূপে ইংৰাজীয়ে ক্ষুদ্ৰ ভাষাবোৰক ধ্বংস কৰিব” বুলিও মত প্ৰকাশ কৰে৷ তেওঁৰ মতে “এইটো ধ্ৰুব সত্য যে আৰু এশ বছৰৰ পিছত পৃথিৱীত মাত্ৰ পোন্ধৰটা জীৱন্ত ভাষা ৰূপে চলি থাকিব৷ আনহাতে আৰু ১৫০ টা ভাষা মাত্ৰ জীয়াই থাকিব৷ এই ১৫০ টা ভাষা মাত্ৰ ঘৰুৱা ব্যৱহাৰতে সীমাবদ্ধ থাকিব৷” (আমাৰ অসম, ১৫ নৱেম্বৰ ২০০৯)৷ আমাৰ ওপৰৰ আলোচনাত সাম্প্ৰতিক লিখিত আৰু কথিত প্ৰচাৰ মাধ্যমসমূহে কিদৰে ইংৰাজী ভাষা ব্যৱহাৰ কৰিছে তাৰ এক সম্যক ধাৰণা দিয়া হৈছে৷ ইয়াৰোপৰি দেখা যায যে মধ্যবৃত্ত বেছিভাগ লোক আজিও মাতৃভাষানুৰাগী হৈ উঠিব পৰা নাই৷ শিক্ষাৰ মাধ্যমৰ লগতে ঘৰুৱা ভাব বিনিময়টো বেছিভাগ লোকেই মাতৃভাষা ব্যৱহাৰ নকৰি নিজৰ সন্তানৰ লগত ইংৰাজী ভাষা ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ অসমৰ সাধাৰণ চাহ-তামোলৰ দোকানৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠানসমূহ নামফলক, কাৰ্য্যলয়ৰ জাননী, গোহাৰীপত্ৰ বা চিঠী আদি আজিও অসমীয়া ভাষাত বাধ্যতামূলকভাৱে ব্যৱহাৰ হোৱা নাই৷ এনে বিভিন্ন কাৰণ বিশ্লেষণ কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বিভিন্নজনৰ মনৰ মাজত সন্দেহ জাগ্ৰত নোহোৱাকৈ থকা নাই৷ কিন্তু সকলো সন্দেহৰ মাজতো অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে বহুতো ভাষাবিদে কিছু আশা ব্যঞ্জক মত আগবঢাইছে৷
     ভাষাবিদ ডঃ গোলোক চন্দ্ৰ গোস্বামীৰ মতে “অসমীয়া পৃথিৱীৰ শক্তিশালী ভাষাবোৰৰ অন্যতম৷ এই ভাষাৰ ভৱিষ্যত অতি উজ্জ্বল৷ এই শক্তিশালী ভাষাৰ কোনো দিন মৃত্যু হ’ব নোৱাৰে বা লুপ্ত হ’ব পাৰে বুলি কৰা আশংকাও অমূলক৷” (আমাৰ অসম, ১৬ নৱেম্বৰ ২০০৯)৷ অসমীয়া ভাষাৰ মাজলৈ বিভিন্ন সংকট নামি আহিলেও অসমীয়া ভাষাৰ মৃত্যু হ’ব বুলি একেষাৰে ক’ব নোৱাৰি৷ অসমৰ বিভিন্ন জনগোষ্ঠীসমূহে অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে চিনাকী নিদিলেও এই কথা নিশ্চিত যে, সামাজিক ভাবৰ আদান প্ৰদানৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলে, বড়োসকলে আৰু আন আন জনগোষ্ঠীসমূহে অসমীয়া ভাষাকে ব্যৱহাৰ কৰে৷ শিক্ষা আৰু সংস্থাপনৰ বাবে এই জনগোষ্ঠীয় লোকসকল যিমানেই বাহিৰলৈ ওলাই আহিছে সিমানেই অসমীয়া ভাষা ক’বলৈ আৰম্ভ কৰিছে৷ মুঠৰ ওপৰত বৃহৎ সংখ্যক ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৱে অসমীয়া ভাষাকে যোগাযোগৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে৷ আনহাতে ১.৩১ কোটি অসমীয়াৰ মাজত অসমীয়া ভাষা চিৰদিন জিলিকি থাকিব৷ এক লাখ শব্দৰে হেমকোষৰ পূৰ্ণতা, দুই লাখ অসমীয়া শব্দৰ পূৰ্ণাঙ্গ ‘জাতীয় অভিধান’ৰ সৃষ্টিও অসমীয়া ভাষাৰ উজ্জ্বল ভৱিষ্যতৰ এক সম্ভাৱনাপূৰ্ণ দিশ৷ অসমীয়া ভাষাৰ শব্দক বিশ্বৰ যিকোনো প্ৰান্তত চাব পৰাকৈ ‘শব্দ’ (http://www.xobdo.org/) নামৰ এখন অনলাইন অসমীয়া অভিধানো বৰ্তমান ইণ্টাৰনেটত উপলভ্য হৈছে৷ প্ৰায় ২২০০০ অসমীয়া শব্দৰ ইংৰাজী প্ৰতিশব্দৰ লগতে এই অভিধানখনত অসমীয়া ভাষাৰ অনেক ফকৰা-যোজনাও সংলগ্ন কৰা হৈছে৷ অসমীয়া ভাষাত এখন ইন্টাৰনেট বিশ্বকোষ প্ৰণয়নৰ কাৰণেও ৱিকিপেডিয়া (http://www.as.wikipedia.org/) নামৰ ৱেবচাইটটোৱে অসমীয়া ভাষাত যথেষ্ট কাম হাতত লৈছে৷ সাম্প্ৰতিক সময়ত অসমীয়া আখৰ কম্পিউটাৰত ব্যৱহাৰ কৰিব পৰাকৈ বিভিন্ন প্ৰযুক্তিৰ উদ্ভাৱন কৰা হৈছে৷ মাইক্রছ‌ফ্‌টৰ দৰে ছ‌ফ্‌টৱেৰ কোম্পানিসমূহেও বৰ্তমান অসমীয়া ভাষাক কম্পিউটাৰত ব্যৱহাৰৰ বাবে বিভিন্ন আচঁনী গ্ৰহণ কৰিছে৷ এই ক্ষেত্ৰত মাইক্রছ‌ফ্‌টৰ প্ৰাক্তন পৰিচালক সঞ্চালক বিল গেটছৰ এক সুদূৰ প্ৰসাৰি কাম হ’ল Windows Vista আৰু Windows-7 নামৰ নতুন ‘অপাৰেটিং ছিষ্টেম’ দুটা অসমীয়া ভাষাত অনুবাদ কৰা৷ ইয়াৰ ফলত কম্পিউটাৰ এটাৰ মনিটৰত ভাহি উঠা সকলো আদেশ, বাক্য, শব্দ, সহায় আদি অসমীয়া ভাষাত ব্যৱহাৰ কৰিব পৰা হ’ব৷ ইয়াৰ লগে লগে Nokia-ৰ দৰে ম’বাইল কোম্পানিসমূহেও অসমীয়া ভাষাক ম’বাইল পৰিচালনাত সহায় হ’ব পৰাকৈ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰিছে৷ এই ফালৰ পৰা অসমীয়া ভাষাৰ ভৱিষ্যতকলৈ কোনো ধৰণৰ শংকা বা সন্দেহৰ অৱকাশ নাই৷ কিন্তু এই আস্বাসৰ মাজতো আমি এই কথা পাহৰিলে নহ’ব যে ভাষা এটাৰ সঠিক শুদ্ধ ৰূপটো জীয়াই থাকে লিখিত সাহিত্যৰ মাজেৰেহে৷ সেয়েহে অসমীয়া ভাষাৰ নিভাজ শব্দসমূহক কেৱল অভিধানৰ মাজতে সীমাবদ্ধ নাৰাখি তাক ব্যৱহাৰৰ মাধ্যমেৰেহে অসমীয়া ভাষাক জীয়াই ৰাখিব পৰা হ’ব৷ ইয়াৰ ওপৰতেই অসমীয়া ভাষাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷

