Saturday, May 18, 2019

লক্ষ্মীনাথ বেজবৰুৱা

জন্ম : ১৮৬৪ অবিভক্ত  নগাঁও জিলাৰ আঁহতগুৰিত
শিক্ষা : শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ ত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চশিক্ষা গ্ৰহণৰ বাবে কলকাতালৈ যায়

কলকাতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যনৰ পৰা বি.এ. পাছ কৰে । ইংৰাজীত এম.এ আৰু আইন পঢ়ে যদিও সম্পূৰ্ণ নকৰাকৈয়ে এৰে ।

সাহিত্যৰাজি :

কবিতা পুথি :  কদমকলি

চুটিগল্প  : সেউতী প্ৰথম অসমীয়া চুটিগল্প

চুটিগল্প সংকলন সাধু কথাৰ কুঁকি , জোনবিৰি , সুৰভি , কেহোকলি (মৰোণোত্তৰ ভাৱে প্ৰকাশিত)

ধেমেলীয়া নাট  :
লিটিকাই ( জোনাকীত প্ৰকাশিত তেওঁৰ প্ৰথম নাট ) , পাচনি , নোমল , চিকৰপতি-নিকৰপতি

উপন্যাস : পদুম কুঁৱৰী

ঐতিহাসিক নাট : চক্ৰধ্বজ সিংহ , জয়মতী কুঁৱৰী , বেলিমাৰ

হাস্য-ব্যঙ্গ সাহিত্য
কৃপাবৰ বৰুৱাৰ ওভতনি , কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি , বৰবৰুৱা বুলনি , কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা

স্বদেশ প্ৰীতিমূলক কবিতা :
* বীণ আৰু বৰাগী
* অ' মোৰ আপোনাৰ দেশ
* ব্ৰক্ষ্মপুত্ৰ

আত্মজীৱনী মূলক ৰচনা : মোৰ জীৱন সোঁৱৰণ (১৯৪১)

জীৱনীমূলক ৰচনা : দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত (১৯০৯) , শ্ৰী শ্ৰী শংকৰদেৱ (১৯১১) , মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ

অসম সাহিত্যসভাই বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল ।
১৯০৯ চনত বেজবৰুৱাই বাঁহী সম্পাদনা কৰিছিল ।

' মোৰ মাতৃমুখ দৰ্শন ' ত লেখকে উল্লেখ কৰা ' মাজিউ আৰু ‍জ্ঞান :

মোৰ মাতৃমুখ দৰ্শন ত উল্লেখিত মাজিউ  : সুকবি সুবিখ্যাত চাহ খেতিয়ক শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা

জ্ঞান : আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল , উদাৰ হৃদয়
মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট্ লৰ

Friday, May 17, 2019

লক্ষ্মীনাথ বেজবৰুৱাৰ : মোৰ মাতৃমুখ দৰ্শন

' মোৰ মাতৃমুখ দৰ্শন ' ত ' মাতৃ ' শব্দৰ অৰ্থ : নিজ মাতৃভূমি

প্ৰবন্ধটিৰ লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ সুদীৰ্ঘ ডেৰকুৰি বছৰ পিছত মাতৃমুখ দৰ্শন হৈছিল ।

মোৰ মাতৃমুখ দৰ্শন : লক্ষ্মীনাথ বেজবৰুৱা

'মোৰ মাতৃমুখ দৰ্শন ' শীৰ্ষক পাঠটি সংগ্ৰহ কৰা হৈছে -
ড° নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী (প্ৰথম খণ্ড) ৰ পৰা ।

লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বোলাৰ কাৰণ : (hs 17)

উনবিংশ শতিকাৰ শেষ দশকত ' জোনাকী ' আলোচনীৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে । 'জোনাকী ' ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত 'সেউতী ' নামৰ গল্পটোৱেই তেওঁৰ প্ৰথম চুটিগল্প । অসমীয়া পাঠকক চুটিগল্পৰ সোৱাদ দিয়াৰ লগতে এই ধাৰাটোৰ বাট মুকলি কৰে বাবেই বেজবৰুৱাদেৱক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ।

Wednesday, May 15, 2019

মামৰে ধৰা তৰোৱাল : মামণি ৰয়ছম গোস্বামী

মামৰে ধৰা তৰোৱালৰ বিষয় বস্তু :

উত্তৰ প্ৰদেশৰ ৰায়বৰেলী জিলাৰ সাই নদীৰ একুৱাডাক্ট নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিকসকলৰ ধৰ্মঘট এটিক মূল কাহিনীৰূপে চিত্রিত কৰিছে । ইয়াত শ্ৰমিকৰ ধৰ্মঘট, শ্ৰমিক নেতাৰ চৰিত্ৰ আদি সন্নিবিষ্ট আছে ।