উপসংহাৰ:

     আমাৰ গৱেষণা পত্ৰত সংবাদ-পত্ৰ, আলোচনী, ব্যক্তিগত নিউজ চেনেলসমূহ আৰু এফ.এম ৰেডিঅ’ৰ মাধ্যমে অসমীয়া ভাষালৈ নমাই অনা বিভিন্ন সংকটৰ দিশসমূহ আলোচনা কৰাৰ লগতে তাৰ সমাধানৰ দিশসমূহো আলোচনা কৰা হৈছে৷ কিন্তু বাস্তৱিকতে ওপৰোক্ত মাধ্যম কেইটাই অসমীয়া ভাষাৰ সংকটৰ মূল কাৰণ নহয়৷ ইয়াৰ মূল কাৰণ হ’ল ১৯৬০ চনত চৰকাৰী ভাষা আইন গৃহিত হোৱাৰ পিছতো আজিলৈকে অসমত এই আইন চৰকাৰীভাৱে গৃহিত হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নাযায়৷ অসমত অসমীয়া ভাষাৰ বাবে ১৯৪৬ চনৰ পৰা ১৯৭২ (অসমীয়া মাধ্যম আন্দোলন) চনলৈকে যিদৰে সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতৰ আন কোনো ৰাজ্যতে তেনে আন্দোলন গঢ়ি উঠা নাছিল৷ কিন্তু অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে ১৯৬০ চনত ভাষা আন্দোলনৰ গুৰি ধৰা নেতাসকলেই ১৯৮৫ চনত ‘অসম গণ পৰিষদ’ দল গঠন কৰি চৰকাৰ গঠন কৰাৰ পিছতো চৰকাৰী কাৰ্য্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰিব নোৱাৰাটো সচাই পৰিতাপৰ কথা৷ মনকৰিবলগীয়া যে অসমতকৈ তিনি বছৰ পাচত চৰকাৰী ভাষা আইন গৃহিত হোৱা কৰ্ণাটকত চৰকাৰী কাৰ্য্যলয়বোৰত ইংৰাজী মুদ্ৰণ লিখন যন্ত্ৰ আঁতৰাই তাৰ ঠাইত কানাড়া মুদ্ৰণ যন্ত্ৰ দিয়া হয়৷ আনকি কৰ্ণাটকত এতিয়া কানাড়া ভাষা নজনা কোনো ব্যক্তিয়ে চৰকাৰী ভাষাৰ বাবে আৱেদন কৰিব নোৱাৰে৷ একেদৰে মালয়েছিয়া চৰকাৰে দেশখনত মালয় ভাষাটো ভুলকৈ ৰাজহুৱা নামফলক আদিত লিখিলে ১০০০ ৰিংগ্ৰিট অৰ্থাৎ ১২,২০০ টকা পৰ্যন্ত জৰিমনা বিহাৰ কথা বিবেচনা কৰিছে৷ কিন্তু চাৰিওফালে অসমীয়া ভাষাৰ অশুদ্ধ ব্যৱহাৰ হৈ থকাৰ পিছতো অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷ অসমীয়া ভাষাৰ সংকটৰ বিভিন্ন দিশ সময়ে সময়ে বিভিন্ন সংবাদ-পত্ৰ, আলোচনীত আলোচনা কৰি থকাৰ পিছতো আজিলৈকে কাৰ্য্যক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল৷ ১৯৩৭ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশনৰ সভাপতিৰ ভাষণত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে এষাৰ কথা কৈছিল- “আমাৰ ইমান ওচৰতে গাতে লাগি থকা যিবিলাক অসমীয়া ভাষা নজানা মানুহ আছে তেওঁলোকক আমি আকৰ্ষণ কৰি আনিব নোৱাৰিলে তেওঁলোকে নিজে আমাৰ ভাষা, কৃষ্টি-সংস্কৃতি অকলে মন দিব বুলি আশা কৰিব নোৱাৰি৷” কিন্তু বাস্তৱত দেখা গৈছে সৌ সিদিনা স্বায়ত্বশাসন গঠন কৰা বড়ো জনগোষ্ঠীয়ে নিজৰ বি.টি.এ.ডি এলেকাত নিজস্ব বড়ো ভাষাৰে চৰকাৰী কাম-কাজ চলোৱাৰ কথা ভাবিছে৷ অথচ অসমীয়া ভাষা সংখ্যা আৰু মানত ডাঙৰ হৈয়ো নিজৰ চৰকাৰী কাৰ্য্যলয়তে এলাগী হৈ পৰি আছে৷ হয়তো এনেদৰে থাকিলে সুদূৰ ভৱিষ্যতে অসমীয়া ভাষা কেৱল বিদ্যালয়ৰ পাঠ্যপুথিৰ মাজতে আৱদ্ধ হৈ থাকিব৷ সাম্প্ৰতিক সময়ত দূৰদৰ্শনৰ চেনেলসমূহত গ্ৰহণ কৰা সাক্ষাৎকাৰসমূহত দেখা যায় আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষা গ্ৰহণ কৰা বহুতো ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ অসমীয়া ভাষাত এটা বাক্যও সম্পূৰ্ণ কৰিব নোৱাৰে৷ উদাহৰণ স্বৰূপে যোৱা ১৫ জানুৱাৰী ২০১০ চনৰ ‘নিউজ লাইভ’ৰ ৭ বজাৰ বাতৰিত সূৰ্য্য গ্ৰহণৰ বিষয়ে সাংবাদিকে এগৰাকী ছাত্ৰীক সোধাত তেওঁ উত্তৰ দিছিল এনেদৰে “Sunটো আৰু earthটোৰ মাজত moonটো আহি গৈছিল৷” আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ এনে ভাষাই অসমীয়া ভাষাৰ ভৱিষ্যত সংকটৰ আন এক কাৰণ বুলিব পাৰি৷
      যেতিয়ালৈকে অসম সাহিত্য সভাই বৃহত্তৰ অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰিব নোৱাৰে, অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে চৰকাৰী আমোলা, বিষয়াই অসমীয়া ভাষা জনাতো বাধ্যতামূলক কৰিব নোৱাৰে, ইংৰাজী বিদ্যালয়সমূহত জাতীয় ভাষা হিচাপে অসমীয়া ভাষা জনাটো বাধ্যতামূলক কৰিব নোৱাৰে, ৰাজহুৱা প্ৰতিষ্ঠান, দোকান, বেনাৰ, পোষ্টাৰত অসমীয়া ভাষা ভুলকৈ লিখিলে জৰিমনাৰ ব্যৱস্থা কৰিব নোৱাৰে তেতিয়ালৈকে অসমীয়া ভাষা অসমতেই এলাগি হৈ থাকিব আৰু বিভিন্ন সংকটৰ ব্যাধি কঢ়িযাই কঢ়িয়াই কেৱল লিখিত অভিধান, ব্যাকৰণ আৰু কিতাপৰ মাজতেই আৱদ্ধ হৈ পৰিব৷

Wednesday, November 6, 2019

ভবেন বৰুৱা

ভবেন বৰুৱাই ১৯৪১ চনত শিৱসাগৰ জিলাৰ জাঁজীত জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল দেবেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃ কাঞ্চন বালা বৰুৱা।

ভবেন বৰুৱাই ১৯৫৬ চনত কটন কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৮ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই.এ. উত্তীৰ্ণ হোৱাৰ পিছত ১৯৬০ চনত স্কটিছ চাৰ্ছ কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহকাৰে স্নাতক উপাধি লাভ কৰে। তাৰ পিছত তেখেতে এবছৰৰ বাবে যোৰহাটত বিদ্যালয়ৰ শিক্ষকতা কৰে আৰু ডেৰ বছৰ আকাশবাণীদিল্লীৰ বাতৰি বিভাগত কাম কৰে। ইয়াৰ পিছত তেখেতে ১৯৬৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে। শিক্ষা সাং কৰি কিছুসময়ৰ বাবে তেখেতে পাঞ্জাব বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ বক্তা ৰূপে কাম কৰে আৰু ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে । তেখেত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ এডমিনিষ্ট্ৰেচন ষ্টাডি, ছিমলাৰ ফেল' হিচাপেও নিযুক্ত হয়।

ইয়াৰ উপৰি তেখেতে "The Assam Quarterly" আৰু "The Assam Academic Review" (১৯৬৭-১৯৭০), "সংলাপ" (১৯৭১-১৯৭৩) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাৰ গৱেষণা জাৰ্ণালৰো সম্পাদনাৰ দায়িত্ব পালন কৰিছিল


বিদ্যালয়ত পঢ়ি থাকোঁতেই ভবেন বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে আৰু ১৯৫৩ চনত "নতুন পৃথিৱী" নামেৰে তেখেতৰ এখন কাব্য সংকলন প্ৰকাশ পায়

ষাঠীৰ দশকত বৰুৱাৰ কাব্য প্ৰতিভাই পূৰ্ণ ৰূপ পায়। ১৯৭৭ চনত প্ৰকাশ পোৱা "সোণালী জাহাজ" গ্ৰন্থই তেখেতক এজন আগশাৰীৰ অসমীয়া কবি ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন এশটা স্বৰচিত কবিতা আৰু পোন্ধৰটা অনুবাদমূলক কবিতাৰ এক সংকলন। এই গ্ৰন্থৰ বাবে তেখেতে ১৯৭৮ চনত প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটাও লাভ কৰে । মানৱ জীৱন, প্ৰকৃতি, ব্ৰহ্মাণ্ড, কলা আদিৰ সংযোগ আৰু বিচিত্ৰতা এই গ্ৰন্থত প্ৰতীকী ৰূপত অংকন কৰা হৈছে । সামাজিক সচেতনতা প্ৰকাশৰ উপৰিও ইয়াত কবিতাৰ ভাষা আৰু গঠনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে । তেখেতৰ অন্যান্য গ্ৰন্থ হ'ল- 'পোন্ধৰটা কবিতা' (১৯৯৮), 'প্ৰসংগ: বাণীকান্ত' (১৯৯৮), 'প্ৰসংগ: কবিতা' (২০০১), 'ভবেন বৰুৱাৰ কবিতাৰ আবৃত্তি' (২০০১) আদি।

"এজন বহু-আয়তন বিশিষ্ট 'মেজৰ' কবিৰ পৰিচয় বহন কৰা 'সোণালী জাহাজ' আধুনিক অসমীয়া কবিতাৰ জগতত এক অনন্যসাধাৰণ সৃষ্টি।"
--  নীলমণি ফুকন


তেখেতে সাহিত্যৰ বিভিন্ন দিশ যেনে কবিতানাটকউপন্যাসচুটিগল্প আদিৰ ওপৰতো বহু সমালোচনা, পৰ্যালোচনা আৰু বিশ্লেষণাত্মক প্ৰবন্ধ লিখিছে। অসমীয়া ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাঅম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ লগতে আধুনিক কবি নৱকান্ত বৰুৱামহিম বৰাহোমেন বৰগোহাঞিনীলমণি ফুকনহীৰেন ভট্টাচাৰ্য আদিৰ কিছু সাৰ্থক কবিতাৰ সমালোচনাৰে অৱদান আগবঢ়াইছে।

ইয়াৰ উপৰি ভবেন বৰুৱাই বিৰিঞ্চি কুমাৰ বৰুৱাহোমেন বৰগোহাঞি আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ "লভিতা" আৰু [[অৰুণ শৰ্মা]ৰ আধুনিক নাটক, লক্ষ্মীনাথ বেজবৰুৱাভবেন্দ্ৰ নাথ শইকীয়াসৌৰভ কুমাৰ চলিহা আৰু মহিম বৰাৰ চুটিগল্পৰ সমালোচনাত্মক বিশ্লেষণ কৰি গৈছে

সাহিত্য অকাডেমিৰ প্ৰতিনিধিৰূপে তেখেতে ১৯৯০ চনত ইউৰোপত অনুষ্ঠিত হোৱা সাহিত্য সন্মিলনত অংশগ্ৰহণ কৰিছিল।

Tuesday, November 5, 2019

অসমীয়া হাস্য ব্যংগ ৰচনা

অসমীয়া হাস্য ব্যংগ ৰচনা – ড° বসন্ত কুমাৰ ভটাচাৰ্য

অসমীয়া সাহিত্যৰ এটি বিশিষ্ট সংলাপ হ’ল ৰস ৰচনা অথবা ৰম্য ৰচনা। ৰীতি-প্রকৃতিৰ দিশৰ পৰা এইবিধ সাহিত্য নির্মাতিক ব্যক্তি নিষ্ঠ লঘু ৰচনা বা হাস্যব্যংগাত্মক ৰচনাও বুলিব পৰা যায়। অসমীয়া সাহিত্যত এইবিধ ৰচনাৰ উন্মেষ আৰু বিকাশ ঘটিছিল প্রধানতঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। নক’লেও হ’ব যে এইবিধ ৰচনাত কৃতিত্ব অর্জন কৰিবলৈ সমৰ্থ হোৱাৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ বিভূষাৰে ভূষিত কৰা হৈছে।

বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামত ‘জোনাকী’(১৮৮৯) আলোচনীত হাস্যব্যংগাত্মক যিবিলাক প্রবন্ধ ৰচনা কৰিছিল, সিবিলাকৰ এটি সংকলন প্রকাশ পায় ১৯০৪ চনত, সংকলনটোৰ নাম কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। বেজবৰুৱাই জোনাকী’ৰ বাহিৰেও ‘উষা’ আৰু ‘বাঁহী’ আলোচনীতো এনে ধৰণৰ ৰচনা লিখিছিল আৰু সিবিলাকো ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ (১৯০৯), ‘বৰ বৰুৱাৰ বুলনি’(১৯৬৪) শীর্ষক সংকলনত সন্নিবেশিত হৈছে।

উল্লিখিত সংকলন কেইটাৰ বাহিৰেও ‘বেজবৰুৱা গ্রন্থাৱলীত’ ‘ভাৱৰ বুৰবুৰণি’ (দ্বিতীয়খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিক ৰহস্য’, ‘বৰবৰুৱাৰ সামৰণি’ শীর্ষক আন চাৰিটা প্রবন্ধ সংকলন অন্তর্ভুক্ত হৈছে। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে এই কেইটা সংকলনৰ নামকৰণ কৰিছে গ্রন্থাৱলীৰ সম্পাদকেহে। ইংৰাজী সাহিত্যৰ বিখ্যাত লেখক ৰবাৰ্ট লিণ্ড, ষ্টিফেন লিকক, চাৰ্লছ লেম্ব প্রভৃতিৰ ব্যক্তিনিষ্ঠৰম্য ৰচনাৰ আদৰ্শত, প্রধানকৈ বেজবৰুৱাই পোনতে অসমীয়া সাহিত্যত ইয়াৰ উদ্ভৱ আৰু বিকাশ ঘটায় বর্তমান যুগত। সেই কাৰণে, গল্প উপন্যাস আদি অসমীয়া সাহিত্যৰ আন আন বিভাগৰ দৰে ৰসৰচনা বা হাস্য ব্যংগ সাহিত্যকো ইংৰাজী সাহিত্যৰ পঠন-পাঠনৰ ফচল বুলি কোৱা হয়। ৰস ৰা ৰম্যৰচনাৰ বৈশিষ্ট্য সম্পর্কে ড° সত্যেন্দ্র নাথ শৰ্মাই তেওঁৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত লিখিছে, দার্শনিকতাৰ পৰিৱর্তে লঘু মন্তব্য, মহত্ত্ব (Sublimity)ৰ পৰিবৰ্তে ঘৰুৱা ৰসমন পৰিবেশ, যুক্তিৰ ঠাইত অনুভূতি, বিষয়বস্তুৰ গুৰুত্বৰ পৰিৱৰ্তে প্রকাশভংগীৰ অভিনৱত্ব আৰু ব্যক্তি নিৰপেক্ষ তাৰ পৰিৱর্তে একান্ত ব্যক্তি নিষ্ঠতা এই বিধ ৰচনাৰ বিশেষত্ব। সংস্কাৰৰ আদর্শেৰে ৰচিত প্ৰৱল আশাবাদী আৰু জাতীয় চেতনা সম্পন্ন সাহিত্যিক বেজবৰুৱাৰ উল্লিখিত সংকলনকেইটাত সন্নিবিষ্ট ৰচনা সমূহত ৰসৰচনাৰ ওপৰত উল্লেখ কৰা বৈশিষ্ট্য সমূহৰ প্ৰকাশ ঘটিছে।

বেজবৰুৱাৰ পিছতেই প্রবন্ধকাৰ হিচাপে খ্যাতি যশ অর্জন কৰা প্রবন্ধকাৰজন হ’ল সত্যনাথ বৰা। তেওঁ প্ৰদানতঃ চিন্তামূলক প্রবন্ধকাৰ যদিও ১৯২৪ চনত প্রকাশিত ‘কেন্দ্রসভা’ নামৰ পুথিখনত হাস্য আৰু ব্যংগৰ প্ৰয়োগ ঘটিছে আৰু ফলস্বৰূপে পুথিখন ৰসৰচনাত পৰিণত হৈছে। সমাজ-সংস্কাৰৰ আদৰ্শই হ’ল পুথিখনত সন্নিবেশিত ৰচনা সমূহৰ ঘাই উদ্দেশ্য।

বেজবৰুৱা আৰু সত্যনাথ বৰাৰ বাহিৰে তৃতীয় গৰাকী হাস্য ব্যংগ বাৰসৰচনাত আত্মনিয়োজন কৰা লেখক হ’ল হলিৰাম ডেকা । তেওঁৰ দ্বাৰা ৰচিত ‘চিত্রসেন জখৰীয়াৰ আত্ম বিবৃতি’ এখন সার্থক হাস্য-ব্যংগাত্মক পুথি। প্রাক যুদ্ধযুগৰ এই তিনি গৰাকী লেখকৰ বাহিৰে আন কোনো লেখকে এই শ্রেণী ৰচনাৰ প্রতি বিশেষ আগ্রহ দেখুওৱা নাছিল। ফলত ইয়াৰ সৃষ্টি চর্চা সীমিত হৈ থাকিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, ৰসৰচনা তথা হাস্য ব্যংগাত্মক ৰচনাৰ প্ৰতি একাংশ অসমীয়া লেখকৰ আকৰ্ষণ উপজিল। এই ক্ষেত্ৰত, পোনতে যিগৰাকী লেখকৰ নাম ল’বলগীয়া হয়, তেওঁ হ’ল ডাক্তৰ হেমচন্দ্ৰ বৰুৱা। তেওঁ ৰচিত আৰু সমাদৃত হাস্যব্যংগাত্মক পুথি তিনিখন হ’ল- ‘চপনীয়া’, ‘মোৰ ঘৰখন’ আৰু ‘নৱগ্রহ’। ডাক্তৰ বৰুৱা আছিল সমাজ জীৱন সচেতন লেখক। সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি কলম হাতত তুলি লৈছিল। তেওঁৰ ৰচনাত অসমীয়া গাঁৱলীয়া সমাজখনৰ চিত্ৰ সহানুভূতিৰে চিত্রিত হৈছে। উদাৰতা, ৰসিকতা আৰু কৌতুকপ্রিয়তা তেওঁৰ ৰচনাৰ বৈশিষ্ট্য। ব্যংগ-বিদ্রুপৰ প্ৰয়োগ তেওঁৰ ৰচনাত দেখা নাযায়।

ডাক্তৰ হেমবৰুৱাৰ পৰৱৰ্ত্তী লেখক তিলক হাজৰিকাই ‘আড’ (১৯৫৮) আৰু ‘কত কথা’ শীর্ষক পুথি দুখনত সন্নিবেশিত লেখাত হাস্য ব্যংগৰ প্রয়োগ মন কৰিবলগীয়া। হাজৰিকাৰ উল্লিখিত দুয়োখন পুথি পাঠক সমাজৰদ্বাৰা সমাদৃত। হাজৰিকাৰ ৰচনাত সমাজৰ পৰিৱর্তে ব্যক্তিমনৰ চিন্তা-ভাবনাৰ প্রকাশ ঘটিছে। বুদ্ধিনিষ্ঠ হাস্যৰসৰ প্রয়োগ বহুলতা আৰু সংসাৰ-জীৱন বিষয়ক জ্ঞানৰ উল্লিখন বর্ণনে তেওঁৰ একাংশ ৰচনাক আবেদনশীল কৰি তুলিছে। তিলক হাজৰিকাৰ বাহিৰেও তেওঁৰ সমসাময়িক প্রবন্ধকাৰ হেমচন্দ্র শর্মা, কিৰণ শর্মা, ভদ্ৰ বৰা, কীর্তিনাথ হাজৰিকা, দুলাল বৰা, নৱকান্ত বৰুৱা, ললিত বৰা আদিয়ে লঘু ৰচনা সৃষ্টিত উল্লেখযোগ্য ভূমিকা পালন কৰে। হেমচন্দ্র শৰ্মাৰ ‘বাটৰ দুবৰি বন’ আৰু ‘মদাৰ ফুলৰ মালা’ এই দুখন পুথিৰ অন্তর্ভুক্ত লঘু ৰচনা সমূহত সাধাৰণ দৃষ্টিত নগণ্য যেন লগা কেতবোৰ ঘটনা বা পৰিস্থিতিক ৰসোত্তীর্ণ ৰূপত উপস্থাপন কৰা হৈছে। শৰ্মাৰ ৰচনাত ব্যংগ-বিদ্রুপৰ স্থান নাই। সৰল হাস্যৰস সৃষ্টিয়েই হ’ল তেওঁৰ লক্ষ্য। কীর্তিনাথ হাজৰিকাৰ ‘নাৰদৰ ডায়েৰী’ আন এখন উল্লেখযোগ্য ৰসৰচনাৰ পুথি। ১৯৭০ চনত প্রকাশ পোৱা এইখন পুথিত সন্নিবেশিত ৰচনাত সৰল হাস্য ৰস আৰু কৌতুকৰ প্ৰয়োগ চিত্তস্পর্শী। তীব্র ব্যংগৰ প্ৰয়োগ ইয়াত অনুপস্থিত। সেইদৰে, আন এগৰাকী লেখক ভদ্ৰ বৰাৰ ‘মধুৰেণ আৰু অৰ্দ্ধং ত্যজতি’ বোলা পুথি দুখনতো সৰল হাস্যৰস আৰু লঘু ভাবনাৰ সমাবেশ লক্ষ্য কৰিব পাৰি। বৰাৰ ৰচনাতো নাই ব্যংগ-বিদ্রুপাত্মক দৃষ্টি ভংগিৰ নিদর্শন।

কবি নৱকান্ত বৰুৱাৰ ‘ৰমনীয়’ পুথিও চিত্তস্পর্শী আৰু লগতে কৌতুহল উদ্দীপক। পুথিখনৰ অন্তর্ভুক্ত ৰচনা সমূহত হাস্যৰসৰ প্ৰয়োগ নান্দনিক ৰীতিৰে প্ৰাণৱন্ত। কিৰণ শৰ্মা আৰু ললিত বৰা আন দুগৰাকী যশস্বী ৰস ৰচনা লেখক। কিৰণ শৰ্মাৰ ‘কিমিদং ব্যহৃতংময়া’ (১৯৫৮) আৰু ললিত বৰাৰ ‘ৰং বেৰং (১৯৬৯) শীর্ষক পুথি দুখনত লেখক দুগৰাকীৰ সৃষ্টিশীলতাৰ পৰিচয় স্পষ্ট ৰূপত জিলিকি উঠিছে। উভয়ৰে হাস্যৰস নির্দোষ আৰু মুক্ত।

বিংশ শতিকাৰ পঞ্চাশৰ পৰৱৰ্তী দশক কেইটাত ৰসৰচনা অথবা হাস্য ব্যংগাত্মক ৰচনা লিখাত যি কেইগৰাকী লেখকে আত্মনিয়োজন কৰি খ্যাতি অর্জিছে, সেই সকলৰ ভিতৰত পীতাম্বৰ ৰাজমেধি, কুমাৰমধুসুদন, প্রেমনাৰায়ণ, মেমেৰা মেধি, লীলা গগৈ আৰু হীৰেণ গোঁহাইৰ নাম উল্লেখযোগ্য। পীতাম্বৰ ৰাজমেধিৰ ‘টেঙা দৈ’, প্ৰেমনাৰায়ণ দত্তৰ ‘আশীর্বাদ’ আদি কুমাৰ মধু সুদনৰ ‘কিমাশ্চর্যম’ আদি পুথি এই শ্রেণীৰ সাহিত্যৰ উল্লেখযোগ্য নিদর্শন। লীলা গগৈৰ ‘কপলিং ছিগা ৰেল’, ‘বৃকোদৰ বৰুৱাৰ বিয়া’ আদি পুথিত সৰল হাস্যৰসৰ প্ৰকাশ নিঃসন্দেহে অবিস্মৰণীয়। সত্যেন বৰকতকীৰ ‘এচেণ্ডিং কুমজেলেকুৱা’তো সৰল হাস্যৰসৰ উদ্রেক ঘটিছে।।

সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ হিচাপে ৰস ৰচনা বা হাস্য-ব্যংগাত্মক ৰচনাৰ ধাৰাটোৱে অসমীয়া সাহিত্যত শক্তিশালী ভূমিকা পালন কৰিব পৰা নাই। কবিতা, গল্প, নাটক, উপন্যাস আদি সাহিত্যৰ অন্যান্য বিভাগৰ দৰে ৰসৰচনাৰ সৃষ্টি চর্চা নিৰৱচ্ছিন্ন নহয়। সেয়ে, এই শ্রেণী ৰচনাৰ প্ৰতি পাঠকৰ আকৰ্ষণ হ্রাস পাইছে। ইয়াৰ মাজতে, উল্লিখিত লেখকসকলে সাম্প্রতিকলৈকে যিখিনি অৱদান আগবঢ়াইছে, সেইখিনিৰ মূল্য চিৰকাল অটুট থাকিব।

পুনশ্চঃ আমাৰ নতুন প্রজন্মৰ লেখক-লেখিকা সকলে হাস্য-ব্যংগাত্মক বা ৰসৰচনা সৃষ্টিৰ প্রতি আগ্রহ দেখুৱালে, অদূৰ ভবিষ্যতে ইয়াৰ যথোচিত বিকাশ বিস্তাৰ যে ঘটিব, তাত সন্দেহৰ অৱকাশ নাই।

Saturday, November 2, 2019

জ্ঞান পূজাৰীৰ কবিতাত বিপ্লৱী সত্তা ( সংগ্ৰহ )


ৰূপান্তৰৰ মাজেৰেহে সমাজৰ উত্তৰণ সম্ভৱ। তেনে তাড়নাত বশৱৰ্তী হোৱা পৃথিৱীৰ সকলো লেখকৰ সৃষ্টিকৰ্মতে তেওঁলোকৰ বিপ্লৱী সত্তা প্ৰকট হৈ উঠিছে। অসমীয়া কাব্য সাহিত্যতো সামাজিক দায়বদ্ধতাৰ প্ৰতি মোহাবিষ্ট কবিসকলৰ কবিতাত সমাজৰ শোষণ, বঞ্চনা আৰু ৰাষ্ট্ৰযন্ত্ৰৰ নিষ্পেষণৰ বাবেই বিপ্লৱৰ অনুভূতিয়ে কাব্যময় ৰূপ লাভ কৰিছে।অম্বিকাগিৰী ৰায়চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি অজিৎ বৰুৱাৰ দৰে কবিৰ উত্তৰসূৰী জ্ঞান পূজাৰীৰ কবিতাতো বিপন্ন স্বদেশ-স্বজাতিৰ বেদনাত বিপ্লৱানুভূতি উদ্বেলিত হৈ উঠিছে।

‘এজন কবি’

শত সহস্ৰ নিপীড়িত মানুহৰ মুক্তিৰ প্ৰাচীন ইচ্ছাক

ৰক্তস্ৰাৱী সংগ্ৰামৰ ৰূপ দিছিল

নাম

নাম তেওঁৰ মাও ছে টুং

ইয়াত স্বদেশ

চাবুকৰ আঘাতত জৰ্জৰিত স্বদেশ

(মোৰ দেশ মানুহৰ দেশ)

এনেকৈয়ে মাৰ্ক্স, লেনিন,মাওৰ দৃষ্টিভংগীৰে কবি জ্ঞান পূজাৰীয়ে তেওঁৰ কবিতাৰ শব্দবোৰ সুসজ্জিত কৰি গঢ়ি তুলিছে।"দুঃসাহসৰ  সময়"ৰ মাজতে জীৱনৰ সত্যানুসন্ধান কৰা কবিজনে যেতিয়াই স্বদেশ-স্বজাতিৰ দুখ-যন্ত্ৰণাক উপলব্ধি কৰিছে তাতেই স্পন্দিত হৈ উঠিছে তেওঁৰ সংগ্ৰামী আদৰ্শই।

জ্ঞান পূজাৰীৰ কবিতাত যি বিপ্লৱী সত্তা গঢ়লৈ উঠিছে সেয়া সুগভীৰ জীৱনবোধ আৰু সমাজ-বীক্ষাক কেন্দ্ৰ কৰি।কবিৰ কাব্য ধাৰা লক্ষ্য কৰিলে দেখা যায় “দুঃসাহসৰসময়"ৰ পৰা আৰম্ভ কৰি "মেঘমালাৰ ভ্ৰমণ"লৈকে তেওঁৰ কাব্য গ্ৰন্থকেইখনৰ কবিতাসমূহত বিপ্লৱৰ প্ৰাণস্পন্দন অনুভূত হয় যদিও তেওঁ জীৱনৰ আদিছোৱা সময়ৰ কবিতাত সেই স্ফুলিংগ অধিক ৰূপত তিৰবিৰাই উঠিছিল।

এটা পৰিৱৰ্তনশীল সময়ত জন্ম হৈছিল কবি জ্ঞান পূজাৰী।স্বাধীন ভাৰতৰ স্বাধীন শাসন ব্যৱস্থাটোৰ পৰা আঁতৰি স্বাধীনতাৰ প্ৰাককালৰ পৰা গঢ়ি উঠা কমিউনিষ্ট ভাবাদৰ্শই বহুজনক আকৰ্ষিত কৰিছিল।আনহাতে কবি জ্ঞান পূজাৰীয়ে অসমৰ পৰা বিদেশী খেদা আন্দোলনৰ তিক্ততাময় পৰিৱেশৰো সাক্ষী হৈছিল।সেই সময়ছোৱাত স্বদেশ স্বজাতিৰ বাবেই অধিকসংখ্যক মানুহে ৰাজপথ উত্তাল কৰিছিল আৰু এচাম যুৱকে দেশ স্বাধীন কৰাৰ নামত সশস্ত্ৰ বিদ্ৰোহৰ সূচনা কৰিছিল।কিছুসংখ্যক মানৱতাবাদী মানুহে শান্তি, মানৱতাৰ হকে কলম তুলি লৈছিল।এই মানুহবিলাকেই বহু সময়ত আৱেগ প্ৰৱণতাত উটি-ভাহি ফুৰা মানুহৰ দ্বাৰা নিৰ্যাতিত,অপমানিত হৈছিল।এই গণ আন্দোলন প্ৰশমিত কৰিবৰ বাবে চৰকাৰে আইন-কানুন জাপি দি বা অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা অন্য এক সন্ত্ৰাস সৃষ্টি কৰিছিল।

কবি জ্ঞান পূজাৰীয়ে এই সময়ৰ পৰিস্থিতি বিষয়বস্তু সকলোবোৰ কমিউনিষ্ট ভাবাদৰ্শৰ দ্বাৰা বিশ্লেষণ কৰিছে আৰু যৌৱনে ডগমগাই থকা কবি পূজাৰীৰ কবিতাত উদগ্ৰ বিপ্লৱী চেতনাই ঝংকাৰ তুলিছে-

মাতালহিষ্টৰীয়াগ্ৰস্ত চিৎকাৰ দাম্ভিকবিজ্ঞাপনৰ কোলাহল

উদ্ভ্ৰান্ত নগা যাঠি, হে মোৰ নয়নৰ মণি-পানিগ্ৰাহী ৰাজন ৰবীন

অথবা স্নেহলতা, দুহাতেৰে তুলি লোৱা

মোৰ তেজে ধোৱা মন্ত্ৰপূত শৰীৰ দেশৰ

আকণ্ঠ কঁপাই ছিৰাছিৰ কৰা অন্ধকাৰ ক্ৰুদ্ধবিপন্ন ৰজঃস্বলা সময়

তোমালোকৰ

নিনাদিত যৌৱন আৱেগময় কৰি

গৰ্জি উঠা গৰ্জি উঠা

(নাগৰিকৰ প্ৰতি)

সমাজখনৰ পৰা লাভ কৰা তিক্ততাময় অভিজ্ঞতাই কবিক বিপ্লৱী কৰি তুলিছে।স্বজাতিৰ শোষণ,প্ৰৱঞ্চনা, দুখ-যন্ত্ৰণাক কবিয়ে হিয়াৰ উমৰ মাজেদি উপলব্ধি কৰিছে।যন্ত্ৰণাক ছিৰাছিৰ কৰি "নক্ষত্ৰৰ ঠিকনা"বিচৰা কবিয়ে অন্ধকাৰ ভৱিষ্যত দেখি প্ৰায়ে শিহৰিত হৈ পৰিছে-

জিকাৰ খাই উঠোঁ

জিকাৰ খাই উঠোঁ

কাৰ হাতত সঁপি দিলোঁ অসম অসম

মোৰ সোণৰ অসমৰ কণ কণমইনাহঁতক

(নীৰৱ সমস্ত দেশ)

মানুহৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাবোধে কবিক চিন্তাগ্ৰস্ত কৰি তোলে। ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰত সাধাৰণ জনতাৰ জীৱন বিপন্ন হৈ পৰে।ৰাতি দুপৰত চৰকাৰী বেচৰকাৰী বন্দুকধাৰীয়ে দুৱাৰত টোকৰ দিয়ে। সাধাৰণ জনতাৰ জীৱন ভীতিগ্ৰস্ত হয়।নৈৰাজ্যবাদে মানুহক নিৰ্মমভাৱে অসহায় কৰি তোলে।তাৰ জ্বলন্ত ছবিখন কবিয়ে তুলি ধৰিছে "ৰাতি ফুলা ফুল"ৰজৰিয়তে-

কেইজনীমান ভদ্ৰ মহিলা লোদোৰপোদোৰ

চিৰিয়েদি উঠি আহিছিল সিহঁতৰ শাৰীবোৰকঁপি উঠিছিল মঙহাল তপিনাভৰত

কৰঙনেদি উজাই আহিছিল কেইপাচিমানআপেল

 লিগিৰাটোৱে ভাৰ

বৈ আনিছিল পিছে পিছে ধূপ-ধূনা নৈবেদ্যত গদ্গদ্

তাৰ বিয়াগোম মোচকোছা

কবিয়ে যিমানেই গভীৰতাত গৈ জীৱনৰ সন্ধান কৰিছে সিমানেই কবিৰ বিপ্লৱী চেতনাই সাৰ পাই উঠিছে।"কথামালা"কবিতাত শব্দৰে গাঁঠি গৈছে তেওঁৰ আত্মপীড়া।নিৰ্যাতিতা,দুৰ্দশাগ্ৰস্ত নাৰীৰ প্ৰতি বেথাৰ -

কোন বহুৱা মোৰ আৰ্চিৰ হাঁওফাঁওত

ফালি নে মোক মোৰ পৰা

মোৰ স্থিতি মোৰ জাতি মোৰ অজাতি

সাম্প্ৰতিক দুঃসময়ৰ ধ্বংসাত্মক সমাজৰ চিত্ৰখনেই নহয়,প্ৰকৃতি জগতেও কঢ়িয়াই অনা দুৰ্যোগৰ ছবিখনে কবিৰ মনত সৃষ্টি কৰিছে হতাশাবোধ আৰু সেই পংকিলতাৰ মাজত শান্তি বিচাৰি তেওঁ প্ৰেমৰ স্বপ্নময় শীতল ছায়াত আশ্ৰয় লৈছে-

তোমাক লগত লৈ

থৈ যোৱা মোক

থৈ যোৱা মোক

ছাই বৰণীয়া মাটিৰ গন্ধত

কেনেকৈ পাহৰো

তুমি ৰ'দে বৰষুণে 

আহু ধানৰ জিকমিক মাত

(লোহিত মুখৰ শলিতা-১)

সমাজৰ মৃত-প্ৰায় অৱস্থাত মানুহ মৰি মৰি জীয়াই থাকিব লগা হৈছে।ভদ্ৰ মহিলাৰশ্লীলতাহানি,বন্দুকধাৰীৰ ডেমাকি, শিশুৰ চিৎকাৰ আদি শুনি কবিৰ হৃদয় বিদীৰ্ণ হৈ পৰে।যুগ-যন্ত্ৰণাই তেওঁক অনিয়ন্ত্ৰিত কৰি তোলে।শান্তি আৰু মুক্তিৰ পথ বিচাৰি তেওঁ বিপ্লৱী হৈ পৰে-

"মোৰ হাতৰ কুঠাৰতই কেতিয়া খুলিবি

অ’ ৰাতিৰ চৰাই

মোৰ হাতৰ কুঠাৰ

(নিশাৰ চৰাই-১)

আধুনিক সভ্যতাৰ কদৰ্য তাৰ ৰূপ দেখি কবিৰ সংবেদনশীল হৃদয় হাহাকাৰ কৰি উঠে,সেয়া জ্ঞান পূজাৰীৰ কবিতাৰ আঁহে আঁহে জাজ্বল্যমান হৈ উঠিছে।

জনগণৰ প্ৰতি প্ৰেমৰ সুবাস আছে বাবেই কবিজনে বিপ্লৱৰ যোগেদি স্বাধীনতা আনিব বিচাৰে।স্বাধীনতা অনাৰ বাট অতি জটিল।তাৰ বাবে প্ৰয়োজন হয় ঐক্য শক্তি, লাগিব আটাইৰে জাগৃত বিপ্লৱী সত্তা-

ময়ে সেই চণ্ডাল,প্ৰতিটি মৃতদেহৰ ৰখীয়া

শ্মশান বলিয়া

ঘৃণাত মোৰ জ্বলিছে হৃদয়।

উঠা,

উঠা মোৰ বুকুৰ আঙঠাত হাত দিয়া।

(পোহৰে মেলা তাঁত)

স্বাধীনতাকামী কবিৰ মনত ঐতিহ্য চেতনা বোধে ধৰা দিয়ে।শংকৰদেৱ, আদৰ্শৰ ভেঁটিত গঢ়ি উঠা অসমীয়া সভ্যতা-সংস্কৃতিৰ বিপৰ্যয়ৰ ৰূপ কবিৰ বাবে অতি অসহনীয়।দুখ আৰু ক্ষোভত তেওঁ পণবন্দী হয়,"জলবন্দী"হয়-

বন্ধুবৰ্গই লগ পালেই সোধে:

কি কৰিছা আজি কালি -কি কৰিছা

মই কওঁ : পণবন্দী হৈছোঁ

গুৱাহাটীত মাটি?ঘৰ কৰিলা?ঘৰ

ঘৰ

ঘৰ মোৰ আছেই নহয় ।গুহাত ঘৰ

গুহাৰ মূধচ।গুহাৰ চোতাল।

(কবিতা-৩)

আশাই মানুহক উজ্জীৱিত কৰিব পাৰে।স্বাধীনতাৰ আশা-আকাংক্ষাক হতাশাৰ ডাৱৰে ছানি ধৰিলেও বিষাদগ্ৰস্ত পৰিস্থিতিৰ মাজেদিয়েই কবিয়ে সুদিনৰ সম্ভাৱনাময় হেঁপাহক প্ৰসাৰিত কৰে।দুৰ্যোগ আহিবই, তাৰ মাজতে মানৱীয় আদৰ্শক মূৰ্ত কৰি "বৃন্দাবনী বস্ত্ৰ"বৈ থকাৰ আহ্বান জনায় কবিয়ে জনগণক-

         এতিয়া আপোনালোকে তাঁত লগাওক

          খট খটখটখট

          বৃন্দাবনী  বস্ত্ৰ বওক

          আপোনালোকৰ

জ্ঞান পূজাৰীৰ কবিতাত জীৱন, প্ৰেম, মৃত্যু, ঐতিহ্য আদি আটাইবোৰ অগ্ৰসৰ হৈছে বিপ্লৱ চেতনাৰ মাজেৰে।বুদ্ধি পৈণতাৰে  জীৱনৰ গভীৰতালৈ ধাৱিত হোৱা কবিগৰাকীৰ কবিতাই সৃষ্টি কৰিছে পঢ়ুৱৈৰ বাবে এখন নতুন চিন্তাৰ পথাৰ।আনহাতে ভাবৰ গাম্ভীৰ্য, ভাষাৰ বলিষ্ঠ অভিব্যঞ্জনা,অলংকাৰ, ছন্দৰ সাৱলীল প্ৰয়োগে তেওঁৰ কবিতাসমূহক এক অনন্য  ৰূপত উপস্থাপিত কৰিছে।তাতে আছে অনুভূতিৰ সুতীক্ষ্ণ সুঁতি।ফলস্বৰূপে অসমীয়া কাব্য সাহিত্যত জ্ঞান পূজাৰী এক অদ্বিতীয় প্ৰতিভাধৰ ৰূপে উজ্জ্বল হৈ আছে।